PM Modi arrives in Georgetown, Guyana
November 20th, 11:22 am
Prime Minister Narendra Modi arrived in Georgetown, Guyana. In a special gesture, he was warmly received by President Irfaan Ali, PM Mark Anthony Phillips, senior ministers and other dignitaries at the airport. During the visit, PM Modi will take part in various programmes including address to the Parliament of Guyana and an interaction with the Indian community.জৰ্জটাউনত গুয়ানাৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক আদৰণি জনায়
November 20th, 11:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২১ নৱেম্বৰ ২০২৪ তাৰিখত গুয়ানালৈ চৰকাৰী ভ্ৰমণসূচীৰে আহি আজি জৰ্জটাউনত উপস্থিত হয়হি। ৫৬ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ গুয়ানালৈ এয়া হৈছে প্ৰথম ভ্ৰমণ। বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে গুয়ানাৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ ইৰফান আলীয়ে গুয়ানাৰ প্ৰধানমন্ত্ৰী মাননীয় ব্ৰিগেডিয়াৰ (অৱসৰপ্ৰাপ্ত) মাৰ্ক এন্থনী ফিলিপছৰ সৈতে এক বিশেষ তত্পৰতা প্ৰদৰ্শনৰে তেওঁক উষ্ম আদৰণি জনোৱাৰ লগতে তেওঁক আনুষ্ঠানিক আদৰণি জনায়। অনুষ্ঠানটোত গুয়ানা চৰকাৰৰ এক ডজনৰো অধিক কেবিনেট মন্ত্ৰীও উপস্থিত আছিল।নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
November 12th, 07:44 pm
১৬ৰ পৰা ২১ নৱেম্বৰলৈ নাইজেৰিয়া, ব্ৰাজিল আৰু গুয়ানা ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নাইজেৰিয়াত তেওঁ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ লগতে ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰিব। ব্ৰাজিলত তেওঁ জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। গুয়ানাত প্ৰধানমন্ত্ৰীয়ে জ্যেষ্ঠ নেতাসকলৰ সৈতে আলোচনা, সংসদত ভাষণ প্ৰদান আৰু কেৰিকম-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে কেৰিবিয়ান অঞ্চলৰ সৈতে সম্পৰ্ক গভীৰ কৰাৰ বাবে ভাৰতৰ দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰিব।সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত গিয়েনাৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
January 09th, 05:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইন্দোৰত সপ্তদশ প্ৰবাসী ভাৰতীয় দিৱসৰ সময়ত গিয়েনা গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ইৰফান আলী ৮-১৪ জানুৱাৰী ২০২৩ তাৰিখলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছে আৰু তেওঁক ১৭তম পিবিডিত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে।১৬ ফেব্ৰুৱাৰীত টেৰি (TERI) ৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
February 15th, 11:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' বাৰ্তাৰ জৰিয়তে ১৬ ফেব্ৰুৱাৰী, ২০২২ ৰ সন্ধিয়া প্ৰায় ৬ বজাত শক্তি আৰু সম্পদ প্ৰতিষ্ঠান (TERI) ৰ বিশ্ব বহনক্ষম উন্নয়ন সন্মিলনত উদ্বোধনী ভাষণ প্ৰদান কৰিব।