মথুৰাত সন্ত মীৰাবাঈৰ ৫২৫ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 23rd, 07:00 pm
প্ৰথমতে, ৰাজস্থানত নিৰ্বাচনী সভাত ব্যস্ত হৈ থকাৰ বাবে ইয়ালৈ অহাত পলম হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ষমা বিচাৰিছো। তাৰ পৰাই পোনে-পোনে আহিছোঁ এই ভক্তিময় পৰিবেশলৈ। মোৰ ব্ৰজধামলৈ অহাৰ সৌভাগ্য হৈছে, আজি ব্ৰজধামবাসীক লগ পাইছো, এইখনেই সেই ভূমি য’ত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ আশীৰ্বাদ থাকিলেহে ভ্ৰমণ কৰিব পাৰি। এয়া কোনো সাধাৰণ ভূমি নহয়। ব্ৰজধাম হৈছে সেই ঠাই, যাৰ সত্তাক বিশ্বজুৰি পূজা কৰা হয়। ব্ৰজৰ প্ৰতিটো উপাদানতে ৰাধা ৰাণীয়ে বাস কৰে আৰু ইয়াত প্ৰতিটো উপাদান কৃষ্ণময়। কেৱল মথুৰা আৰু ব্ৰজধাম ভ্ৰমণৰ সুফল বিশ্বৰ সকলো তীৰ্থযাত্ৰাৰ লাভতকৈ বেছি। আজি পুনৰবাৰ ব্ৰজ ৰাস মহোৎসৱ আৰু সন্ত মীৰা বাঈ জীৰ ৫২৫ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ব্ৰজত আপোনালোকৰ মাজত থকাৰ সুযোগ পাইছো। ব্ৰজৰ ঐশ্বৰিক ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাৰাণীক সম্পূৰ্ণ সমৰ্পণেৰে প্ৰণাম জনাইছো। লগতে মীৰা বাঈ জীৰ চৰণত আৰু ব্ৰজৰ সকলো সাধুক শ্ৰদ্ধাৰে সোঁৱৰিছো। সাংসদ হেমা মালিনী জীকো শুভেচ্ছা জনাইছো।উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাই জন্মোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 23rd, 06:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাইৰ ৫২৫সংখ্যক জয়ন্তী উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সন্ত মীৰাবাইৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী মোদীয়ে স্মাৰক ডাকটিকট আৰু মুদ্ৰা উন্মোচন কৰে। তেওঁ এখন প্ৰদৰ্শনীৰ পৰিদৰ্শন কৰাৰ লগতে আৰু সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে। ইয়াৰ জৰিয়তে সন্ত মীৰাবাইৰ স্মৃতিত বৰ্ষজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়।মিৰাবাই আমাৰ দেশৰ মহিলাসকলৰ বাবে এক প্ৰেৰণা: মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী
October 29th, 11:00 am
মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল। ‘মন কী বাত’ অনুষ্ঠানলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সমগ্ৰ দেশতে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰি থকাৰ সময়ত এই খণ্ডটো সম্প্ৰচাৰ কৰা হৈছে। আগন্তুক উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছো৷‘সন্ত মীৰাবাই’ৰ জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে সকলোলৈকে শুভেচ্ছা জনাইছে
October 28th, 06:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সন্ত মীৰাবাই’ৰ জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে তেওঁক ‘ভগৱান কৃষ্ণৰ অদ্বিতীয় ভক্ত’ বুলি অভিহিত কৰে আৰু কয় যে তেওঁৰ ভজন আৰু দোহাসমূহে প্ৰতিটো পৰিয়ালকে শ্ৰদ্ধা আৰু ভক্তিৰে শোভিত কৰে। তেওঁৰ জীৱন হৈছে সমাজৰ বাবে এক অনুপ্ৰেৰণা।