ভাৰতত ৰামছাৰ ক্ষেত্ৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে আনন্দিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী

August 14th, 09:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত ৰামছাৰ ক্ষেত্ৰৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰিছে। ৰামছাৰ সন্মিলনৰ অধীনত এই দুখন ৰাজ্যৰ পৰা তিনিটা স্থান সংযোজন কৰাৰ বাবে তামিলনাডু আৰু মধ্যপ্ৰদেশৰ জনসাধাৰণক প্ৰশংসা কৰিছে।

ভাৰত গণতন্ত্ৰৰ মাতৃঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

January 29th, 11:30 am

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। এয়া হৈছে ২০২৩ চনৰ প্ৰথমটো 'মন কী বাত' আৰু ইয়াৰ লগতে এই কাৰ্যসূচীটোৰ সাতানব্বৈটা খণ্ড। আপোনালোক সকলোৰে সৈতে আকৌ এবাৰ বাৰ্তালাপ কৰি মই অত্যাধিক আনন্দিত হৈছো। প্ৰতি বছৰৰ দৰে এইবাৰৰ জানুৱাৰী মাহটোও যথেষ্ট ঘটনাবহুল হৈছে। এই মাহত, জানুৱাৰীৰ প্ৰায় ১৪ তাৰিখৰ পৰা সমগ্ৰ দেশ উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ উৎসৱৰ ৰঙত জিলিকি উঠিছে। ইয়াৰ পিছত, দেশখনে গণতন্ত্ৰ দিৱসো উদযাপন কৰিছে। এইবাৰো গণতন্ত্ৰ দিৱস উদযাপনৰ বহুতো দিশৰ যথেষ্ট প্ৰশংসা কৰা হৈছে। জয়সালমেৰৰ পুলকিতে মোলৈ লিখিছে যে ২৬ জানুৱাৰীৰ কুচকাৱাজৰ সময়ত কৰ্তব্য পথৰ নিৰ্মাণ শ্ৰমিকসকলক দেখি বৰ ভাল লাগিছিল। কানপুৰৰ জয়াই লিখিছে যে তেওঁ পেৰেডত অন্তৰ্ভুক্ত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন দিশসমূহ দেখি ভাল পাইছে। প্ৰথমবাৰৰ বাবে এই কুচকাৱাজত অংশগ্ৰহণ কৰা মহিলা উট আৰোহী আৰু চিআৰপিএফৰ মহিলা দলকো যথেষ্ট প্ৰশংসা কৰা হৈছে।

দেশৰ ১০ আৰ্দ্ৰভূমিৰ ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতিত সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

August 03rd, 10:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ১০ আৰ্দ্ৰভূমিৰ ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতি লাভত সন্তোষ প্ৰকাশ কৰিছে।

দক্ষিণ এছিয়াৰ সৰ্বাধিক ৰামসাৰ অঞ্চল ভাৰতত থকাৰ বাবে সন্তোষ প্রকাশ কৰিছে প্রধানমন্ত্রীয়ে

February 03rd, 10:30 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে গুজৰাটৰ খিজাদিয়া অভয়াৰণ্য আৰু উত্তৰপ্রদেশৰ বাখিৰা অভয়াৰণ্য ৰামসাৰ তালিকাভুক্ত হোৱাৰ বাবে সন্তোষ প্রকাশ কৰে৷

ভাৰতৰ চাৰিটা স্থানে ৰামছৰ স্বীকৃতি পোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়ঃ প্ৰধানমন্ত্ৰী

August 14th, 07:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ চাৰিটা স্থানে ৰামছৰ স্বীকৃতি পোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷