প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গৰ ৰাজকোট ফৰ্টত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰে
December 04th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গৰ ৰাজকোট ফৰ্টত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰে। শ্ৰী মোদীয়ে প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি জ্ঞাপন কৰাৰ লগতে ফটো গেলেৰীৰ পৰিদৰ্শনো কৰে।প্ৰধানমন্ত্ৰীয়ে ৪ ডিচেম্বৰত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব
December 02nd, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ ডিচেম্বৰ, ২০২৩ত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে বিয়লি প্ৰায় ৪:১৫ বজাত মহাৰাষ্ট্ৰৰ সিন্ধুদুৰ্গত উপস্থিত হ’ব আৰু ৰাজকোট গড়ত ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতিমূৰ্তি অনাৱৰণ কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে সিন্ধুদুৰ্গত অনুষ্ঠিত হ’বলগীয়া ‘নৌসেনা দিৱস ২০২৩’ সমাৰোহৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী তাৰকৰলী সমুদ্ৰ তীৰ, সিন্ধুদুৰ্গৰ পৰা ভাৰতীয় নৌসেনাৰ জাহাজ, ছাবমেৰিন, বিমান আৰু বিশেষ বাহিনীৰ 'পৰিচালন প্ৰদৰ্শন'ৰো সাক্ষী হ’ব।