অন্তৱৰ্তীকালীন বাজেট ২০২৪ সন্দৰ্ভত ওপৰত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া ৰূপান্তৰ
February 01st, 02:07 pm
আজিৰ বাজেট যদিও অন্তৱৰ্তীকালীন বাজেট, তথাপি ই সৰ্বাংগীন আৰু উদ্ভাৱনীমূলক। এই বাজেটে ধাৰাবাহিকতাৰ আস্থা কঢ়িয়াই আনিছে। এই বাজেটে ‘বিকশিত ভাৰত’ৰ চাৰিওটা স্তম্ভ ক্ৰমে যুৱক-যুৱতী, দৰিদ্ৰ, মহিলা, আৰু কৃষকক শক্তিশালী কৰিব।। নিৰ্মলা জীৰ বাজেট দেশৰ ভৱিষ্যত গঢ়াৰ বাজেট। এই বাজেটত ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ ভেটি সুদৃঢ় কৰাৰ নিশ্চয়তা আছে। নিৰ্মলা জী আৰু তেওঁৰ দলটোক মই আন্তৰিকতাৰে অভিনন্দন জনাইছো।Budget is not merely an interim budget but an inclusive and innovative budget: PM
February 01st, 12:36 pm
PM Modi hailed the Budget presented as “not merely an interim budget but an inclusive and innovative budget. He said that this budget is a reflection of the aspirations of Young India. He highlighted two significant decisions taken in the budget, stating, A fund of Rs. 1 lakh crore has been announced for research and innovation. Additionally, he highlighted the extension of tax exemptions for startups in the budget.স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ গ্ৰাণ্ড ফাইনেলৰ অংশগ্ৰহণকাৰীৰ সৈতে এক বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
December 19th, 11:32 pm
একবিংশ শতিকাৰ ভাৰত আজি জয় জোৱান, জয় কিষাণ, জয় জ্ঞান আৰু জয় অনুসন্ধান মন্ত্ৰত আগবাঢ়িছে। একো হ’বই নোৱাৰে, এইটো সলনি হ’বই নোৱাৰে, এই চিন্তাৰ পৰা এতিয়া প্ৰতিজন ভাৰতীয় ওলাই আহিছে। এই নতুন চিন্তাৰ বাবেই যোৱা ১০ বছৰত ভাৰত দশম স্থানৰ পৰা ৫ম স্থানৰ অৰ্থনীতিত পৰিণত হৈছে। আজি ভাৰতৰ ইউ পি আইৰ ডংকা সমগ্ৰ বিশ্বতে শুনা গৈছে। কৰোণা মহাসংকটৰ সময়ত ভাৰতে মেড ইন ইণ্ডিয়া ভেকচিন তৈয়াৰ কৰিছিল। ভাৰতে নিজৰ নাগৰিকক বিনামূলীয়াকৈ টিকাকৰণৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ কৰে আৰু বিশ্বৰ কেইবা ডজন দেশক ভেকচিন প্ৰদান কৰে।স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৩ৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 19th, 09:30 pm
কয়লা মন্ত্ৰালয়ৰ পৰিবহণ আৰু লজিষ্টিক বিষয়ত কাম কৰা কৰ্ণাটকৰ মহীচুৰুৰ ৰাষ্ট্ৰীয় অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ শ্ৰী সোইকত দাস আৰু প্ৰতীক সাহাৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে ৰে’লৱেৰ মালবাহী সামগ্ৰীৰ বাবে আইঅটিভিত্তিক ব্যৱস্থা নিৰ্মাণ কৰি আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক কয় যে হেকাথন তেওঁৰ বাবেও এক শিক্ষণৰ সুযোগ আৰু তেওঁ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিবলৈ সদায় আগ্ৰহী। অংশগ্ৰহণকাৰীসকলৰ উজ্বল মুখখনলৈ চাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ উৎসাহ, ইচ্ছাশক্তি আৰু দেশ গঢ় দিয়াৰ আকাংক্ষা ভাৰতৰ যুৱ শক্তিৰ পৰিচয় হৈ পৰিছে। বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীকো অন্তৰ্ভুক্ত কৰা দলটোৱে প্ৰধানমন্ত্ৰীক জনাইছে যে তেওঁলোকে ৰে’লৱে কয়লা ৱেগনৰ কম আৰু অতিৰিক্ত বোজাৰ সমস্যা সমাধানৰ বাবে চেষ্টা কৰিছে যাৰ ফলত লোকচান বা জৰিমনা বিহা হয়। তাৰ বাবে তেওঁলোকে আইঅ’টি আৰু কৃত্ৰিম বুদ্ধিমত্তাভিত্তিক প্ৰযুক্তি ব্যৱহাৰ কৰিছে। দলটোত বাংলাদেশ আৰু ভাৰতৰ পৰা ৩ জনকৈ ৬জন সদস্য আছে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ এই প্ৰচেষ্টাই পৰিৱৰ্তনশীল পৰ্যায়ত চলি থকা ভাৰতীয় ৰে’লৱে লাভৱান হ’ব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ লজিষ্টিকক মুল ক্ষেত্ৰ বুলি অৱগত কৰি ভৱিষ্যতে বাংলাদেশৰ পৰা আৰু বহু ছাত্ৰ-ছাত্ৰী ভাৰতলৈ আহিব বুলি আশা প্ৰকাশ কৰি ‘ষ্টাডী ইন ইণ্ডিয়া‘ কাৰ্যসূচীয়ে এনে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি উল্লেখ কৰে।চিঅ’পি-২৮ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচনৰ দ্বিতীয় পৰ্যায় সহযোগিতাৰে আয়োজন কৰে ভাৰত আৰু ছুইডেনে
December 01st, 08:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ডুবাইৰ চিঅ’পি-২৮ত ২০২৪-২৬ চনৰ বাবে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন (লিডআইটি ২.০)ৰ দ্বিতীয় পৰ্যায়ৰ সহযোগিতাৰে আৰম্ভ কৰে।মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ সিন্ধিয়া বিদ্যালয়ৰ ১২৫ সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচীত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 21st, 11:04 pm
মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগু ভাই পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, সিন্ধিয়া বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ আৰু মন্ত্ৰীসভাত মোৰ সহযোগীসকল শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়া জী, শ্ৰীযুত নৰেন্দ্ৰ সিং টোমৰ, ডাঃ জিতেন্দ্ৰ সিং, বিদ্যালয় পৰিচালনাৰ সহকৰ্মী আৰু সকলো কৰ্মচাৰী, শিক্ষক আৰু অভিভাৱকসকল আৰু মোৰ প্ৰিয় যুৱ বন্ধুসকল!মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ দ্য সিন্ধিয়া স্কুলৰ ১২৫সংখ্যক প্ৰতিষ্ঠাপক দিৱস উদযাপনৰ কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ
October 21st, 05:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত ‘দ্য সিন্ধিয়া স্কুল’ৰ ১২৫সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্যসূচীত ভাষণ আগবঢ়ায়। কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে বিদ্যালয়খনত ‘বহুমূখী ক্ৰীড়া চৌহদ’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বিশিষ্ট প্রাক্তন ছাত্র-ছাত্রী আৰু কৃতিত্বতে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক বিদ্যালয়খনৰ বার্ষিক বঁটা প্রদান কৰে৷ ১৮৯৭ চনত প্ৰতিষ্ঠা হোৱা সিন্ধিয়া বিদ্যালয়খন ঐতিহাসিক গোৱালিয়ৰ দুৰ্গৰ ওপৰত অৱস্থিত। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাক টিকটো মুকলি কৰে।চন্দ্ৰযান-৩ সন্দৰ্ভত বিশ্বৰ বিভিন্ন দেশৰ নেতাক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
August 24th, 10:03 am
চন্দ্ৰযান-৩ৰ সফল চন্দ্ৰ অৱতৰণৰ বাবে ভাৰতক বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিশ্বনেতাসকলে অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক এক্সৰ থ্ৰেডৰ যোগেদি উত্তৰ দি তেওঁলোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।PM Modi and First Lady of the US Jill Biden visit the National Science Foundation
June 22nd, 02:49 am
PM Modi and First Lady of the US Jill Biden visited the National Science Foundation. They participated in the ‘Skilling for Future Event’. It is a unique event focused on promoting vocational education and skill development among youth. Both PM Modi and First Lady Jill Biden discussed collaborative efforts aimed at creating a workforce for the future. PM Modi highlighted various initiatives undertaken by India to promote education, research & entrepreneurship in the country.ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 26th, 08:01 pm
অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 26th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।কৰ্ণাটকৰ হুবলি-ধৰৱাড়ত এলানি উন্নয়ণমূলক প্ৰকল্পৰ কাম-কাজৰ শুভাৰম্ভণি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
March 12th, 04:01 pm
এই বছৰৰ আৰম্ভণিতো হুবলিলৈ অহাৰ সৌভাগ্য হৈছিল। হুবলিৰ মৰমৰ ভাই-ভনীসকলে যিদৰে ৰাজপথত থিয় হৈ মোক আশীৰ্বাদ দিছিল মই সেই মুহূৰ্তৰ কথা কেতিয়াও পাহৰিব নোৱাৰো, ইমান মৰম, ইমান আশীৰ্বাদ। অতীতত মই কৰ্ণাটকৰ বহুতো অঞ্চল ভ্ৰমণ কৰাৰ সুযোগ পাইছিলো। বাংগালুৰুৰ পৰা বেলাগাভিলৈকে, কালবুৰ্গীৰ পৰা শিমোগালৈ, মহীশূৰৰ পৰা তুমকুৰুলৈ, কান্নদিগাসকলে মোক যি ধৰণৰ মৰম দিছে, সেয়া যেন ইজনতকৈ সিজন চাৰ; আপোনালোকৰ এই মৰম, আপোনালোকৰ এই আশীৰ্বাদে মোক অভিভূত কৰিছে। এই মৰম মোৰ বাবে এক বৃহৎ ঋণ, আৰু মই কৰ্ণাটকৰ জনসাধাৰণলৈ নিৰন্তৰ সেৱা আগবঢ়াই এই ঋণ পৰিশোধ কৰিম। আমি এই দিশত একেলগে কাম কৰি আছো যাতে, কৰ্ণাটকৰ প্ৰতিগৰাকী ব্যক্তিয়ে সুখৰে জীৱন যাপন কৰিব পাৰে, ইয়াৰ যুৱক-যুৱতীসকলে নিযুক্তিৰ বাবে নতুন সুযোগ পাব লাগে, ইয়াৰ ভগ্নী আৰু কন্যাসকল অধিক সবল হ'ব লাগে। বিজেপিৰ দ্বৈত ইঞ্জিন চৰকাৰে কৰ্ণাটকৰ প্ৰতিখন জিলা, প্ৰতিখন গাঁও, প্ৰতিখন চহৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে আন্তৰিক প্ৰচেষ্টা চলাই আছে। আজি ধাৰৱাড়ৰ এই ভূমিত উন্নয়নৰ এক নতুন ধাৰাৰ সূচনা হৈছে। উন্নয়নৰ এই ধাৰাটোৱে হুবলি, ধাৰৱাড়ৰ লগতে সমগ্ৰ কৰ্ণাটকৰ ভৱিষ্যতক সঞ্চাৰিত কৰাৰ বাবে কাম কৰিব, ইয়াক প্ৰস্ফূটিত আৰু পল্লৱিত কৰিব।প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ হুব্বালি-ধাৰৱাড়ত ৰাষ্ট্ৰৰ মুখ্য উন্নয়ন মূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে আৰু উৎসৰ্গা কৰে
March 12th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ হুব্বালি-ধাৰৱাড়ত মুখ্য উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে আইআইটি ধাৰৱাড়ক উৎসৰ্গা কৰা যাৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে ফেব্ৰুৱাৰী ২০১৯ত স্থাপন কৰিছিল, যি হৈছে শ্ৰী সিদ্ধৰুদ্ধ স্বামীজী হুব্বালি ষ্টেচনত ১৫০৭ মিটাৰ দৈৰ্ঘ্যৰ বিশ্বৰ আটাইতকৈ দীঘল ৰে'লৱে প্লেটফৰ্ম যাক শেহতীয়াকৈ গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে, হোচাপেটৰ বৈদ্যুতিকীকৰণ – হুব্বালি – টিনাইঘাট শাখা, হোচাপেট ষ্টেচন উন্নীতকৰণ। প্ৰধানমন্ত্ৰীয়ে হুব্বালি-ধাৰৱাড় স্মাৰ্ট চিটীৰ বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰে আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ জয়দেৱ চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, ধাৰৱাড় মাল্টি ভিলেজ পানী যোগান আঁচনি আৰু টুপ্পাৰিহাল্লা বানক্ষতি নিয়ন্ত্ৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।‘যুৱ শক্তিৰ ব্যৱহাৰ– দক্ষতা আৰু শিক্ষা’ সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
February 25th, 12:13 pm
'অমৃতকাল'ৰ এই যুগত দেশৰ বাবে দক্ষতা আৰু শিক্ষা হৈছে দুটা আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলি। আমাৰ যুৱপ্ৰজন্মই উন্নত ভাৰতৰ দৃষ্টিৰে দেশৰ অমৃত যাত্ৰাৰ নেতৃত্ব দি আছে। সেয়েহে, 'অমৃতকাল'ৰ প্ৰথম বাজেটত যুৱ আৰু তেওঁলোকৰ ভৱিষ্যতক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। এই বাজেটে আমাৰ শিক্ষা ব্যৱস্থা ব্যৱহাৰিক আৰু উদ্যোগমুখী হোৱাটো নিশ্চিত কৰিবলৈ ভেটিটো শক্তিশালী কৰি আছে। বিগত কেইবা বছৰ ধৰি, আমাৰ শিক্ষা খণ্ড নানাধৰণৰ অনমনীয়তাৰ চিকাৰ হৈ আহিছে। আমি এই পৰিস্থিতি সলনি কৰিবলৈ চেষ্টা কৰিছোঁ। আমি শিক্ষা আৰু দক্ষতাক যুৱসমাজৰ কৰ্মক্ষমতা আৰু ভৱিষ্যতৰ চাহিদা অনুসৰি পুনৰ নিৰ্ধাৰণ কৰিছোঁ। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও শিক্ষা আৰু দক্ষতা দুয়োটাৰ ওপৰত সমান গুৰুত্ব আৰোপ কৰিছে। মই সুখী যে আমি এই প্ৰচেষ্টাত শিক্ষকসকলৰ পৰা যথেষ্ট সমৰ্থন পাইছো। এইটোৱে আমাক আমাৰ ল'ৰা-ছোৱালীক অতীতৰ বোজাৰ পৰা মুক্ত কৰিবলৈ যথেষ্ট সাহস দিছে। এইটোৱে চৰকাৰক শিক্ষা আৰু দক্ষতা ক্ষেত্ৰত অধিক সংস্কাৰ সাধিবলৈ উৎসাহিত কৰিছে।'যুৱ শক্তিৰ ব্যৱহাৰ – দক্ষতা আৰু শিক্ষা' সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন প্ৰধানমন্ত্ৰীৰ
February 25th, 09:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'যুৱ শক্তিৰ ব্যৱহাৰ– দক্ষতা আৰু শিক্ষা' সন্দৰ্ভত বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে। কেন্দ্ৰীয় বাজেট ২০২৩-ত ঘোষণা কৰিবলগা পদক্ষেপসমূহৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে পৰামৰ্শ আৰু ধাৰণা আমন্ত্ৰণ কৰিবলৈ চৰকাৰে আয়োজন কৰা বাজেট-পৰৱৰ্তী ১২ খন ৱেবিনাৰৰ ভিতৰত এয়া হৈছে তৃতীয়।প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
January 24th, 09:49 pm
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) বিজয়ীসকলক ভূয়সী প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰত চৰকাৰে শিশুসকলক উদ্ভাৱন, সমাজসেৱা, বিদ্যায়তনিক, ক্ৰীড়া, কলা-সংস্কৃতি আৰু বীৰত্বৰ ছটা শাখাত ব্যতিক্ৰমী কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। বাল শক্তি পুৰস্কাৰৰ বিভিন্ন শিতানৰ অন্তৰ্গত দেশৰ ১১গৰাকী শিশুক পিএমআৰবিপি-২০২৩ৰ বাবে নিৰ্বাচিত কৰা হৈছে। বঁটাপ্ৰাপকসকলৰ ভিতৰত ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত ৬ জন ল’ৰা আৰু ৫ গৰাকী ছোৱালী আছে।প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকলৰ সৈতে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে
January 24th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত বাৰ্তালাপ কৰে।১১ ডিচেম্বৰত মহাৰাষ্ট্ৰ আৰু গোৱা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
December 09th, 07:39 pm
পুৱা ৯.৩০ বুজাত প্ৰধানমন্ত্ৰী নাগপুৰ ৰে’লৱে ষ্টেচনত উপস্থিত হ’ব, য’ত তেওঁ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব৷ পুৱা ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ফ্ৰিডম পাৰ্ক মেট্ৰ’ ষ্টেচনৰ পৰা খাপৰী মেট্ৰ’ ষ্টেচনলৈ মেট্ৰ’যোগে যাত্ৰা কৰিব, য’ত তেওঁ ‘নাগপুৰ মেট্ৰ’ৰ প্ৰথম পৰ্যায়’ৰ কামৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ একেটা অনুষ্ঠানত তেওঁ ‘নাগপুৰ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়’ৰ কামৰ আধাৰশিলা স্থাপন কৰিব৷ ১০.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে নাগপুৰ আৰু শিৰদী সংযোগী সমৃদ্ধি মহামাৰ্গৰ প্ৰথম পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰাৰ লগতে ঘাইপথেৰে যাত্ৰা কৰিব৷ ১১.১৫ বজাত প্ৰধানমন্ত্ৰীয়ে এইমছ নাগপুৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব৷ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ প্ৰায় ৭১,০০০ নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণ পাঠ
November 22nd, 10:31 am
আপোনালোক সকলোকে বহুত অভিনন্দন। আজি দেশৰ ৪৫ খন চহৰত ৭১,০০০ তকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আজি হাজাৰ হাজাৰ ঘৰত সুখ-সমৃদ্ধিৰ এক নতুন যুগ আৰম্ভ হৈছে। যোৱা মাহত, ধনতেৰাছৰ আজিৰ দিনটোতে, কেন্দ্ৰীয় চৰকাৰে ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিছিল। চৰকাৰে চৰকাৰী চাকৰি প্ৰদানৰ বাবে কেনেদৰে মিছন মোডত কাম কৰি আছে সেয়া আজিৰ 'ৰোজগাৰ মেলা'ই প্ৰমাণ কৰে।প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে
November 22nd, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তিপ্ৰাপ্ত সকলক প্ৰায় ৭১,০০০ নিযুক্তি পত্ৰ বিতৰণ কৰে। ৰোজগাৰ মেলাই নিযুক্তি সৃষ্টিত সহায়ক হিচাপে কাম কৰিব আৰু যুৱসকলৰ সশক্তিকৰণৰ লগতে ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ পূৰ্বে অক্টোবৰত, ৰোজগাৰ মেলাৰ অধীনত নতুনকৈ অন্তৰ্ভুক্ত কৰা নিযুক্তিপ্ৰাপ্ত সকলক ৭৫,০০০ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।