
পশ্চিমবংগৰ দুৰ্গাপুৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
July 18th, 02:35 pm
আমাৰ দুৰ্গাপুৰ ষ্টীল চিটি হোৱাৰ উপৰিও ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। ভাৰতৰ উন্নয়নত দুৰ্গাপুৰে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি আমি এই ভূমিকাক অধিক সুদৃঢ়কৰণৰ সুযোগ লাভ কৰিছোঁ। কিছু সময় পূৰ্বে ইয়াৰ পৰাই ৫,৪০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিছোঁ। এই সকলোবোৰ প্ৰকল্পই ইয়াৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব। গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিয়ে উদ্দীপনা লাভ কৰিব। আজিৰ প্ৰকল্পসমূহে ষ্টীল চিটিৰ পৰিচয়ক অধিক সুদৃঢ় কৰিব। অৰ্থাৎ এই প্ৰকল্পসমূহে মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড মন্ত্ৰৰে পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে একাধিক কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি হ’ব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
July 18th, 02:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টীল চিটি হিচাপে পৰিচিত দুৰ্গাপুৰ ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। তেখেতে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য অৱদানক স্বীকাৰেৰে কয় যে আজি সেই ভূমিকাক অধিক সুদৃঢ়কৰণৰ অৰ্থে সুযোগৰ উন্মেষ ঘটিছে। শ্ৰী মোদীয়ে কয় যে আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব, গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিক উদ্দীপনা যোগাব আৰু ষ্টীল চিটি হিচাপে দুৰ্গাপুৰৰ পৰিচয়ক সমৃদ্ধ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পসমূহ “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” দৃষ্টিভংগীৰে সংগতিপূৰ্ণ আৰু ই পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। তেখেতে দৃঢ়তাৰে কয় যে ইয়াৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে অসীম নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে তেখেতে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
বিহাৰৰ মোতিহাৰীত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
July 18th, 11:50 am
বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান জী, ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী জীতন ৰাম মাঝি জী, গিৰিৰাজ সিং জী, ললন সিং জী, চিৰাগ পাছোৱান জী, ৰামনাথ ঠাকুৰ জী, নিত্যানন্দ ৰায় জী, সতীশ চন্দ্ৰ ডুবে জী, ৰাজভূষণ চৌধুৰী জী, বিহাৰৰ উপ- মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় সিনহা জী, সংসদত মোৰ সহকৰ্মীসকল, বিহাৰৰ জ্যেষ্ঠ নেতা উপেন্দ্ৰ কুশৱাহা জী, বিহাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ জয়ছোৱাল জী, উপস্থিত মন্ত্ৰীসকল, জন প্ৰতিনিধি আৰু বিহাৰৰ মোৰ ভাই-ভনীসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
July 18th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মোতিহাৰীত ৭,০০০ কোটি টকাতকৈও অধিক মূল্যৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা কৰে। পবিত্ৰ শাওন মাহত বাবা সোমেশ্বৰনাথৰ ওচৰত সেৱা জনাই প্ৰধানমন্ত্ৰীয়ে আশীৰ্বাদ বিচাৰে আৰু বিহাৰৰ জনসাধাৰণৰ জীৱনত সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। সমাৱেশত ভাষণ দি শ্ৰী মোদীয়ে কয় যে এইখন হৈছে চম্পাৰণৰ ভূমি, যিয়ে ইতিহাস গঢ় দিছে। স্বাধীনতা আন্দোলনৰ সময়ত এই ভূমিয়ে মহাত্মা গান্ধীক এক নতুন দিশ প্ৰদান কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই ভূমিৰ পৰা পোৱা অনুপ্ৰেৰণাই এতিয়া বিহাৰৰ নতুন ভৱিষ্যতক গঢ় দিব। এই উন্নয়নমূলক পদক্ষেপৰ বাবে তেওঁ উপস্থিত সকলোকে আৰু বিহাৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ১৮ জুলাইত বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ কৰিব
July 17th, 11:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৮ জুলাইত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেখেতে দিনৰ প্ৰায় ১১:৩০ বজাত বিহাৰৰ মতিহাৰীত ৭,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। ইয়াত তেখেতে এখনি জন সভাও সম্বোধন কৰিব।ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ আঁৰত উৰুগুৱেৰ ৰাষ্ট্ৰপতিৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী
July 07th, 09:20 pm
ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ আঁৰত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী উৰুগুৱেৰ ৰাষ্ট্ৰপতি মহামহিম ইয়ামাণ্ডু অৰ্চিৰ সৈতে মিলিত হয়।আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
July 06th, 01:48 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মহামহিম জেভিয়াৰ মিলেইক সাক্ষাৎ কৰে। কাছা ৰোজাডাত উপস্থিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি মিলেই প্ৰধানমন্ত্ৰী শ্ৰী মোদীক উষ্ম আদৰণি জনায়। কালি বুয়েনছ আয়াৰ্ছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হৈছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে । কাৰণ ৫৭ বছৰৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো আৰ্জেণ্টিনা ভ্ৰমণ। ভাৰত-আৰ্জেণ্টিনাৰ সম্পৰ্কৰ এয়া এক গুৰুত্বপূৰ্ণ বছৰ, কাৰণ দুয়োখন দেশে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মিলেইৰ লগতে তেওঁৰ প্ৰতিনিধি দলৰ প্ৰতি তেওঁক আগবঢ়োৱা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।India remains a committed partner in Africa’s development journey: PM Modi in Parliament of Ghana
July 03rd, 03:45 pm
PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.Prime Minister, Shri Narendra Modi addresses the Parliament of Ghana
July 03rd, 03:40 pm
PM Modi, while addressing Ghana’s Parliament, praised its democratic values and deep-rooted resilience. He celebrated the India-Ghana friendship, called for inclusive global reforms, and reaffirmed India’s commitment to climate action and “Humanity First” through shared global initiatives.ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয় সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 03rd, 12:32 am
তিনি দশকৰ দীঘলীয়া ব্যৱধানৰ অন্তত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে।২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।ভাৰতৰ ১১ বছৰীয়া আন্তঃগাঁথনি বিপ্লৱৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
June 11th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিকাশৰ যাত্ৰাত আন্তঃগাঁথনি বিপ্লৱৰ ১১ বছৰ উদযাপন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে, যি এটা দশকৰো অধিক কাল পৰিৱৰ্তনশীল আন্তঃগাঁথনিগত উন্নয়নে দেশখনক আগুৱাই লৈ গৈছে। শ্ৰী মোদীয়ে ৰে’লপথ, ঘাইপথ, বন্দৰ আৰু বিমানবন্দৰসমূহক সামৰি আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত যোগাযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ, জীৱন ধাৰণৰ সুচলতাৰ উন্নতি আৰু নাগৰিকসকলৰ বাবে সমৃদ্ধি বৃদ্ধি পায়।The inauguration of mega infrastructure projects today marks a turning point in Jammu and Kashmir's development journey: PM Modi in Katra
June 06th, 12:50 pm
PM Modi launched multiple development projects worth over Rs. 46,000 crore in Jammu and Kashmir. He inaugurated the Chenab and Anji rail bridges and flagged off Vande Bharat Trains. Emphasizing that both the bridges will serve as catalysts for prosperity in J&K, the PM said, “these landmark projects will boost tourism and also benefit various sectors of the economy, creating opportunities for businesses and industries”.জম্মু-কাশ্মীৰত ৪৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
June 06th, 12:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ কাটৰাত ৪৬,০০০কোটি টকাতকৈও অধিক ব্যয়ৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। সাহসী বীৰ জোৰাৱাৰ সিঙৰ ভূমিক অভিবাদন জনাই তেওঁ মন্তব্য কৰে যে আজিৰ অনুষ্ঠানটো ভাৰতৰ একতা আৰু সংকল্পৰ এক বিশাল উদযাপন। শ্ৰী মোদীয়ে কয় যে মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদত কাশ্মীৰ উপত্যকা এতিয়া ভাৰতৰ বিশাল ৰে’ল নেটৱৰ্কৰ সৈতে সংযুক্ত হৈছে। উধামপুৰ-শ্ৰীনগৰ-বাৰামুল্লা ৰে’ল লাইন প্ৰকল্প কেৱল এটা নাম নহয়, জম্মু-কাশ্মীৰৰ নতুন শক্তিৰ প্ৰতীক আৰু ভাৰতৰ বৰ্ধিত সামৰ্থ্যৰ প্ৰমাণ বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আমি সদায়ে মা ভাৰতীক 'কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ'বুলি গভীৰ শ্ৰদ্ধাৰে উল্লেখ কৰি আহিছোঁআজি আমাৰ ৰে’ল নেটৱৰ্কতো ই বাস্তৱত পৰিণত হৈছে।২২ মে'ত প্ৰধানমন্ত্ৰীৰ ৰাজস্থান ভ্ৰমণ
May 20th, 01:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মে'ত ৰাজস্থান ভ্ৰমণ কৰিব। তেওঁ বিকানেৰলৈ যাব আৰু পুৱা প্ৰায় ১১ বজাত তেওঁ দেশন’কৰ কৰ্ণী মাতা মন্দিৰ দৰ্শন কৰিব।১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 30th, 03:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ১ মে'ত মুম্বাই ভ্ৰমণ কৰিব আৰু দিনৰ প্ৰায় ১০.৩০ বজাত বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ৱেভছ) উদ্বোধন কৰিব।বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 12:00 pm
ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে
April 24th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 11th, 11:00 am
মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
April 11th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।