
বিহাৰৰ কাৰাকটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 30th, 11:29 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহযোগী শ্ৰী জিতন ৰাম মাঝি, লাল্লন সিং, গিৰিৰাজ সিং, চিৰাগ পাছৱান, নিত্যানন্দ ৰায়, সতীশ চন্দ্ৰ ডুবে, ৰাজভূষণ চৌধৰী, ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিনহা, অন্যান্য মন্ত্ৰী, জনপ্ৰতিনিধি আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উৎসৰ্গা কৰে
May 30th, 10:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ কাৰাকাটত ৪৮,৫২০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই পবিত্ৰ ভূমিত বিহাৰৰ উন্নয়নক ত্বৰান্বিতকৰণৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰে তথা ৪৮,০০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰাজিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্য্যত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবা সহস্ৰাধিক লোকে তেখেতক আশীৰ্বাদ দিবলৈ ইয়াত সমবেত হোৱাৰ কথা উল্লেখেৰে বিহাৰৰ প্ৰতি তেওঁলোকৰ মৰমৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশেৰে তেওঁলোকৰ সমৰ্থন সদায় সৰ্বোচ্চ কৰি ৰাখিব বুলি কয়। তেখেতে বিহাৰৰ মাতৃ-ভগ্নীসকললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
২৬ আৰু ২৭ মে'ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 25th, 09:14 am
২৬ আৰু ২৭ মে'ত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ দহোদলৈ যাত্ৰা কৰিব আৰু প্ৰায় ১১:১৫ বজাত তেওঁ দেশৰ বাবে ইঞ্জিন নিৰ্মাণ কাৰখানা উৎসৰ্গা কৰিব আৰু লগতে ইলেক্ট্ৰিক ইঞ্জিন এখনো ফ্লেগ অফ কৰিব। ইয়াৰ পিছত তেওঁ আধাৰশিলা স্থাপন কৰাৰ লগতে দাহোদত প্ৰায় ২৪ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। প্ৰধানমন্ত্ৰীয়ে ভুজলৈ যাত্ৰা কৰিব আৰু প্ৰায় ৪ বজাত ভূজত আধাৰশিলা স্থাপন কৰাৰ লগতে ৫৩,৪০০ কোটিৰো অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰলৈ যাত্ৰা কৰিব আৰু ২৭ মে’ত পুৱা প্ৰায় ১১ বজাত গুজৰাট নগৰ বৃদ্ধিৰ কাহিনীৰ ২০ বছৰীয়া উদযাপনত অংশগ্ৰহণ কৰি নগৰ উন্নয়ন বৰ্ষ ২০২৫ মুকলি কৰিব।এই উপলক্ষে তেওঁ সভাত ভাষণ দিব। সংযোগ বৃদ্ধি আৰু বিশ্বমানৰ ভ্ৰমণ আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে দহোদত ভাৰতীয় ৰে’লৱেৰ ইঞ্জিন নিৰ্মাণ কাৰখানা উদ্বোধন কৰিব। এই উদ্যোগটোৱে ঘৰুৱা কামৰ বাবে আৰু ৰপ্তানিৰ বাবে ৯০০০ এইচ পিৰ বৈদ্যুতিক ইঞ্জিন উৎপাদন কৰিব। তেওঁ উদ্যোগটোৰ পৰা নিৰ্মিত প্ৰথমখন বৈদ্যুতিক ইঞ্জিনকো ফ্লেগ অফ কৰিব। এই ইঞ্জিনসমূহে ভাৰতীয় ৰে’লৱেৰ মালবাহী বোজাৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব। এই ইঞ্জিনসমূহত পুনৰুত্পাদনশীল ব্ৰেকিং ব্যৱস্থা থাকিব, আৰু শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ডিজাইন কৰা হৈছে, যিয়ে পৰিৱেশৰ বহনক্ষমতাত অৰিহণা যোগায়। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে দহোদত ২৪ হাজাৰ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৰেল প্ৰকল্প আৰু গুজৰাট চৰকাৰৰ বিভিন্ন প্ৰকল্প। তেওঁ ভেৰাভাল আৰু আহমেদাবাদৰ মাজত ভাণ্ডে ভাৰত এক্সপ্ৰেছ আৰু ভালছাদ আৰু দহোদ ষ্টেচনৰ মাজত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব। ভূজত প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰাৰ লগতে ৫৩,৪০০ কোটিৰো অধিক টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। শক্তি খণ্ডৰ পৰা অহা প্ৰকল্পসমূহৰ ভিতৰত খাভদা নবীকৰণযোগ্য শক্তি উদ্যানত উৎপাদিত নবীকৰণযোগ্য শক্তিক খালী কৰাৰ বাবে সংবহন প্ৰকল্প, সংবহন নেটৱৰ্ক সম্প্ৰসাৰণ, টাপিত আল্ট্ৰা ছুপাৰ ক্ৰিটিকেল থাৰ্মেল পাৱাৰ প্লাণ্ট ইউনিট আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও কণ্ডলা বন্দৰৰ প্ৰকল্প আৰু গুজৰাট চৰকাৰৰ একাধিক পথ, পানী আৰু সৌৰ প্ৰকল্প আদি অন্তৰ্ভুক্ত কৰা হৈছে। গুজৰাটত নগৰ উন্নয়ন বৰ্ষ ২০০৫ চনটো আছিল তেতিয়াৰ মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পিত আন্তঃগাঁথনি, উন্নত শাসন, আৰু নগৰবাসীৰ বাবে উন্নত জীৱনৰ মানদণ্ডৰ জৰিয়তে গুজৰাটৰ নগৰ পৰিৱেশ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা এক প্ৰধান পদক্ষেপ। ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে গান্ধীনগৰত নগৰ উন্নয়ন বৰ্ষ ২০২৫, গুজৰাটৰ নগৰ উন্নয়ন পৰিকল্পনা আৰু ৰাজ্যিক বিশুদ্ধ বায়ু কাৰ্যসূচী আৰম্ভ কৰিব। তেওঁ নগৰ উন্নয়ন, স্বাস্থ্য আৰু পানী যোগানৰ সৈতে জড়িত একাধিক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও তেওঁ পিএমএৱাইৰ অধীনত ২২ হাজাৰৰো অধিক বাসগৃহ উচৰ্গা কৰিব। তদুপৰি স্বৰ্ণিম জয়ন্তী মুখ্যমন্ত্ৰী শ্বহেৰী বিকাশ যোজনাৰ অধীনত গুজৰাটৰ নগৰীয়া স্থানীয় সংস্থাসমূহলৈ ৩৩০০ কোটি টকাৰ পুঁজিও মুকলি কৰিব।‘ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (আইটিআই)ৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা ‘ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপন’ৰ প্ৰস্তাৱলৈ কেবিনেটে অনুমোদন জনাইছে
May 07th, 02:07 pm
ভাৰতত বৃত্তিমূলক শিক্ষাৰ পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি হিচাপে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)সমূহৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা (৫) ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 21st, 11:30 am
অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন
April 21st, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।মুদ্ৰা যোজনাৰ হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ অসমীয়া অনুবাদ
April 08th, 01:30 pm
হিতাধিকাৰী - ছাৰ, আজি মই মোৰ এটা কাহিনী ক’বলৈ বিচাৰিছো। কেনেকৈ এটা পোহনীয়া জন্তুৰ চখৰ পৰা মই আজি এগৰাকী উদ্যোগীলৈ উত্তৰণ হ'লোঁ তাৰেই কথা ক’বলৈ ওলাইছো। মোৰ ব্যৱসায়িক উদ্যোগৰ নাম K9 World, য'ত আমি সকলো ধৰণৰ পোহনীয়া জন্তুৰ সামগ্ৰী, ঔষধ আৰু পোহনীয়া জন্তু যোগান ধৰো। ছাৰ, মুদ্ৰা ঋণ লাভ কৰাৰ পিছত আমি আমাৰ সেৱা বহু পৰিমাণে সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিলো। আমাৰ এটা মূল পদক্ষেপ আছিল পোহনীয়া জন্তুৰ ব’ৰ্ডিঙৰ সুবিধা আৰম্ভ কৰা। ভ্ৰমণ কৰিবলগীয়া পোহনীয়া জন্তুৰ গৰাকীৰ বাবে এইটোৱে এক বৃহৎ সহায় কৰিছে—এতিয়া তেওঁলোকে নিজৰ পোহনীয়া জন্তুবোৰক মৰমেৰে যত্ন লোৱা হ’ব বুলি জানি আমাৰ লগত নিৰাপদ, ঘৰুৱা পৰিৱেশত এৰি দিব পাৰিছে। ছাৰ, জীৱ-জন্তুৰ প্ৰতি মোৰ প্ৰেম সঁচাকৈয়ে বিশেষ। মই খাওঁ বা নাখাওঁ কোনো কথা নাই, কিন্তু জীৱ-জন্তুবোৰক খুৱাবই লাগিব আৰু সিহঁতৰ যত্ন লোৱাটো মোৰ বাবে সৰ্বোপৰি। এইটো কেৱল ব্যৱসায় নহয়—এইটো এটা আবেগ, যিটো মোৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছে।PM Modi interacts with MUDRA Yojana beneficiaries
April 08th, 01:03 pm
PM Modi, while interacting with MUDRA Yojana beneficiaries on its 10th anniversary, spotlighted inspiring journeys—from startups in solar, food and pet care to a bakery in Kashmir. The Prime Minister highlighted the transformative impact of the Mudra Yojana on empowering citizens, particularly women and fostering entrepreneurship across India.ভাৰত-থাইলেণ্ড ৰণনীতিগত বন্ধুত্ব প্ৰতিষ্ঠা সন্দৰ্ভত সংযুক্ত ঘোষণা
April 04th, 07:29 pm
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০৩-০৪ এপ্ৰিলত থাইলেণ্ডৰ আনুষ্ঠানিক ভ্ৰমণ কৰে আৰু থাইলেণ্ড সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী পেটোংটাৰ্ণ শ্বিনাৱাত্ৰাৰ আমন্ত্ৰণত বেংককত অনুষ্ঠিত হোৱা ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। বেংককৰ চৰকাৰী ভৱনত প্ৰধানমন্ত্ৰী শ্বিনাৱাত্ৰাই প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
April 03rd, 03:01 pm
২৮ মাৰ্চত অহা ভূমিকম্পত হোৱা প্ৰাণহানিৰ বাবে মই ভাৰতবাসীৰ হৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। আৰু, আমি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ডৰ উল্লেখনীয় বিকাশৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
April 01st, 07:40 pm
ভাৰতৰ নৱীকৰণযোগ্য শক্তি খণ্ডৰ বিকাশক ‘উল্লেখনীয়’ আৰু ‘স্থিৰতাৰ প্ৰতি আমাৰ জনসাধাৰণৰ প্ৰতিশ্ৰুতি’ বুলি আজি প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।চিলিৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথ সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অনুবাদ
April 01st, 12:31 pm
ৰাষ্ট্ৰপতি বৰিকৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় বন্ধুত্ববোধ আৰু আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সঁচাকৈয়ে আচৰিত। ইয়াৰ বাবে মই তেওঁক আন্তৰিক অভিনন্দন জনাইছো, আৰু তেওঁক আৰু তেওঁৰ বিশিষ্ট প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো।৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 30th, 11:30 am
নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-ভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
March 17th, 01:05 pm
মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। ভাৰতৰ সৈতে প্ৰধানমন্ত্ৰী লাক্সনৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। কেইদিনমান পূৰ্বে তেওঁ অকলেণ্ডত হোলীৰ আনন্দময় উৎসৱ পালন কৰা কাৰ্য্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ। নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী লাক্সনৰ মৰমৰপৰাও এই কথা বুজিব পাৰি। তেওঁৰ লগত ভাৰতলৈ এটা বৃহৎ প্ৰতিনিধি দল আহিছে। তেওঁৰ দৰে এজন যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী নেতাক এইবাৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে লাভ কৰাটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
February 25th, 11:10 am
পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 25th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷Textile, Tourism & Technology will be key drivers of India's developed future: PM at Global Investors Summit in Madhya Pradesh
February 24th, 10:35 am
At the Global Investors Summit in Bhopal, PM Modi declared a new era of growth, stating, The world’s future lies in India. Emphasizing 'Viksit Madhya Pradesh se Viksit Bharat,' he highlighted MP's vast potential in agriculture, minerals and industry. He further noted that with soaring global confidence and booming investments, India is rapidly advancing towards economic supremacy and clean energy leadership.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰে
February 24th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন (GIS), ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে এই কাৰ্য্যসূচীলৈ অহাত পলম হোৱাৰ বাবে ক্ষমা বিচাৰে। দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ব’ৰ্ড পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ নিৰাপত্তা ব্যৱস্থাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধা নকৰে, সেই কথা অনুধাৱন কৰা হৈছে বুলি তেখেতে কয়। শ্ৰী মোদীয়ে কয় যে ৰজা ভূজৰ ভূমিত বিনিয়োগকাৰী আৰু ব্যৱসায়িক নেতাসকলক আদৰণি জনাবলৈ পোৱাটো অসীম গৌৰৱৰ কথা। তেখেতে লগতে কয় যে আজিৰ এই অনুষ্ঠান গুৰুত্বপূৰ্ণ, কিয়নো এখনি বিকশিত মধ্যপ্ৰদেশ বা উন্নত মধ্যপ্ৰদেশ এখনি বিকশিত ভাৰতৰ অভিমুখে যাত্ৰাত অতিশয় প্ৰয়োজনীয়। তেখেতে এই সন্মিলনৰ সুন্দৰ আয়োজনৰ বাবে মধ্যপ্ৰদেশ চৰকাৰক অভিনন্দন জ্ঞাপন কৰে।ইটি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
February 15th, 08:30 pm
যোৱাবাৰ যেতিয়া মই ইটি নাও সন্মিলনত অংশ লৈছিলো তেতিয়া নিৰ্বাচনৰ সময় ওচৰ চাপিছিল। সেই সময়ত মই বিনম্ৰভাৱে কৈছিলোঁ যে আমাৰ তৃতীয় কাৰ্যকালত ভাৰতে নতুন গতিৰে কাম কৰিব। মই সন্তুষ্ট যে এই গতি আজি দেখা গৈছে আৰু দেশেও ইয়াক সমৰ্থন কৰিছে। নতুন চৰকাৰ গঠনৰ পিছত দেশৰ বহু ৰাজ্যত ৰাইজৰ আশীৰ্বাদ ধাৰাবাহিকভাৱে লাভ কৰি আছে বিজেপি-এনডিএ!জুন মাহত ওড়িশাৰ জনসাধাৰণে উন্নত ভাৰতৰ সংকল্পক গতি প্ৰদান কৰিছিল, তাৰ পিছত হাৰিয়ানাৰ জনসাধাৰণে সমৰ্থন কৰে আৰু এতিয়া দিল্লীৰ জনসাধাৰণে আমাক সম্পূৰ্ণ সমৰ্থন দিছে। আজি দেশৰ জনসাধাৰণে যে কান্ধত কান্ধ মিলাই উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়িছে, তাৰ প্ৰমাণ পোৱা গৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ ত ভাষণ প্ৰদান কৰে
February 15th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ‘ইটি নাও গ্লোবেল বিজনেছ ছামিট ২০২৫’ত উপস্থিত সকলক সম্বোধন কৰি স্মৰণ কৰে যে ‘ইটি নাও সন্মিলন’ৰ অন্তিম সংস্কৰণত তেওঁ বিনয়ৰে কৈছিল যে তেওঁলোকৰ তৃতীয়টো কাৰ্যকালত ভাৰতে এক নতুন গতিত কাম কৰিব। তেওঁ সন্তুষ্টি ব্যক্ত কৰে যে এই গতি এতিয়া স্পষ্ট হৈ উঠিছে আৰু দেশৰ পৰা সমৰ্থন লাভ কৰিছে। তেওঁ উৰিষ্যা, মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু নতুন দিল্লীৰ জনসাধাৰণক ‘বিকশিত ভাৰত’ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি অপৰিসীম সমৰ্থন দেখুওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ ইয়াক এক উন্নত ভাৰতৰ লক্ষ্যৰ দিশত দেশৰ নাগৰিকসকলে কেনেদৰে কান্ধত কান্ধ মিলাই আগবাঢ়িছে তাৰ স্বীকৃতি বুলিয়ে স্বীকাৰ কৰে।