
প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ট্ৰেন্সফৰ্মেচন বঁটা ২০২৫ বিজয়ী হোৱাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক প্ৰশংসা কৰে
March 16th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকক ২০২৫ চনৰ ডিজিটেল ট্ৰেন্সফৰ্মেচন বঁটা লাভ কৰাৰ বাবে শলাগ লয়। আৰ বি আইক ইয়াৰ ইন-হাউছ ডেভেলপাৰ দলে বিকশিত কৰা উদ্ভাৱনীমূলক ডিজিটেল পদক্ষেপ ক্ৰমে প্ৰৱাহ আৰু সাৰথীক স্বীকৃতি দি ব্ৰিটেইনৰ লণ্ডনৰ চেণ্ট্ৰেল বেংকিঙে ২০২৫ চনৰ ডিজিটেল ট্ৰেন্সফৰ্মেচন এৱাৰ্ডেৰে সন্মানিত কৰিছে।