হিমাচল প্ৰদেশৰ লেপচাত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 03:00 pm
ভাৰত মাতৃৰ জয়গানৰ এই প্ৰতিধ্বনি, ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ এই ঘোষণা, এই ঐতিহাসিক ভূমি, আৰু এই পৱিত্ৰ দীপাৱলী উৎসৱ। এইটো এটা আচৰিত সংযোগ, এইটো এটা আচৰিত মিলন। সন্তুষ্টি আৰু আনন্দৰে ভৰা এই মুহূৰ্তটোৱে মোৰ, আপোনালোকৰ লগতে দেশবাসীৰ বাবে দীপাৱলীলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। যেতিয়া মই আপোনালোক সকলোৰে সৈতে, সকলো দেশবাসীৰ সৈতে, সীমান্তৰ পৰা, শেষ গাঁওখনৰ পৰা, যাক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ, তাত নিয়োজিত আমাৰ নিৰাপত্তা বাহিনীৰ বন্ধুসকলৰ সৈতে যেতিয়া দীপাৱলী উদযাপন কৰি আছোঁ, তেতিয়া সকলো দেশবাসীলৈ দীপাৱলীৰ এই শুভেচ্ছাও বহুত বিশেষ হৈ পৰে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা।হিমাচল প্ৰদেশৰ লেপচাত সাহসী জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ
November 12th, 02:31 pm
জোৱানসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী উৎসৱ আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসাৰ প্ৰতিধ্বনিৰ সমন্বয় দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক উজ্জ্বল মুহূৰ্ত। জোৱানসকলৰবাবেই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ,দেশৰ অন্তিমখন গাঁওক বৰ্তমান প্ৰথমখন গাঁও বুলি গণ্য কৰা হৈছে।ভাৰতৰ প্ৰথম আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম কৰিডৰ উদ্বোধন আৰু নমো ভাৰত ৰেলৰ ফ্লেগিং অফ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
October 20th, 04:35 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল, উত্তৰ প্ৰদেশৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী ভাই যোগী আদিত্যনাথ জী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী হৰদীপ সিং পুৰী জী, ভি কে সিং জী, কৌশল কিশোৰ জী, আন সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আৰু মোৰ পৰিয়ালৰ সদস্যসকল।উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰতৰ প্ৰথম আঞ্চলিক দ্ৰুত পৰিবহন ব্যৱস্থা (আৰআৰটিএছ)ৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
October 20th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ চাহিবাবাদ ৰেপিডএক্স ষ্টেচনত দিল্লী-গাজিয়াবাদ-মীৰাট আঞ্চলিক দ্ৰুত পৰিবহন (আৰআৰটিএছ) কৰিডৰৰ মূল শাখাউদ্বোধন কৰে। তেওঁ চাহিবাবাদক দুহাই ডিপোলৈ সংযোগ কৰা নমো ভাৰত ৰেপিডএক্স ৰে'লৰ শুভাৰম্ভ কৰে, যাৰ দ্বাৰা ভাৰতত আৰআৰটিএছ মুকলি কৰা হয়। শ্ৰী মোদীয়ে বেংগালুৰু মেট্ৰ'ৰ পূব-পশ্চিম কৰিডৰৰ দুটা অংশ দেশবাসীক উৎসৰ্গিত কৰে।