
লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।দিল্লীত 'জাহাঁ-ই-খুশ্ৰো ২০২৫' কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 28th, 07:31 pm
অনুষ্ঠানত উপস্থিত থকা ড০ কৰণ সিং জী, মুজাফ্ফৰ আলী জী, মীৰা আলী জী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চুফী সংগীত মহোৎসৱ ‘জাহাঁ-ই-খুশ্ৰো ২০২৫’ত অংশগ্ৰহণ কৰে
February 28th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘সুন্দৰ নাৰ্চাৰী’ত অনুষ্ঠিত চুফী সংগীত মহোৎসৱ ‘জাহাঁ-ই-খুশ্ৰো ২০২৫’ত অংশগ্ৰহণ কৰে।ড. পীয়েৰ-ছিলভিয়ান ফিল্লিঅ’জাটৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
December 31st, 02:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড০ পিয়েৰ-ছিলভিয়ান ফিলিঅ’জাটৰ মৃত্যুত শোক প্ৰকাশ কৰি সংস্কৃত অধ্যয়নৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষকৈ সাহিত্য আৰু ব্যাকৰণৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে তেওঁক স্মৰণ কৰা হ’ব বুলি উল্লেখ কৰে।মহাকাশ খণ্ডৰ সংস্কাৰৰ দ্বাৰা দেশৰ যুৱক-যুৱতীসকল লাভৱান হৈছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
August 25th, 11:30 am
বন্ধুসকল, মহাকাশ খণ্ডৰ সংস্কাৰৰ জৰিয়তে দেশৰ যুৱক-যুৱতীসকলো যথেষ্ট উপকৃত হৈছে, গতিকে মই ভাবিলোঁ যে আজি ‘মন কী বাত’ত মহাকাশ খণ্ডৰ সৈতে জড়িত মোৰ কেইজনমান যুৱ বন্ধুৰ সৈতে কথা পাতো৷ মোৰ সৈতে কথা পাতিবলৈ যোগদান কৰিছে স্পেচটেক ষ্টাৰ্ট-আপ গেলেক্সআইৰ দলটো। এই ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিল আইআইটি-মাদ্ৰাজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। এই আটাইকেইজন যুৱক আজি মোৰ লগত ফোন লাইনত সংযোগ হৈছে৷ তেওঁলোক হৈছে সুয়াশ, ডেনিয়েল, ৰক্ষিত, কিষাণ আৰু প্ৰনীত। আহক, এই যুৱকসকলৰ অভিজ্ঞতা সম্পৰ্কে আমি জানো।India- Poland Joint Statement “Establishment of Strategic Partnership”
August 22nd, 08:21 pm
At the invitation of PM Donald Tusk of Poland, PM Narendra Modi paid an official visit to Poland from August 21-22, 2024. The historic visit, came as both nations celebrate the 70th anniversary of their diplomatic relations. Recognizing their long-standing ties, reaffirming the deep-rooted bonds of friendship between their countries and peoples, and commitment to realizing the full potential of their ties, the two leaders decided to elevate India-Poland bilateral relations to the level of a Strategic Partnership.”পোলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিজ্ঞপ্তি
August 22nd, 03:00 pm
মোহনীয়া ৱাৰশ্ব চহৰত উষ্ম আদৰণি, নিখুঁত আতিথ্য আৰু বন্ধুত্বপূৰ্ণ ব্যৱহাৰৰ বাবে প্ৰধানমন্ত্ৰী টাস্কলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি বহুদিন ধৰি ভাৰতৰ এগৰাকী পৰম বন্ধু হৈ আহিছে। ভাৰত আৰু পোলেণ্ডৰ মাজৰ বন্ধুত্ব সুদৃঢ়কৰণত আপুনি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।অষ্ট্ৰিয়াৰ ভিয়েনাত ভাৰতীয় সসমাজক সম্বোধি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 10th, 11:00 pm
তেন্তে মই আৰম্ভ কৰো নে? অষ্ট্ৰিয়াৰ মহামান্য অৰ্থনীতি আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী মহোদয়, প্ৰবাসী ভাৰতীয় সমাজৰ মোৰ বন্ধুসকল, ভাৰতৰ সকলো বন্ধু আৰু শুভাকাংক্ষীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভাৰতীয় সমুদায়ক সম্বোধন কৰে
July 10th, 10:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত প্ৰবাসী ভাৰতীয়ই তেওঁৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতীয় সমুদায়ক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ আগমনত প্ৰবাসী ভাৰতীয় সমুদায়ে তেওঁক অতি উৎসাহ আৰু মৰমেৰে আদৰণি জনায়। অষ্ট্ৰিয়াৰ ফেডাৰেল শ্ৰম আৰু অৰ্থনীতি মন্ত্ৰী মহামহিম শ্ৰী মাৰ্টিন কোচাৰেও এই সামুদায়িক সভাত অংশগ্ৰহণ কৰে।বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত সাংসদ সংস্কৃত প্ৰতিযোগিতাত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:00 am
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কাশী বিদ্বত পৰিষদৰ অধ্যক্ষ অধ্যাপক বশিষ্ঠ ত্ৰিপাঠী জী, কাশী বিশ্বনাথ ন্যাস পৰিষদৰ অধ্যক্ষ অধ্যাপক নগেন্দ্ৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু অন্যান্য জনপ্ৰতিনিধি, সন্মানীয় পণ্ডিত, অংশগ্ৰহণকাৰী বন্ধু-বান্ধৱী, ভদ্ৰ পুৰুষ-মহিলাসকল।বাৰাণসীৰ বিএইচইউৰ স্বতন্ত্ৰ প্ৰেক্ষাগৃহত সংসদ সংস্কৃত প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
February 23rd, 10:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ বিএইচইউৰ স্বতন্ত্ৰ সভাগৰত সংসদ সংস্কৃত প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ কাশী সংসদ প্ৰতিযোগিতাৰ পুস্তিকা আৰু এখন কফি টেবুল কিতাপো উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে কাশী সংসদ জ্ঞান প্ৰতিযোগিতা, কাশী সংসদ ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু কাশী সংসদ সংস্কৃত প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰাৰ লগতে বাৰাণসীৰ সংস্কৃত শিক্ষাৰ্থীসকলক কিতাপ, ইউনিফৰ্ম, বাদ্যযন্ত্ৰ আৰু মেধা বৃত্তি বিতৰণ কৰে।তেওঁ কাশী সংসদ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ গেলেৰীও পৰিদৰ্শন কৰেআৰু অংশগ্ৰহণকাৰীসকলৰ সৈতে সনৱাৰ্টি কাশী বিষয়বস্তুত তেওঁলোকৰ আলোকচিত্ৰ প্ৰবিষ্টিৰ সম্পৰ্কে বাৰ্তালাপ কৰে।‘শ্ৰীল প্ৰভুপাদজী’ৰ ১৫০ সংখ্যক বাৰ্ষিকীত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 08th, 01:00 pm
হৰে কৃষ্ণ! হৰে কৃষ্ণ! হৰে কৃষ্ণ! আজি আপোনালোকে ইয়াত প্ৰৱেশ কৰাৰ লগে লগে ‘ভাৰত মণ্ডপম’ৰ ভব্যতা আৰু অধিক বৃদ্ধি পালে। এই ভৱনটোৰ ধাৰণা ‘ভগৱান বাসৱেশ্বৰ’ৰ ‘অনুভৱ মণ্ডপম’ৰ সৈতে সম্পৰ্কিত। প্ৰাচীন ভাৰতত ‘অনুভৱ মণ্ডপম’ আধ্যাত্মিক আলোচনাৰ কেন্দ্ৰ আছিল। ‘অনুভৱ মণ্ডপম’ জনকল্যাণৰ বাবে অনুভূতি আৰু সংকল্পৰ শক্তিকেন্দ্ৰ আছিল। আজি ‘শ্ৰীল ভক্তিসিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদ’ৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে ‘ভাৰত মণ্ডপম’ত একে ধৰণৰ শক্তিকে দেখিবলৈ পোৱা গৈছে। আমি এইটোও কল্পনা কৰিছিলো যে এই ভৱনটো ভাৰতৰ আধুনিক সামৰ্থ্য আৰু ইয়াৰ প্ৰাচীন মূল্যবোধ দুয়োটাৰ কেন্দ্ৰ হৈ উঠক। মাত্ৰ কেইমাহমান আগতে, ‘জি-২০ সন্মিলন’ৰ জৰিয়তে ইয়াৰ পৰাই নতুন ভাৰতৰ সামৰ্থ্যৰ দৰ্শন হৈছিল। আৰু আজি 'বিশ্ব বৈষ্ণৱ সন্মিলন' অনুষ্ঠিত কৰিবলৈ এই কেন্দ্ৰই ইমান পবিত্ৰ সৌভাগ্য লাভ কৰিছে। আৰু এয়াইতো হৈছে নতুন ভাৰতৰ ছবি... য'ত বিকাশ আছে, আৰু ঐতিহ্যও আছে, দুয়োৰে সঙ্গম সমাৱেশিত হৈছে। য'ত আধুনিকতাক আদৰণি জনোৱা হৈছে, আৰু নিজৰ পৰিচিতিক লৈ গৌৰৱো কৰা হৈছে।শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকীৰ কাৰ্যসূচীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 08th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত শ্ৰীল প্ৰভুপাদজীৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে আচাৰ্য শ্ৰীল প্ৰভুপাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা জনায় আৰু তেওঁৰ সন্মানত এটা স্মাৰক ডাক টিকট আৰু এটা মুদ্ৰা মুকলি কৰে। গৌড়ীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰীল প্ৰভুপাদে বৈষ্ণৱ ধৰ্মৰ মৌলিক ধাৰণাবোৰ সংৰক্ষণ আৰু বিস্তাৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।আই শ্ৰী সোণল মাতাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ
January 13th, 12:00 pm
বৰ্তমানৰ আধ্যাত্মিক নেতা (গাদিপতি) পুজ্য কাঞ্চন মা, আৰু প্ৰশাসক পূজ্য গিৰীশ আপা! আজি পৱিত্ৰ পৌষ মাহত আমি সকলোৱে আই শ্ৰী সোণল মাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছোঁ। মা সোণলৰ আশীৰ্বাদত এই পৱিত্ৰ অনুষ্ঠানটোৰ সৈতে জড়িত হোৱাটো সঁচাকৈয়ে এক সৌভাগ্যৰ বিষয়। সমগ্ৰ চাৰণ সমাজ, প্ৰশাসক আৰু সোণল মাৰ ভক্তসকলক অভিনন্দন জনাইছোঁ। চাৰণ সমাজৰ বাবে শ্ৰদ্ধা, শক্তি আৰু পৰম্পৰাৰ কেন্দ্ৰ হিচাপে মাধড়া ধামে এক বিশেষ স্থান দখল কৰিছে। মই আইৰ চৰণত সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ।PM addresses Aai Shree Sonal Mata’s Birth Centenary Program via video message
January 13th, 11:30 am
PM Modi addressed Sonal Mata's Birth Centenary Program via video message. He said that said, Madhda Dham is the center of reverence, power, rituals and traditions for the Charan community. I bow before the feet of Shree Aai and pay my obeisance. He added that that Bhagwati Swarupa Sonal Maa was a living example of the fact that India has never been devoid of in carnate souls in any era.১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।মধ্য প্ৰদেশৰ চিত্ৰকোটত অনুষ্ঠিত তুলসী পীঠ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপ
October 27th, 03:55 pm
চিত্ৰকূটৰ পবিত্ৰ ভূমিক পুনৰবাৰ প্ৰণাম জনাইছো। মই সৌভাগ্যৱান যে আজি দিনটোৰ ভিতৰত ভগৱান শ্ৰীৰামক বিভিন্ন মন্দিৰত দেখাৰ সুযোগ পালোঁ আৰু লগতে সন্তসকলৰ আশীৰ্বাদো পালোঁ। বিশেষকৈ জগদগুৰু ৰামভদ্ৰাচাৰ্য জীৰ পৰা পোৱা মৰমে মোক অভিভূত কৰিছে। সকলো পূজনীয় সাধু, আজি এই পবিত্ৰ স্থানত জগদগুৰু জীৰ পুথি সমূহ মুকলি কৰাৰ সুযোগ পাই মই অত্যন্ত সুখী। অষ্টাধ্যায়ী ভাষ্য, ৰামানন্দাচাৰ্য চৰিতম, আৰু ভগৱান শ্ৰীকৃষ্ণৰ ৰাষ্ট্ৰলীলা, এই সকলোবোৰ গ্ৰন্থই ভাৰতৰ মহান জ্ঞান পৰম্পৰাক আৰু অধিক সমৃদ্ধ কৰিব। এই গ্ৰন্থবোৰক জগদগুৰু জীৰ আশীৰ্বাদৰ আন এক ৰূপ বুলি গণ্য কৰোঁ। এই গ্ৰন্থসমূহ উন্মোচন হোৱাৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।PM addresses programme at Tulsi Peeth in Chitrakoot, Madhya Pradesh
October 27th, 03:53 pm
PM Modi visited Tulsi Peeth in Chitrakoot and performed pooja and darshan at Kanch Mandir. Addressing the gathering, the Prime Minister expressed gratitude for performing puja and darshan of Shri Ram in multiple shrines and being blessed by saints, especially Jagadguru Rambhadracharya. He also mentioned releasing the three books namely ‘Ashtadhyayi Bhashya’, ‘Rambhadracharya Charitam’ and ‘Bhagwan Shri Krishna ki Rashtraleela’ and said that it will further strengthen the knowledge traditions of India. “I consider these books as a form of Jagadguru’s blessings”, he emphasized.২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 27th, 11:30 am
মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...