বিশ্ব পৰিবেশ দিৱসত এক পেড় মা কে নাম পদক্ষেপৰ অধীনত বিশেষ বৃক্ষৰোপণ অভিযানৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে

বিশ্ব পৰিবেশ দিৱসত এক পেড় মা কে নাম পদক্ষেপৰ অধীনত বিশেষ বৃক্ষৰোপণ অভিযানৰ নেতৃত্ব দিব প্ৰধানমন্ত্ৰীয়ে

June 04th, 01:20 pm

বিশ্ব পৰিবেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৫ জুন, ২০২৫ তাৰিখে পুৱা ১০:১৫ বজাত নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এক বিশেষ বৃক্ষৰোপণৰ পদক্ষেপৰ নেতৃত্ব দিব, যাৰ জৰিয়তে পৰিৱেশ পৰিচালনা আৰু সেউজ গতিশীলতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিব।

‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

‘মন কী বাত’ৰ ১২২সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 25th, 11:30 am

নমস্কাৰ। আজি সমগ্ৰ দেশ একত্ৰিত, ক্ষুব্ধ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়প্ৰতিজ্ঞ। আজি প্ৰতিজন ভাৰতীয়ৰ একেই সংকল্প-আমি সন্ত্ৰাসবাদৰ অন্ত পেলাব লাগিব। বন্ধুসকল, অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ সৈন্যই যি বীৰত্ব দেখুৱাইছে, সেই শৌৰ্যই প্ৰতিজন হিন্দুস্তানীৰ শিৰ উচ্চ কৰি তুলিছে। আমাৰ সৈন্যই যি দক্ষতা আৰু নিখুঁততাৰে সীমান্ত অতিক্ৰম কৰি সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছিল, সেয়া অভূতপূৰ্ব। অপাৰেচন সিন্দুৰে সমগ্ৰ বিশ্বতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনক নতুন বিশ্বাস আৰু উৎসাহ প্ৰদান কৰিছে। বন্ধুসকল, অপাৰেচন সিন্দুৰ কেৱল সেনা অভিযান নহয়, ই আমাৰ সংকল্প, সাহস আৰু পৰিৱৰ্তিত ভাৰতৰ ছবি আৰু এই ছবিখনে সমগ্ৰ দেশক দেশপ্ৰেমমূলক আৱেগেৰে ভৰাই তুলিছে, ত্ৰিৰংগ পতাকাখনক ৰঙেৰে ভৰাই তুলিছে। আপুনি হয়তো দেখিছে যে দেশৰ বহু চহৰ, গাঁও, সৰু সৰু চহৰত ত্ৰিৰংগ যাত্ৰা বাহিৰ কৰা হৈছে। হাতত ত্ৰিৰংগ পতাকা লৈ হাজাৰ হাজাৰ লোকে দেশৰ জোৱানক চেলুট আৰু অভিনন্দন জনাবলৈ ওলাই আহিছে। বহু চহৰত যুৱক-যুৱতীসকলে বৃহৎ সংখ্যক একত্ৰিত হৈ অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক হৈ পৰিছে আৰু আমি দেখিছো যে চণ্ডীগড়ৰ ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈছে। ছচিয়েল মিডিয়াত কবিতা লিখা, সংকল্প আৰু গীত গোৱা হৈছে। সৰু ল’ৰা-ছোৱালীয়ে ছবি আঁকিছে, তাৰ অন্তৰালত লুকাই আছে গুৰুত্বপূৰ্ণ বাৰ্তা। তিনিদিন আগতে বিকানেৰলৈ গৈছিলো। তাত থকা ল’ৰা-ছোৱালীবোৰে মোক তেনেকুৱা এখন ছবি দিলে। অপাৰেচন সিন্দুৰে দেশৰ জনসাধাৰণক ইমানেই প্ৰভাৱিত কৰিছে যে বহু পৰিয়ালে ইয়াক নিজৰ জীৱনৰ অংগ কৰি তুলিছে। বিহাৰৰ কাটিহাৰ, উত্তৰপ্ৰদেশৰ কুশীনগৰ আৰু আন বহু চহৰত সেই সময়ত জন্ম হোৱা সন্তানক ‘সিন্দুৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।

ৰাজস্থানৰ বিকানেৰত এলানি উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অনুবাদ

ৰাজস্থানৰ বিকানেৰত এলানি উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ ইংৰাজী তৰ্জমাৰ অনুবাদ

May 22nd, 12:00 pm

ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ বাগড়ে জী, এইখন ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান ভজন লাল জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী অশ্বিনী বৈষ্ণৱ জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দীয়া কুমাৰী জী, প্ৰেম চান্দ জী, ৰাজস্থান চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী মদন ৰাথোৰ জী, অন্যান্য সাংসদ-বিধায়ক, আৰু মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ বিকানেৰত ২৬,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰে

May 22nd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ বিকানেৰত ২৬,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জনসাধাৰণৰ উল্লেখযোগ্য অংশগ্ৰহণক স্বীকাৰ কৰি অনুষ্ঠানৰ বৃহৎ সমাৱেশক আদৰণি জনায়। কেইবাগৰাকীও ৰাজ্যপাল, মুখ্যমন্ত্ৰী, উপ-ৰাজ্যপাল আৰু অন্যান্য জন প্ৰতিনিধিৰ উপস্থিতিত আনন্দ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লগত জড়িত সমগ্ৰ দেশৰ সকলো সন্মানীয় গণ্যমান্য ব্যক্তি আৰু নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে।

২২ মে'ত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণ

May 20th, 01:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মে'ত ৰাজস্থান ভ্ৰমণ কৰিব। তেওঁ বিকানেৰলৈ যাব আৰু পুৱা প্ৰায় ১১ বজাত তেওঁ দেশন’কৰ কৰ্ণী মাতা মন্দিৰ দৰ্শন কৰিব।

১৭ তম অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 21st, 11:30 am

অসামৰিক সেৱা দিৱসত সকলোকে আন্তৰিক অভিনন্দন! এইবছৰৰ অসামৰিক সেৱা দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে। আমি আমাৰ সংবিধানৰ ৭৫তম বছৰ স্মৰণ কৰাৰ লগতে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম জয়ন্তীও পালন কৰিবলৈ লৈছো। ১৯৪৭ চনৰ ২১ এপ্ৰিলৰ আজিৰ দিনটোতে চৰ্দাৰ পেটেলে চৰকাৰী কৰ্মচাৰীক “ষ্টীল ফ্ৰেম অৱ ইণ্ডিয়া” অৰ্থাৎ ভাৰতৰ লৌহ গাঁথনি বুলি উল্লেখ কৰিছিল। তেওঁ এনে এক আমোলাতন্ত্ৰৰ কল্পনা কৰিছিল যিয়ে স্বাধীন ভাৰতৰ আদৰ্শক ৰক্ষা কৰিব, যি হ’ব সততা, অনুশাসন আৰু জাতিৰ প্ৰতি অটল দায়বদ্ধতাৰ শিপাই থকা অসামৰিক সেৱা। যিয়ে গণতান্ত্ৰিক মনোভাৱেৰে প্ৰশাসনযন্ত্ৰ পৰিচালনা কৰে আৰু দেশৰ সেৱাক সকলোতকৈ ওপৰত স্থান দিয়ে। আমি বিকশিত ভাৰত নিৰ্মাণৰ সংকল্প লৈ আগবাঢ়ি যোৱাৰ সময়তে চৰ্দাৰ পেটেলৰ কথাই আমাক পথ প্ৰদৰ্শন আৰু অনুপ্ৰাণিত কৰি আহিছে। নিষ্ঠাবান, সৎ আৰু জনকেন্দ্ৰিক অসামৰিক সেৱাৰ বাবে তেওঁৰ দৃষ্টিভংগী এতিয়া পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। এই উপলক্ষে চৰ্দাৰ পেটেলৰ চিৰস্থায়ী দৃষ্টিভংগীক শ্ৰদ্ধা জনাইছো আৰু দেশ নিৰ্মাণৰ দিশত অদম্য প্ৰচেষ্টাৰ বাবে সকলো চৰকাৰী কৰ্মচাৰীক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

১৭সংখ্যক অসামৰিক সেৱা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন

April 21st, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১৭ সংখ্যক অসামৰিক সেৱা দিৱস উপলক্ষে অসামৰিক কৰ্মচাৰীসকলক সম্বোধন কৰে। তেওঁ ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাও প্ৰদান কৰে। সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অসামৰিক সেৱা দিৱস উপলক্ষে সকলোকে অভিনন্দন জনায় আৰু সংবিধানৰ ৭৫তম বৰ্ষপূৰ্তি আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০তম জয়ন্তী উপলক্ষে এইবাৰৰ উদযাপনৰ গুৰুত্বত আলোকপাত কৰে। অসামৰিক কৰ্মচাৰীসকলক 'ভাৰতৰ তীখাৰ জকা' বুলি উল্লেখ কৰা ১৯৪৭চনৰ ২১ এপ্ৰিলৰ চৰ্দাৰ পেটেলৰ বিখ্যাত বক্তব্যৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে পেটেলৰ আমোলাতন্ত্ৰৰ সম্পৰ্কত থকা দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে যি অনুশাসন, সততা আৰু গণতান্ত্ৰিক মূল্যবোধ বৰ্তাই ৰাখে আৰু দেশলৈ সৰ্বাধিক নিষ্ঠাৰে সেৱা কৰে। বিকশিত ভাৰত হোৱাৰ ক্ষেত্ৰত দেশৰ সংকল্পৰ সন্দৰ্ভত চৰ্দাৰ পেটেলৰ আদৰ্শৰ প্ৰাসংগিকতাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু চৰ্দাৰ পেটেলৰ দৃষ্টিভংগী আৰু উত্তৰাধিকাৰৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লালকিল্লাৰ পৰা তেওঁ পূৰ্বে আগবঢ়োৱা বক্তব্যৰ প্ৰতিফলন ঘটাই শ্ৰীমোদীয়ে পৰৱৰ্তী হাজাৰ বছৰৰ বাবে ভাৰতৰ ভেটি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে এই সহস্ৰাব্দৰ ইতিমধ্যে ২৫বছৰ পাৰ হৈ গৈছে, যি নতুন শতিকাৰ ২৫তম বছৰ আৰু নতুন সহস্ৰাব্দ চিহ্নিত কৰিছে। তেওঁ কয়,আজি আমি যিবোৰ নীতিৰ ওপৰত কাম কৰি আছো, আমি যিবোৰ সিদ্ধান্ত লৈছো, সেইবোৰে পৰৱৰ্তী হাজাৰ বছৰৰ ভৱিষ্যতক গঢ় দিব। প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি তেওঁ কয় যে যেনেকৈ ৰথ এখন এটা চকাৰে চলাচল কৰিব নোৱাৰে, ঠিক তেনেদৰে প্ৰচেষ্টা অবিহনে কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি সফলতা লাভ কৰিব নোৱাৰি। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ সামূহিক প্ৰচেষ্টা আৰু সংকল্পৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ সকলোকে এই অংশীদাৰী দৃষ্টিভংগীৰ দিশত সদায় আৰু প্ৰতিটো মুহূৰ্ততে অক্লান্তভাৱে কাম কৰিবলৈ আহ্বান জনায়।

Prime Minister expresses grief over road accident on Jaipur-Ajmer highway in Rajasthan, announces ex-gratia

December 20th, 12:49 pm

Prime Minister, Shri Narendra Modi today expressed grief over the accident on Jaipur-Ajmer highway in Rajasthan. Shri Modi also announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased in the mishap, while the injured would be given Rs. 50,000.

Double-engine Governments at the Centre and state are becoming a symbol of good governance: PM in Jaipur

December 17th, 12:05 pm

PM Modi participated in the event ‘Ek Varsh-Parinaam Utkarsh’ to mark the completion of one year of the Rajasthan State Government. In his address, he congratulated the state government and the people of Rajasthan for a year marked by significant developmental strides. He emphasized the importance of transparency in governance, citing the Rajasthan government's success in job creation and tackling previous inefficiencies.

PM Modi participates in ‘Ek Varsh-Parinaam Utkarsh’ Completion of one year of State Government Programme in Jaipur, Rajasthan

December 17th, 12:00 pm

PM Modi participated in the event ‘Ek Varsh-Parinaam Utkarsh’ to mark the completion of one year of the Rajasthan State Government. In his address, he congratulated the state government and the people of Rajasthan for a year marked by significant developmental strides. He emphasized the importance of transparency in governance, citing the Rajasthan government's success in job creation and tackling previous inefficiencies.

১৭ ডিচেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী

December 16th, 03:19 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ ডিচেম্বৰত ৰাজস্থান ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জয়পুৰত ‘এক বৰ্ষ-পৰিনাম উৎকৰ্ষ’: ৰাজস্থান চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৪৬,৩০০ কোটি টকাৰো অধিক মূল্যৰ শক্তি, পথ, ৰে’ল আৰু জল সম্পৰ্কীয় ২৪টা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 09th, 11:00 am

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।

ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 09th, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

৯ ডিচেম্বৰত ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

December 08th, 09:46 am

অহা ৯ ডিচেম্বৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থান আৰু হাৰিয়ানা ভ্ৰমণ কৰিব। তেওঁৰ প্ৰথম ভ্ৰমণৰ স্থান জয়পুৰ হ’ব, য’ত প্ৰায় ১০:৩০ বজাত তেওঁ জয়পুৰ প্ৰদৰ্শনী আৰু অধিৱেশন কেন্দ্ৰ (জেইচিচি)ত ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ উদ্বোধন কৰিব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে পানীপটলৈ যাত্ৰা কৰিব, য’ত প্ৰায় ২:০০ বজাত তেওঁ এল আই চিৰ বীমা সখী যোজনা শুভাৰম্ভ কৰিব আৰু মহাৰানা প্ৰতাপ উদ্যান শস্য বিশ্ববিদ্যালয়ৰ মূল চৌহদৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী

November 24th, 11:30 am

মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।

Maharashtra has witnessed the triumph of development, good governance, and genuine social justice: PM Modi

November 23rd, 10:58 pm

Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.

PM Modi addresses passionate BJP Karyakartas at the Party Headquarters

November 23rd, 06:30 pm

Prime Minister Narendra Modi addressed BJP workers at the party headquarters following the BJP-Mahayuti alliance's resounding electoral triumph in Maharashtra. He hailed the victory as a decisive endorsement of good governance, social justice, and development, expressing heartfelt gratitude to the people of Maharashtra for trusting BJP's leadership for the third consecutive time.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্‍ ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ

October 30th, 03:24 pm

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্‍ কৰে।

ৰাজস্থানৰ চিকাৰত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

October 29th, 07:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ চিকাৰত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০,০০০ টকাকৈ একাকলীন সাহায্য ঘোষণা কৰে।

গুজৰাটৰ আমৰেলীত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 28th, 04:00 pm

মঞ্চত উপবিষ্ট গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল জী, কেন্দ্ৰৰ মোৰ সহকৰ্মী চি.আৰ. পাটিল জী আৰু গুজৰাটৰ ভাই-ভনী আৰু আজি বিশেষকৈ আমৰেলীৰ ভাই-ভনীসকল।