টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় ক্রীড়াবিদসকলৰ সৈতে ভার্চুৱেল বৈঠকত প্রধানমন্ত্রীৰ ভাষণৰ মূল বক্তব্য
July 13th, 05:02 pm
মই আপোনালোকৰ সৈতে কথা পাতিবলৈ পাই খুবেই আনন্দিত। যদিও মই সকলোৰে সৈতে কথা পাতিব পৰা নাই, তথাপি আজি সমগ্র দেশৰ মানুহে আপোনালোকৰ আবেগ আৰু উৎসাহ অনুধাবন কৰিব পাৰিছে। এই বাৰ্তালাপৰ কর্মসূচীত আমাৰ সৈতে উপস্থিত আছে দেশৰ ক্রীড়ামন্ত্রী শ্রী অনুৰাগ ঠাকুৰ। ঠিক একেদৰে আমাৰ বর্তমান আইনমন্ত্রী শ্রী কিৰেন ৰিজিজু’জী, যি কিছুদিন আগলৈকে ক্রীড়ামন্ত্রী হিচাপে আপোনালোকৰ বাবে অনেক কাম কৰিছে। কনিষ্ঠতম ক্রীড়া প্রতিমন্ত্রী শ্রী নিতীশ প্রামাণিক’জী আমাৰ সৈতে আছে। সমস্ত ক্রীড়া সংস্থাৰ প্রধান, তেওঁলোকৰ সদস্য আৰু টকিঅ' অলিম্পিকত অংশ গ্ৰহণ কৰিবলৈ গৈছে আমাৰ সহকর্মী তথা খেলুৱৈৰ পৰিয়ালৰ সদস্যসকল- তেওঁলোকৰ সকলোৰে সৈতে আজি এক ভার্চুৱেল মাধ্যমত আমাৰ কথোপকথন হৈছে। সেয়ে মই আপোনালোক সকলোকে মোৰ দিল্লীৰ ঘৰলৈ আমন্ত্রণ জনাব পৰা হ'লে আৰু ভাল লাগিল হেতেন আৰু মই আপোনালোকৰ সৈতে ব্যক্তিগতভাবে দেখা কৰিব পাৰিলো হেতেন। ইয়াৰ আগতেও মই এই ধৰণৰ কাম কৰিছো। মোৰ বাবে এই ধৰণৰ অনুষ্ঠান খুবেই আনন্দদায়ক। অৱশ্যে এইবাৰ কৰোণাৰ কাৰণে সেয়া সম্ভব হোৱা নাই। তদুপৰি অর্ধেকৰ বেছি খেলুৱৈয়ে ইতিমধ্যেই বিদেশত প্রশিক্ষণ লৈছে। কিন্তু আপোনালোকক প্রতিশ্রুতি দিছো যে, আপোনালোক উভতি আহিলে মই অৱশ্যই দেখা কৰিম। কৰোণা পৰিস্থিতিয়ে অনেক কিছুৰ পৰিৱর্তন ঘটাইছে। অলিম্পিকৰ বছৰো বদলিছে, যেনেকৈ আপোনালোকে প্রস্তুতি চলাইছিল, তাৰো পৰিৱৰ্তন ঘটিছে। অলিম্পিক আৰম্ভ হ'বলৈ এতিয়া আৰু মাত্র ১০ দিন বাকী আছে। আপোনালোকে টকিঅ'ত এক ভিন্ন ধৰণৰ পৰিবেশ দেখিবলৈ পাব।টকিঅ’ অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় খেলুৱৈসকলৰে কৰা প্ৰধানমন্ত্ৰীৰ বৰ্তালাপৰ পাঠ
July 13th, 05:01 pm
প্ৰধানমন্ত্ৰী : দীপিকা জী যোৱাবাৰৰ ‘মন কী বাত’ত মই আপোনাৰ লগতে আপোনাৰ কেবাগৰাকী সতীৰ্থৰ সম্পৰ্কে আলোচনা কৰিছিলো। অলপতে পেৰিছত সোণৰ পদক জয় কৰি আপুনি যি পাৰদৰ্শিতাৰ নিদৰ্শন দেখুৱালে তাৰ পিচততো সমগ্ৰ দেশতে আপোনাৰ বিষয়ে আলোচনা চলিবলৈ ধৰিছে। এতিয়া আপুনি ৰেংকিঙত ‘ৱৰ্ল্ড নাম্বৰ-১’ হৈ গ’ল। মই জানিব পাৰিছো যে আপুনি শৈশৱতে আম পাৰিবলৈ গৈ ফৰ্মুটি মাৰিছিল। সেই তেতিয়াই আমলৈ মৰা ফৰ্মুটিৰে আৰম্ভ হোৱা আপোনাৰ এই যাত্ৰা দৰাচলতেই গুৰুত্বপূৰ্ণ আছিল। আপোনাৰ এই যাত্ৰাৰ বিষয়ে দেশে বহুত কথা জানিব বিচাৰিছে। যদি আপুনি কিছু কথা অৱগত কৰে তেন্তে ভাল লাগিব।টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়
July 13th, 05:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় খেলুৱৈ দলেৰে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰদ্বাৰা এই মত-বিনিময় হৈছে ক্ৰীড়াসমূহত খেলুৱৈসকলৰ অংশগ্ৰহণৰ পূৰ্বে তেওঁলোকক উৎসাহিত কৰাৰ এটি প্ৰচেষ্টা। এই কাৰ্য্যসূচীত যুৱ পৰিক্ৰমা ও ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰ; যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিসিথ প্রামানিক আৰু আইনমন্ত্ৰী শ্ৰী কিৰেন ৰিজিজুৱো উপস্থিত থাকে।