গোৰখপুৰ সাংসদ খেল মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ পূৰ্ণ পাঠ

February 16th, 03:15 pm

অনুষ্ঠানৰ আৰম্ভণিতে, মই মহাযোগী গুৰু গোৰখনাথৰ এই পবিত্ৰ ভূমিক নমস্কাৰ জনাইছোঁ। মই 'সাংসদ খেল' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈক অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আপোনাসৱ সকলোৱে বহুত কঠোৰ পৰিশ্ৰম কৰিছে। এই প্ৰতিযোগিতাত কিছুমান খেলুৱৈয়ে জিকিছে, আনহাতে আন কিছুমানে পৰাজয়ৰ সন্মুখীন হৈছে। খেলপথাৰেই হওঁক বা দৈনন্দিন জীৱনতেই হওঁক, জয় আৰু পৰাজয় জীৱনৰ অংশ। মই খেলুৱৈসকলক কব বিচাৰিম যে তেওঁলোক যিহেতু এই পৰ্যায়লৈ আহিছে, গতিকে তেওঁলোক পৰাজিত নহয়। আপোনাসৱে বহুত শিকিছে, জ্ঞান আৰু অভিজ্ঞতা লাভ কৰিছে আৰু ই হৈছে বিজয়ৰ আটাইতকৈ ডাঙৰ মূলধন।আপোনাসৱৰ ক্ৰীড়া মনোভাৱে ভৱিষ্যতে আপোনাসৱৰ বাবে জীৱনৰ সফলতাৰ দুৱাৰ কেনেদৰে মুকলি কৰিব সেয়া আপোনাসৱে উপলব্ধি কৰিব।

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গোৰখপুৰ সাংসদ খেল মহাকুম্ভত ভাষণ প্ৰধানমন্ত্ৰীৰ

February 16th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গোৰখপুৰ সাংসদ খেল মহাকুম্ভত ভাষণ আগবঢ়ায়৷