‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

November 16th, 10:15 am

১০০ বছৰ আগতে ‘হিন্দুস্তান টাইমছ’-ৰ উন্মোচন পুজ্য বাপুয়ে কৰিছিল... তেওঁ গুজৰাটী ভাষী আছিল, আৰু ১০০ বছৰৰ পিছত আপোনালোকে আন এজন গুজৰাটীক আমন্ত্ৰণ কৰিছে। মই ‘হিন্দুস্তান টাইমছ’ক এই ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ আৰু যিসকলে ১০০ বছৰীয়া যাত্ৰাত এই কাকতৰ সৈতে জড়িত হৈ আহিছে, যিসকলে প্ৰতিপালনৰ কাম কৰিছে, সংগ্ৰাম কৰিছে, সংকটৰ সন্মুখীন হৈছে, কিন্তু অধ্যৱসায় অব্যাহত ৰাখিছে... তেওঁলোক সকলোৱেই আজি অভিনন্দনৰ পাত্ৰ, তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। আপোনালোক সকলোকে, ১০০ বছৰীয়া যাত্ৰা নিতান্তই এক বৃহত্ সাফল্য হয় জাঙৰীয়া। আপোনালোক সকলোৱেই এই সাফল্যৰ বাবে অভিনন্দনৰ পাত্ৰ, আৰু মই আপোনালোকক আগত ভৱিষ্যতৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই যেতিয়া ইয়ালৈ আহিছোঁ, মই পৰিয়ালৰ সদস্যসকলৰেতো মিলিত হৈছোৱেই হৈছোঁ, ইয়াৰ লগতে মই ১০০ বছৰীয়া যাত্ৰাৰ এক সুন্দৰ প্ৰদৰ্শনীও চাবলৈ সুযোগ পাইছোঁ। মই আপোনালোক সকলোক ক'ম যে যদি সময় থাকে, তেন্তে তাত কিছু সময় কটাই নিশ্চয় যাব। এয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, মই কওঁ যে এয়া আক্ষৰিক অৰ্থতে এক অনন্য অভিজ্ঞতাও। এনেকুৱা লাগিছিল যেন আমাৰ চকুৰ আগৰে ১০০ বছৰৰ ইতিহাস পাৰ হৈ গৈছিল। মই সেই দিনবোৰৰ বাতৰি কাকত দেখিছিলোঁ যিবোৰ দেশৰ স্বাধীনতা আৰু সংবিধান গ্ৰহণ কৰাৰ দিনবোৰত মুদ্ৰিত হৈছিল। ‘হিন্দুস্তান টাইমছ’-ৰ বাবে একাধিক প্ৰবীণ ব্যক্তিয়ে লিখিছিল। মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ বাবু, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড০ এম এছ স্বামীনাথন। এইসকল পুৰোধাৰ লিখনিসমূহে আপোনালোকৰ বাতৰি কাকতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সঁচাকৈয়ে আমি এক দীঘলীয়া যাত্ৰাৰ পিছত ইয়াত আহি উপস্থিত হৈছোহি। স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ পৰা স্বাধীনতাৰ পিছত আশাৰ অতল সাগৰৰ লহৰত উপৱিষ্ট হৈ আমি আগবাঢ়িছো। এই যাত্ৰা নিতান্তই অভূতপূৰ্ব, ই আশ্চৰ্যজনকো। ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰৰ অধিগ্ৰহণৰ পিছত মই আপোনালোকৰ কাকতৰ বাতৰিত সেই উৎসাহ অনুভৱ কৰিছিলোঁ যি প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উদ্বেলিত হৈছিল। অৱশ্যে, সেইটো মুহূৰ্ততে মই এইটোও উপলব্ধি কৰিছিলোঁ কেনেকৈ সিদ্ধান্তহীনতাৰ পৰিস্থিতিয়ে কাশ্মীৰক সাত দশক ধৰি হিংসাই আৱৰি ধৰিছিল। আজি আপোনালোকৰ কাকতখনে জম্মু আৰু কাশ্মীৰত অভিলেখ হাৰত হোৱা ভোটদানৰ দৰে বাতৰি প্ৰকাশ কৰিছে, এয়া হৈছে এক বৈপৰিত্য। এফালে বাতৰি কাকতৰ ছপা, এক প্ৰকাৰে সকলোৰে চকু তালৈ যাবই, আপোনালোকৰ দৃষ্টি ৰৈ যাব। ইয়াৰ এফালে অসমক অশান্ত অঞ্চল ঘোষণা কৰাৰ খবৰ ওলাইছিল যদি আনফালে অটলজীয়ে বিজেপিৰ ভেটি স্থাপন কৰাৰ খবৰ ওলাইছিল। আৰু কি সুখৰ সংযোগ যে বিজেপিয়ে আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।

নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

November 16th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ত ভাষণ প্ৰদান কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ১০০ বছৰ পূৰ্বে মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা হিন্দুস্তান টাইমছৰ বিষয়ে আলোকপাত কৰি কাকতখনক শতিকাজোৰা অনবদ্য যাত্ৰাৰ বাবে অভিনন্দন জনায়। লগতে প্ৰকাশন প্ৰতিষ্ঠানটোৰ সমগ্ৰ ইতিহাসৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। সভাস্থলীত হিন্দুস্তান টাইমছৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ পিছত শ্ৰী মোদীয়ে ই এক অপ্ৰতীম অভিজ্ঞতা বুলি অভিহিত কৰি সকলো প্ৰতিনিধিকে সময় উলিয়াই ইয়াক অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে প্ৰদৰ্শনীখন ভ্ৰমণৰ সময়ত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ আৰু সংবিধান প্ৰণয়নৰ সময়ৰ পুৰণি বাতৰি কাকত দেখা পাইছিল। তেওঁ স্বীকাৰ কৰে যে মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ চন্দ্ৰ বসু, ড° শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড° এম এছ স্বামীনাথনকে ধৰি বহু প্ৰভাৱশালী নেতাই হিন্দুস্তান টাইমছত প্ৰবন্ধ লিখিছিল। স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতাৰ পিছৰ সময়খিনিক সামৰি লোৱা কাকতখনৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে চিন্তা-চৰ্চা কৰি ইয়াক সঁচাকৈয়ে অসাধাৰণ আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ কথা পঢ়ি এজন যুৱ নাগৰিক হিচাপে অনুভৱ কৰা উত্তেজনাৰ কথাও মনত পেলাইছিল। অৱশ্যে তেওঁ এইটোও লক্ষ্য কৰিছিল যে কেনেকৈ, সেই মুহূৰ্তত, তেওঁ উপলব্ধি কৰিছিল যে কিদৰে সাত দশক ধৰি অতীতৰ অনিশ্চয়তাই কাশ্মীৰক হিংসাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। তেওঁ আশাবাদ প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে আজি জম্মু-কাশ্মীৰৰ নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ খবৰ নিয়মীয়াকৈ প্ৰকাশ পাইছে, যিটো অগ্ৰগতি আৰু পৰিৱৰ্তনৰ লক্ষণ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্মুখীন হোৱা এটা বিশেষ বাতৰি কাকতৰ সংখ্যাৰ কথাও উল্লেখ কৰে, য’ত এফালে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ আছিল, আনফালে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি স্থাপন কৰা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিবেদন আছিল। আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত বিজেপিয়ে মূল ভূমিকা পালন কৰি অহা সুন্দৰ কাকতালীয় দিশৰ ওপৰতো তেওঁ মন্তব্য কৰে।

ফলাফলৰ তালিকা: মালদ্বীপ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰ চৰকাৰী ভ্ৰমণ (০৬ অক্টোবৰ –১০ অক্টোবৰ, ২০২৪)

October 07th, 03:40 pm

ভাৰত-মালদ্বীপৰ গ্ৰহণ: ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী গ্ৰহণ।

ভাৰত আৰু মালদ্বীপ : ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী

October 07th, 02:39 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ মুইজ্জুৱে ২০২৪ চনৰ ৭ অক্টোবৰত মিলিত হয়। দুয়োগৰাকী নেতাই দেশ দুখনৰ ঐতিহাসিক ঘনিষ্ঠতা আৰু বিশেষ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ বিষয়ে ব্যাপক পৰ্যালোচনা কৰে। এই সম্পৰ্কই দুয়োখন দেশৰ জনসাধাৰণৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম মহম্মদ মুইজ্জুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা যুটীয়া প্ৰেছ বিবৃতিৰ পাঠ

October 07th, 12:25 pm

মই ৰাষ্ট্ৰপতি মুইজ্জু আৰু তেওঁৰ প্ৰতিনিধিদললৈ উষ্ম আদৰণি জনাই আৰম্ভ কৰিব খুজিছোঁ।

২৯ ফেব্ৰুৱাৰীত মৰিচাছৰ আগালেগা দ্বীপত নতুন এয়াৰষ্ট্ৰিপ আৰু এখন জেটী যৌথভাৱে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জুগনাউথে

February 27th, 06:42 pm

২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত দুপৰীয়া ১ বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰবিন্দ জুগনৌথে যৌথভাৱে মৰিচাছৰ আগালেগা দ্বীপত ছটা সামূহিক উন্নয়ন প্ৰকল্পৰ সমান্তৰালভাৱে নতুন এয়াৰষ্ট্ৰিপ আৰু ছেইণ্ট জেমছ জেটী উদ্বোধন কৰিব কনফাৰেন্সিং।

‘ইউএই’-ৰ আবু ধাবিত ‘আহলান মোদী’ অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

February 13th, 11:19 pm

আপোনালোকে আবু ধাবিত আজি এক নতুন ইতিহাস ৰচনা কৰিলে। আপোনালোক ‘ইউএই’-ৰ প্ৰতিটো কোণৰ পৰা আহিছে আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰাও আহিছে, কিন্তু সকলোৰে সৈতে সকলোৰে হৃদয় সংযুক্ত হৈ আছে। এইখন ঐতিহাসিক ষ্টেডিয়ামৰ প্ৰতিটো স্পন্দনs কৈছে– ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো উশাহে কৈ আছে- ‘ভাৰত-ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! প্ৰতিটো কণ্ঠই কৈছে ‘ভাৰত- ইউএই-ৰ বন্ধুত্ব দীৰ্ঘজীৱী হওক’! আৰুনো কি লাগিছে... এইটো মুহূৰ্ত হৃদয়ংগম কৰক... হেঁপাহ পলুৱাই অনুভৱ কৰক। আজি আপোনালোকে স্মৃতিৰ প্ৰতিটো মুহূৰ্ত হৃদয়ত সঞ্চিত কৰি লওক, যিবোৰ স্মৃতি আপোনালোকৰ সৈতে আজীৱন ৰৈ যাব। যিবোৰ স্মৃতি মোৰ সৈতেও সমগ্ৰ জীৱন থাকি যাব।

ইউনাইটেড আৰব এমিৰেটত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম - "আহলান মোদী"ত প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

February 13th, 08:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমীৰশ্বাহীত তেওঁৰ সন্মানত আয়োজিত ভাৰতীয় সমুদায়ৰ কাৰ্যক্ৰম ‘আহলান মোদী’ অনুষ্ঠানত ভাষণ দিয়ে। এই অনুষ্ঠানত ৭খন আমীৰাটৰ পৰা ভাৰতীয় প্ৰবাসী লোকে অংশগ্ৰহণ কৰে আৰু ইয়াত সকলো সম্প্ৰদায়ৰ ভাৰতীয় লোকে অংশগ্ৰহণ কৰে। দৰ্শকৰ মাজত আমীৰাটীসকলো অন্তৰ্ভুক্ত আছিল।

Prime Minister’s meeting with President of the UAE

February 13th, 05:33 pm

Prime Minister Narendra Modi arrived in Abu Dhabi on an official visit to the UAE. In a special and warm gesture, he was received at the airport by the President of the UAE His Highness Sheikh Mohamed bin Zayed Al Nahyan, and thereafter, accorded a ceremonial welcome. The two leaders held one-on-one and delegation level talks. They reviewed the bilateral partnership and discussed new areas of cooperation.

শ্ৰীলংকা আৰু মৰিচাছত ইউপিআই সেৱা আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

February 12th, 01:30 pm

মহামহিম ৰাষ্ট্ৰপতি ৰনীল ৱিক্ৰমসিংহ ডাঙৰীয়া, মহামহিম প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগন্নাথ ডাঙৰীয়া, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ ডাঙৰীয়া, শ্ৰীলংকা, মৰিচাছ আৰু ভাৰতৰ চেণ্ট্ৰেল বেংকৰ গৱৰ্ণৰসকল আৰু এই উল্লেখযোগ্য অনুষ্ঠানৰ সকলো সন্মানীয় অংশগ্ৰহণকাৰী!

প্ৰধানমন্ত্ৰীয়ে মৰিছাছৰ প্ৰধানমন্ত্ৰী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথভাৱে ইউপিআই সেৱা শুভাৰম্ভ কৰে

February 12th, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তেশ্ৰীলংকাৰ ৰাষ্ট্ৰপতি শ্ৰী ৰনিল বিক্রমসিংহ আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী শ্ৰীপ্রবিন্দ জগন্নাথৰ সৈতে যৌথভাৱে শ্ৰীলংকা আৰু মৰিছাছত ইউনিফাইড পেমেন্ট ইন্টাৰফেচ (UPI) সেৱাৰলগতে মৰিছাছত ৰুপেকাৰ্ড সেৱাৰ শুভাৰম্ভণি কৰে।

শ্ৰীলংকা আৰু মৰিচাছত ইউপিআই সেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰমসিংহে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথ উপস্থিত থাকিব

February 11th, 03:13 pm

শ্ৰীলংকা আৰু মৰিচাছত ইউপিআই সেৱাৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল ৱিক্ৰমসিংহে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথ উপস্থিত থাকিব। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ১২ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে দুপৰীয়া ১ বজাত ইউপিআই সেৱা আৰম্ভ কৰাৰ কাৰ্যসূচী আয়োজন কৰা হ’ব। এই সময়ছোৱাত মৰিচাছত ৰূপে কাৰ্ড সেৱাও আৰম্ভ কৰা হ’ব।

নতুন দিল্লীত অনুষ্ঠিত ২১ সংখ্যক হিন্দুস্তান টাইমছ নেতৃত্ব সন্মিলন ২০২৩ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

November 04th, 07:30 pm

প্ৰথমেই আপোনালোক সকলোৰে ওচৰত ক্ষমা খুজিব বিচাৰিছো কাৰণ মই নিৰ্বাচনী সভাত আছিলো, গতিকে তাৰ পৰা উভতি অহাত কিছু পলম হৈছিল। কিন্তু বিমানবন্দৰৰ পৰা পোনে পোনে আপোনাৰ ওচৰ পালোঁহি।

হিন্দুস্তান টাইমছ লিডাৰ্ছশ্বিপ ছামিট, ২০২৩ত ভাষণ প্ৰধানমন্ত্ৰীৰ

November 04th, 07:00 pm

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে হিন্দুস্থান টাইমছ গ্ৰুপে তেওঁক হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট, ২০২৩লৈ আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে এই লিডাৰশ্বিপ ছামিটৰ বিষয়বস্তুৰ সৈতে ভাৰতৰ আগুৱাই যোৱাৰ বাৰ্তা হিন্দুস্থান টাইমছ গ্ৰুপে সদায় কেনেদৰে প্ৰেৰণ কৰিছে সেই বিষয়ে আলোকপাত কৰে। ২০১৪ চনত বৰ্তমানৰ চৰকাৰখন ক্ষমতালৈ অহাৰ সময়ত এই সন্মিলনৰ বিষয়বস্তু ‘ভাৰতক পুনৰ গঢ় দিয়া’ৰ কথা স্মৰণ কৰি তেওঁ কয় যে গোটটোৱে পশ্চাদদৃষ্টি লাভ কৰিছিল যে এই উল্লেখযোগ্য পৰিৱৰ্তন আহি আছে আৰু ভাৰতক পুনৰ গঢ় দিয়া হ’ব। তেওঁ লগতে স্মৰণ কৰে যে যেতিয়া ২০১৯ চনত আৰু অধিক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰি বৰ্তমানৰ চৰকাৰখন পুনৰ কাৰ্যকৰী কৰা হৈছিল তেতিয়া ‘এক উন্নত ভৱিষ্যতৰ বাবে কথোপকথন’ শীৰ্ষক বিষয়বস্তুটো দিয়া হৈছিল। এতিয়া ২০২৩ চনত যেতিয়া সাধাৰণ নির্বাচনৰ সময় সমাগত হৈছে, তেতিয়া শ্রী মোদীয়ে সন্মিলনৰ বিষয়বস্তু ‘বাধা অতিক্ৰম’ আৰু আগন্তুক সাধাৰণ নির্বাচনত বর্তমান চৰকাৰে সকলো অভিলেখ ভংগ কৰি বিজয়ী হৈ ওলাই আহিব বুলি প্রকাশ কৰা অন্তর্নিহিত বার্তাক আলোকপাত কৰে৷ “২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল যিকোনো বাধাৰ ঊৰ্ধ্বত হ’ব”, শ্ৰী মোদীয়ে কয়।

১৭ তম ভাৰতীয় সমবায় কংগ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

July 01st, 11:05 am

মোৰ কেবিনেট সহযোগী শ্ৰীযুত অমিত শ্বাহ, ৰাষ্ট্ৰীয় সমবায় সংঘৰ সভাপতি শ্ৰীযুত দিলীপ সংঘানি, ড° চন্দ্ৰপাল সিং যাদৱ, দেশৰ প্ৰতিটো কোণৰ পৰা অহা সমবায় সংঘৰ সকলো সদস্য, আমাৰ কৃষক ভাই-ভনী, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলাসকল! সপ্তদশ ভাৰতীয় সমবায় সন্মিলনলৈ আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন! এই সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো আৰু অভিবাদন জনাইছো।

নতুন দিল্লীত সপ্তদশ ভাৰতীয় সমবায় কংগ্ৰেছত প্ৰধানমন্ত্ৰীৰ ভাষণ

July 01st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱস উপলক্ষে নতুন দিল্লীৰ প্ৰগতি ময়দানত সপ্তদশ ভাৰতীয় সমবায় কংগ্ৰেছত ভাষণ আগবঢ়ায়। এই কংগ্ৰেছৰ বিষয়বস্তু হৈছে ‘অমৃতকাল: সমবায়ৰ জৰিয়তে সমৃদ্ধি এটা সজীৱ ভাৰতৰ বাবে’। শ্ৰী মোদীয়ে সমবায় বিপণনৰ বাবে ই-কমাৰ্চ ৱেবছাইটৰ ই-পৰ্টেল আৰু সমবায় সম্প্ৰসাৰণ আৰু পৰামৰ্শদাতা সেৱা পৰ্টেল মুকলি কৰে।

বিত্তীয় খণ্ডৰ ওপৰত পোষ্ট বাজেট ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ পাঠৰ অসমীয়া ৰূপান্তৰ

March 07th, 10:14 am

পোষ্ট বাজেট ৱেবিনাৰৰ জৰিয়তে, চৰকাৰে বাজেট ৰূপায়ণত সামূহিক মালিকীস্বত্ব আৰু সমান অংশীদাৰিত্বৰ এক শক্তিশালী পথ নিৰ্ধাৰণ কৰি আছে। এই ৱেবিনাৰত আপোনাৰ মতামত আৰু পৰামৰ্শবোৰ যথেষ্ট গুৰুত্বপূৰ্ণ। মই আপোনালোক সকলোকে এই ৱেবিনাৰলৈ স্বাগতম জনাইছো।

‘বিকাশৰ সুযোগ সৃষ্টিৰ বাবে বিত্তীয় সেৱাৰ দক্ষতা বৃদ্ধি’ শীৰ্ষক বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণ

March 07th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিকাশৰ সুযোগ সৃষ্টিৰ বাবে বিত্তীয় সেৱাৰ দক্ষতা বৃদ্ধি’ বিষয়ক বাজেটোত্তৰ ৱেবিনাৰত ভাষণ আগবঢ়ায়। ২০২৩ৰ কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা পদক্ষেপসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণৰ বাবে ধাৰণা আৰু পৰামৰ্শ বিচাৰি চৰকাৰে আয়োজন কৰা ১২খন ৱেবিনাৰৰ এই দশমখন ধাৰাবাহিক ৱেবিনাৰ।

কেন্দ্ৰীয় কেবিনেটে ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ ভীম-ইউপিআই লেনদেনৰ প্ৰচাৰৰ বাবে ইনচেণ্টিভ আঁচনিত অনুমোদন জনাইছে

January 11th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা এবছৰৰ বাবে ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ ভীম-ইউপিআই লেনদেনৰ (ব্যৱসায়ীৰ পৰা ব্যক্তি) প্ৰচাৰৰ বাবে প্ৰেৰণামূলক আঁচনিত অনুমোদন জনাইছে।

৭৫ খন জিলাত ৭৫ টা ডিজিটেল বেংকিং ইউনিট দেশবাসীলৈ উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

October 16th, 03:31 pm

৭৫ টা ডিজিটেল বেংকিং ইউনিট মুকলি কৰাৰ উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জনাইছো। আজি দেশখনে আকৌ এবাৰ ডিজিটেল ইণ্ডিয়াৰ সম্ভাৱনা প্ৰত্যক্ষ কৰিছে। আজি দেশৰ ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংকিং ইউনিটৰ জন্ম হৈছে । মই এই অভিযানৰ সৈতে জড়িত সকলোকে, আমাৰ বেংকিং খণ্ডক, আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকক অভিনন্দন জনাইছো।