‘এছচিঅ’ শীৰ্ষ সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা মন্তব্যৰ ইংৰাজী অনুবাদৰ ভাঙনি

September 16th, 01:30 pm

মহামাৰীৰ পৰৱৰ্তি পৰিস্থিতিত আজি যেতিয়া সমগ্ৰ পৃথিৱীয়েই অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে, সেই মুহূৰ্তত ‘এছচিঅ’-ৰ ভূমিকা অতিকে গৰুত্বপূৰ্ণ হৈ উঠিছে। ‘এছচিঅ’-ৰ সদস্য ৰাষ্ট্ৰসমূহে গোলকীয় ‘জিডিপি’লৈ ৩০%ৰ অৱদান আগবঢ়ায় আৰু পৃথিৱীৰ জনসংখ্যাৰ ৪০%য়ো এই ‘এছচিঅ’ দেশসমূহতে বসবাস কৰে। ‘এছচিঅ’ দেশসমূহৰ মাজত অধিক সহযোগিতা আৰু পাৰস্পৰিক বিশ্বাসক ভাৰতে সমৰ্থন কৰে। মহামাৰী আৰু ইউক্ৰেইনৰ সংকটে সামগ্ৰিক ভাবে গোলকীয় যোগান-শৃংখলত বহু বাধাৰ সৃষ্টি কৰিছে, যাৰ ফলত সমগ্ৰ পৃথিৱীয়েই এক অভুতপূৰ্ব শক্তি তথা খাদ্য সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। ‘এছচিঅ’ই আমাৰ অঞ্চলটোত এক বিশ্বাসযোগ্য, স্থিতিস্থাপকতা সম্পন্ন আৰু বৈচিত্ৰ্যপূৰ্ণ যোগান-শৃংখল গঢ়ি তোলাৰ বাবে প্ৰয়াস কৰিব লাগিব। ইয়াৰ বাবে উন্নত সংযোগ ব্যৱস্থাৰ লগতে আমি পৰস্পৰে পৰস্পৰক সৰবৰাহৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিব লাগিব।

সাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সন্মিনলত অংশগ্ৰহণৰ বাবে সমৰকন্দত উপস্থিত প্ৰধানমন্ত্ৰী

September 15th, 10:01 pm

সাংহাই সহযোগিতা সংগঠন(এছচিঅ’)ৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰিষদৰ ২২তম বৈঠকত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰী শওকত মিৰজিয়োয়েভৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে সন্ধিয়া উজবেকিস্তানৰ সমৰকন্দত উপস্থিত হয়।

উজবেকিস্তান ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰস্থান বিবৃতি

September 15th, 02:15 pm

মই উজবেকিস্তানৰ ৰাষ্ট্ৰপতি সন্মানীয় শ্ৰীযুত শ্বাৱকত মিৰ্জিয়োয়েভৰ আমন্ত্ৰণত চাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ') ৰাষ্ট্ৰপ্ৰধান পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ সমৰকন্দ ভ্ৰমণ কৰিম।