কাশী সাংসদ সাংস্কৃতিক মহোৎসৱ, ২০২৩ৰ সামৰণি আৰু বাৰাণসীৰ অটল আৱাসিক বিদ্যালয়ৰ উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 23rd, 08:22 pm
উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, মঞ্চত উপৱিষ্ট সন্মানীয় অতিথিসকল, কাশী সাংসদ সাংস্কৃতিক মহোৎসৱৰ সতীৰ্থ অংশগ্ৰহণকাৰী আৰু ৰুদ্ৰাক্ষ কেন্দ্ৰত উপস্থিত মোৰ মৰমৰ কাশীৰ সতীৰ্থসকল!উত্তৰ প্ৰদেশৰ বাৰাণসীত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰে
September 23rd, 04:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ’ত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১১৫ কোটি টকা ব্যয়েৰে সমগ্ৰ উত্তৰ প্ৰদেশত নিৰ্মিত ১৬খন ‘অটল আৱাসিক বিদ্যালয়’ উদ্বোধন কৰে। শ্ৰী মোদীয়ে কাশী সাংসদ খেল প্ৰতিযোগিতাৰ পঞ্জীয়নৰ বাবে যুগুতোৱা ‘পৰ্টেল’টো মুকলি কৰে। তেওঁ ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ’ৰ বিজয়ীসকলক পুৰস্কাৰসমূহো প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ পূৰ্বে ‘অটল আৱাসিক বিদ্যালয়’ৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপো কৰে।গোৰখপুৰ সাংসদ খেল মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পূৰ্ণ পাঠ
February 16th, 03:15 pm
অনুষ্ঠানৰ আৰম্ভণিতে, মই মহাযোগী গুৰু গোৰখনাথৰ এই পবিত্ৰ ভূমিক নমস্কাৰ জনাইছোঁ। মই 'সাংসদ খেল' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আপোনাসৱ সকলোৱে বহুত কঠোৰ পৰিশ্ৰম কৰিছে। এই প্ৰতিযোগিতাত কিছুমান খেলুৱৈয়ে জিকিছে, আনহাতে আন কিছুমানে পৰাজয়ৰ সন্মুখীন হৈছে। খেলপথাৰেই হওঁক বা দৈনন্দিন জীৱনতেই হওঁক, জয় আৰু পৰাজয় জীৱনৰ অংশ। মই খেলুৱৈসকলক কব বিচাৰিম যে তেওঁলোক যিহেতু এই পৰ্যায়লৈ আহিছে, গতিকে তেওঁলোক পৰাজিত নহয়। আপোনাসৱে বহুত শিকিছে, জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিছে আৰু ই হৈছে বিজয়ৰ আটাইতকৈ ডাঙৰ মূলধন।আপোনাসৱৰ ক্ৰীড়া মনোভাৱে ভৱিষ্যতে আপোনাসৱৰ বাবে জীৱনৰ সফলতাৰ দুৱাৰ কেনেদৰে মুকলি কৰিব সেয়া আপোনাসৱে উপলব্ধি কৰিব।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গোৰখপুৰ সাংসদ খেল মহাকুম্ভত ভাষণ প্ৰধানমন্ত্ৰীৰ
February 16th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গোৰখপুৰ সাংসদ খেল মহাকুম্ভত ভাষণ আগবঢ়ায়৷ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বস্তীত ২য় সাংসদ খেল মহাকুম্ভৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 18th, 04:39 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সতীৰ্থ, আমাৰ ডেকা বন্ধু ভাই হৰিশ দ্বিবেদী জী, বিভিন্ন ক্ৰীড়াৰ খেলুৱৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আন সকলো জনপ্ৰতিনিধি, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী আৰু মোৰ মৰমৰ ভাই-ভনীসকল।বস্তি জিলাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২-২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সাংসদ খেল মহাকুম্ভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
January 18th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বস্তি জিলাত আয়োজিত ২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভৰ দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়াৰ উদ্বোধন কৰিব৷ ২০২১ চনৰ পৰা বস্তি সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে সংসদ খেল মহাকুম্ভ আয়োজন কৰি আহিছে৷ খেল মহাকুম্ভৰ উদ্যোগত বিভিন্ন ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়া প্ৰতিযোগিতা যেনে-মল্লযুঁজ, কাবাডী, খো খো, বাস্কেটবল, ফুটবল, হকী, ভলীবল, হেণ্ডবল, দবা, কেৰম, বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি অনুষ্ঠিত কৰা হয়। এইবোৰৰ উপৰিও খেল মহাকুম্ভত ৰচনা লিখা, চিত্ৰকলা, ৰঙালী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হয়।