তথ্যপটঃ কোৱাড গোষ্ঠীভুক্ত নেতৃবৃন্দৰ শীর্ষ বৈঠক

September 25th, 11:53 am

ৰাষ্ট্রপতি বাইডেনে ২৪ ছেপ্টেম্বৰত হোৱাইট হাউছত অস্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন, ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী যোশিহিদে সুগাক লৈ গঠিত কোৱাড বা চতুর্দেশীয় অক্ষ গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দক মুখামুখি বৈঠকলৈ আমন্ত্রণ জনায়। এইখনেই আছিল কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দৰ ব্যক্তিগত উপস্থিতিত প্রথম বৈঠক। কোৱাড গোষ্ঠীভুক্ত নেতৃবৃন্দই উচ্চাকাঙ্ক্ষী উদ্যোগত অগ্রাধিকাৰ দিয়ে যাৰ ফলত একৈশ শতাব্দীৰ চ্যালেঞ্জবিলাকৰ মোকাবিলাত বাস্তবিক সহযোগিতা আৰু পাৰস্পৰিক সম্পর্ক অধিক নিবিড় হয়। এই বৈঠকত কোভিড-১৯ মহামাৰীৰ অবসান সহ নিৰাপদ আৰু কার্যকৰী টীকাৰ উৎপাদন বৃদ্ধি তথা সকলোৰে বাবে উপলব্ধ কৰোৱা; উন্নতমানৰ পৰিকাঠামো নির্মাণ; জলবায়ুজনিত সঙ্কটৰ মোকাবিলা; উদীয়মান প্রযুক্তিৰ ক্ষেত্রত অংশীদাৰিত্ব, মহাকাশ আৰু চাইবাৰ নিৰাপত্তাৰ দৰে ক্ষেত্রত সমন্বয় অধিক বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। গোষ্ঠীভুক্ত দেশবিলাকত অহা প্রজন্মৰ মেধাৰ অধিক বিকাশৰ বিষয়টোক অগ্রাধিকাৰ দিয়া হয়।