প্ৰধানমন্ত্ৰীয়ে ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব
January 02nd, 03:34 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ৪ জানুৱাৰীত মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ইম্ফলত ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ ২২টা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছতে দুপৰীয়া প্ৰায় ২ বজাত আগৰতলাত তেওঁ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল ভৱন উদ্বোধন কৰিব আৰু লগতে দুটা গুৰুত্বপূৰ্ণ উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰিব।