বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত সাংসদ সংস্কৃত প্ৰতিযোগিতাত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 23rd, 11:00 am

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কাশী বিদ্বত পৰিষদৰ অধ্যক্ষ অধ্যাপক বশিষ্ঠ ত্ৰিপাঠী জী, কাশী বিশ্বনাথ ন্যাস পৰিষদৰ অধ্যক্ষ অধ্যাপক নগেন্দ্ৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু অন্যান্য জনপ্ৰতিনিধি, সন্মানীয় পণ্ডিত, অংশগ্ৰহণকাৰী বন্ধু-বান্ধৱী, ভদ্ৰ পুৰুষ-মহিলাসকল।

বাৰাণসীৰ বিএইচইউৰ স্বতন্ত্ৰ প্ৰেক্ষাগৃহত সংসদ সংস্কৃত প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ

February 23rd, 10:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ বিএইচইউৰ স্বতন্ত্ৰ সভাগৰত সংসদ সংস্কৃত প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ কাশী সংসদ প্ৰতিযোগিতাৰ পুস্তিকা আৰু এখন কফি টেবুল কিতাপো উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে কাশী সংসদ জ্ঞান প্ৰতিযোগিতা, কাশী সংসদ ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু কাশী সংসদ সংস্কৃত প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰাৰ লগতে বাৰাণসীৰ সংস্কৃত শিক্ষাৰ্থীসকলক কিতাপ, ইউনিফৰ্ম, বাদ্যযন্ত্ৰ আৰু মেধা বৃত্তি বিতৰণ কৰে।তেওঁ কাশী সংসদ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ গেলেৰীও পৰিদৰ্শন কৰেআৰু অংশগ্ৰহণকাৰীসকলৰ সৈতে সনৱাৰ্টি কাশী বিষয়বস্তুত তেওঁলোকৰ আলোকচিত্ৰ প্ৰবিষ্টিৰ সম্পৰ্কে বাৰ্তালাপ কৰে।

পালি সাংসদ খেল মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ

February 03rd, 12:00 pm

পালিত নিজৰ ক্ৰীড়া প্ৰতিভাক উজ্জ্বলভাৱে প্ৰদৰ্শন কৰা সকলো খেলুৱৈলৈ অশেষ অভিনন্দন জনালোঁ। ক্ৰীড়াত কেতিয়াও কোনো পৰাজয় নহয়। ক্ৰীড়াত হয় জয়ী হয় নহয় শিকে। সেয়েহে তাত উপস্থিত থকা সকলো খেলুৱৈৰ লগতে তেওঁলোকৰ প্ৰশিক্ষক আৰু পৰিয়ালৰ সদস্যলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে পালী সাংসদ খেল মহাকুম্ভৰ কাৰ্য্যসূচী সম্বোধন কৰে

February 03rd, 11:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে পালী সাংসদ খেল মহাকুম্ভৰ কাৰ্য্যসূচী সম্বোধন কৰে। সকলো অংশগ্ৰহণকাৰীকে তেওঁলোকৰ উল্লেখযোগ্য ক্ৰীড়া প্ৰতিভা প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ক্ৰীড়াত কেতিয়াও পৰাজয় নাথাকে; হয় আপোনালোক জয়ী হয় নহয় শিকে। সেয়ে কেৱল সকলো খেলুৱৈকে নহয়, তাত উপস্থিত থকা আপোনালোকৰ প্ৰশিক্ষক আৰু পৰিয়ালৰ সদস্যসকললৈয়ো মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।”