নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

January 27th, 05:00 pm

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!

দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ

January 27th, 04:30 pm

এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।

Prime Minister Narendra Modi to visit Maharashtra, Karnataka and Tamil Nadu

January 17th, 09:32 pm

Prime Minister Shri Narendra Modi will visit Maharashtra, Karnataka and Tamil Nadu on 19 January. At around 10:45 AM, Prime Minister will inaugurate and lay the foundation stone of multiple development projects in Solapur, Maharashtra. At around 2:45 PM, Prime Minister will inaugurate the Boeing India Engineering & Technology Centre and launch the Boeing Sukanya Programme in Bengaluru, Karnataka. Thereafter, at around 6 PM, Prime Minister will participate in the opening ceremony of Khelo India Youth Games in Chennai, Tamil Nadu.

জন্ম দিৱসত সাৱিত্ৰীবাই ফুলে আৰু ৰাণী ভেলু নাচিয়াৰলৈ প্ৰধান মন্ত্রীৰ শ্ৰদ্ধাঞ্জলি

January 03rd, 08:09 am

প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাৱিত্ৰীবাই ফুলে আৰু ৰাণী ভেলু নাচিয়াৰলৈ তেওঁলোকৰ জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে।

মন কী বাত, ডিচেম্বৰ ২০২৩

December 31st, 11:30 am

বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।

জন্ম বাৰ্ষিকীত ৰাণী ৱেলু নচিয়াৰলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

January 03rd, 11:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকীত ৰাণী ৱেলু নচিয়াৰলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিছে।

জন্ম বাৰ্ষিকী উপলক্ষে ৰাণী ভেলু নাচিয়াৰক স্মৰণ প্ৰধানমন্ত্ৰীৰ

January 03rd, 11:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।