মহাৰাষ্ট্ৰত ৫১১ টা প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 19th, 05:00 pm

পৱিত্ৰ নৱৰাত্ৰি চলি আছে। আজি মাৰ পঞ্চম ৰূপ, স্কন্দমাতাৰ উপাসনাৰ দিন। প্ৰতিগৰাকী মাতৃয়ে ইচ্ছা কৰে যে তেওঁৰ সন্তানে সুখ আৰু সফলতা লাভ কৰক। সুখ আৰু সফলতাৰ এই প্ৰাপ্তি কেৱল শিক্ষা আৰু দক্ষতাৰ জৰিয়তেহে সম্ভৱ। এনে এক পৱিত্ৰ সময়ত, মহাৰাষ্ট্ৰৰ আমাৰ পুত্ৰ আৰু কন্যাসকলৰ দক্ষতা বিকাশৰ বাবে ইমান ডাঙৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আৰু মোৰ সন্মুখত বহি থকা লাখ লাখ যুৱক-যুৱতী, আৰু যিসকলে এই দক্ষতা বিকাশৰ পথত আগবাঢ়ি যাবলৈ দৃঢ় সংকল্প লৈছে, মই নিশ্চয় ক'ব লাগিব যে আজিৰ এই ৰাতিপুৱা তেওঁলোকৰ জীৱনত মংগল প্ৰভাত হৈ পৰিছে। মহাৰাষ্ট্ৰত ৫১১ টা গ্ৰাম্য কৌশল্য বিকাশ কেন্দ্ৰ স্থাপন হবলৈ গৈ আছে।

মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে প্ৰধানমন্ত্ৰীয়ে

October 19th, 04:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰে। মহাৰাষ্ট্ৰৰ ৩৪ খন গ্ৰাম্য জিলাত স্থাপিত এই কেন্দ্ৰসমূহে গ্ৰাম্যাঞ্চলৰ যুৱক-যুৱতীসকলক নিযুক্তিৰ সুযোগ প্ৰদান কৰাৰ বাবে বিভিন্ন খণ্ডত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী পৰিচালনা কৰিব।

মহাৰাষ্ট্ৰত ১৯ অক্টোবৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

October 18th, 11:04 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে ১৯ অক্টোবৰ, ২০২৩ তাৰিখে আবেলি প্ৰায় ৪:৩০ বজাত মহাৰাষ্ট্ৰত ৫১১ টা ‘প্ৰমোদ মহাজন গ্ৰামীণ কৌশল্য বিকাশ কেন্দ্ৰ’ মুকলি কৰিব। এই কেন্দ্ৰসমূহ মহাৰাষ্ট্ৰৰ ৩৪ খন গ্ৰাম্য জিলাত স্থাপন কৰা হৈছে।