
ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 06th, 04:21 pm
মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!
ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ
February 06th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
Developing Indian Railways is key to achieving the resolve of Viksit Bharat: PM
January 06th, 01:00 pm
PM Modi inaugurated key railway projects in Jammu, including the new Jammu Railway Division, and launched the Charlapalli Terminal Station in Telangana. He also laid the foundation for the Rayagada Railway Division Building in Odisha. These initiatives aim to modernize railway infrastructure, improve connectivity, create jobs, and promote regional development, with special emphasis on enhancing passenger facilities and boosting economic growth.বিভিন্ন ৰে'ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 06th, 12:30 pm
শ্ৰী গুৰু গোবিন্দ সিংজী জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ শিক্ষা আৰু জীৱনে এক শক্তিশালী আৰু সমৃদ্ধিশালী দেশৰ দৃষ্টিভংগীক অনুপ্ৰাণিত কৰে। সংযোগৰ ক্ষেত্ৰত ভাৰতৰ দ্ৰুতগতিত অগ্ৰগতিৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে ২০২৫ চনৰ আৰম্ভণিৰ পৰাই ভাৰতে মেট্ৰ’ ৰে’ল নেটৱৰ্ক ১০০০ কিলোমিটাৰতকৈও অধিক সম্প্ৰসাৰণ কৰি নিজৰ পদক্ষেপ ত্বৰান্বিত কৰি আহিছে। তেওঁ কালি দিল্লী মেট্ৰ’ প্ৰকল্প আৰম্ভ কৰাৰ লগতে দিল্লী-এনচিআৰত শেহতীয়াকৈ নমো ভাৰত ৰে’ল উদ্বোধনৰ কথা উল্লেখ কৰে।India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future
December 16th, 03:26 pm
Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
December 15th, 10:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পূৰ্বে দিল্লীত মুখ্য সচিবসকলৰ চতুৰ্থ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰে। উল্লেখ্য যে ২০২৪ চনৰ ১৩ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ দিল্লীত তিনিদিনীয়া সন্মিলনখন অনুষ্ঠিত হয়।ভাৰতীয় ৰে’লৱেত তিনিটা মাল্টিট্ৰেকিং প্ৰকল্পত অনুমোদন কেবিনেটৰঃ সংযোগ, ভ্ৰমণৰ সুবিধা প্ৰদান, লজিষ্টিক ব্যয় হ্ৰাস, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাসৰ লক্ষ্য
November 25th, 08:52 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি ৰে’ল মন্ত্ৰালয়ৰ তিনিটা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পসমূহত আনুমানিক ৭,৯২৭ কোটি টকা ব্যয় হ’ব।সংযোগৰ সুবিধা প্ৰদান কৰা, ভ্ৰমণ সূচল কৰা, পৰিবহণ ব্যয় হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰাৰ বাবে কেবিনেটে আনুমানিক ৬,৭৯৮ কোটি টকা ব্যয়ৰ দুটা প্ৰকল্পত অনুমোদন জনাইছে আৰু ৫ বছৰৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰা হ'ব
October 24th, 03:12 pm
দুটা অনুমোদিত প্ৰকল্প হৈছে – (ক) নাৰকটিয়াগঞ্জ-ৰক্সৌল-সীতামাৰী-দাৰভাংগা আৰু সীতামাৰী-মুজাফ্ফৰপুৰ শাখাত ২৫৬ কিলোমিটাৰ সামৰি আৰু (খ) ৫৭ কিলোমিটাৰ সামৰি অমৰাৱতী হৈ এৰুপালেম আৰু নামবুৰুৰ মাজত নতুন ৰে'লপথ নিৰ্মাণ।১৬ সংখ্যক ব্ৰিকছ সন্মিলনৰ মুকলি পূৰ্ণাংগ সভাত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
October 23rd, 05:22 pm
আৰু, আকৌ এবাৰ ব্ৰিকছত যোগদান কৰা সকলো নতুন বন্ধু ৰাষ্ট্ৰক উষ্ম আদৰণি জনাইছোঁ। নতুন ৰূপত ব্ৰিকছে বিশ্বৰ মানৱতাৰ ৪০ শতাংশ আৰু বিশ্ব অৰ্থনীতিৰ প্ৰায় ৩০ শতাংশ অংশ গ্ৰহণ কৰিছে।প্ৰধানমন্ত্ৰীয়ে পিএম গতিশক্তিৰ তিনি বছৰ সম্পূৰ্ণ হোৱাত ভাৰত মণ্ডপমত অনুভূতি কেন্দ্ৰ ভ্ৰমণ কৰে
October 13th, 09:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পিএম গতিশক্তিৰ তিনিবছৰ সম্পূৰ্ণ হোৱাত ভাৰত মণ্ডপমত অৱস্থিত অনুভূতি কেন্দ্ৰ পৰিদৰ্শন কৰে। শ্ৰী মোদীয়ে কয় যে পিএম গতিশক্তিয়ে ভাৰতৰ আন্তঃগাঁথনিৰ উন্নয়ন যাত্ৰাক ত্বৰান্বিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।তৃতীয় বৰ্ষপূৰ্তিত প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ প্ৰশংসা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 13th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে প্ৰশংসা কৰিছে।ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 31st, 10:39 pm
ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামৰ এই অনুষ্ঠানলৈ আহি বহু পুৰণি মুখ দেখিবলৈ পোৱাটো মোৰ বাবে এক আনন্দৰ কথা। মই নিশ্চিত যে ইয়াত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সন্দৰ্ভত উৎকৃষ্ট আলোচনা হ’ব। আৰু এই আলোচনা এনে সময়ত হৈছে, যিসময়ত সমগ্ৰ বিশ্বই ভাৰতক লৈ আত্মবিশ্বাসেৰে ভৰপূৰ হৈ আছে।নতুন দিল্লীত ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 31st, 10:13 pm
সমাৱেশত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মূল্যৱান আলোচনাৰ সুবিধা প্ৰদান কৰিব। তেওঁ এই কথাও আলোকপাত কৰে যে ভাৰতৰ ওপৰত বিশ্বব্যাপী আস্থা দৃঢ় হোৱা এই মুহূৰ্তত এই আলোচনাসমূহ সংঘটিত হৈছে।ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত ১২টা ঔদ্যোগিক ন’ড/চহৰত কেবিনেটৰ অনুমোদন
August 28th, 05:46 pm
ভাৰতে অতি সোনকালে ঔদ্যোগিক স্মাৰ্ট চিটীৰ এক বৃহৎ শৃংখল স্থাপনৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন কাৰ্যসূচী(এনআইচিডিপি)ৰ অধীনত ২৮,৬০২ কোটি টকাৰ আনুমানিক বিনিয়োগেৰে ১২টা নতুন প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনায়। এই পদক্ষেপে দেশৰ ঔদ্যোগিক পৰিৱেশৰ ৰূপান্তৰ ঘটোৱাৰ লগতে, ঔদ্যোগিক ন’ড আৰু চহৰৰ এক শক্তিশালী নেটৱৰ্ক গঢ়ি তুলিব যিয়ে অৰ্থনৈতিক বিকাশ আৰু বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব।কেবিনেটে ভাৰতীয় ৰে’লৱেত সংযোগ বৃদ্ধি, যাতায়াত সহজ কৰা, লজিষ্টিক খৰচ হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে দুটা নতুন লাইন আৰু এটা মাল্টি ট্ৰেকিং প্ৰকল্পত অনুমোদন জনায়
August 28th, 05:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (চিচিইএ)য়ে ৰে’ল মন্ত্ৰালয়ৰ প্ৰায় ৬,৪৫৬ কোটি টকাৰ মুঠ আনুমানিক ব্যয় সাপেক্ষে তিনিটা প্ৰকল্পত অনুমোদন জনাইছে।IIT Guwahati Hosts Viksit Bharat Ambassador - Campus Dialogue
March 14th, 08:37 pm
The Dr Bhupen Hazarika Auditorium at IIT Guwahati was filled with excitement and energy on March 14, 2024, as it hosted the Viksit Bharat Ambassador—Campus Dialogue. This gathering, the 15th event organized under the banner of Viksit Bharat Ambassador, attracted over 1,400 students and faculty, providing a platform for an engaging discussion.গুজৰাটৰ আহমেদাবাদত উন্নয়নমূলক কাম-কাজৰ আধাৰশিলা স্থাপন/উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 12th, 10:00 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য শ্ৰী দেৱব্ৰত জী, গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল জী, মোৰ কেবিনেট সহযোগী ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী, মোৰ সহযোগী সাংসদ আৰু গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী চি.আৰ পাটিলৰ লগতে দেশৰ বিভিন্ন স্থাপন পৰা সংযোগ স্থাপন কৰা ৰাজ্যপাল, মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, মন্ত্ৰীসকল আৰু মই মোৰ সন্মুখত পৰ্দাত দেখিছো আজি ৭০০তকৈ অধিক ঠাইত স্থানীয় সাংসদগৰাকীৰ নেতৃত্বত, তাত থকা মন্ত্ৰীৰ নেতৃত্বত লাখ লাখ লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। হয়তো ৰে’লৱেৰ ইতিহাসত ভাৰতৰ চুক-কোণে একেলগে ইমান ডাঙৰ কাৰ্যসূচী কেতিয়াও হোৱা নাই। ১০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এনে কাৰ্যসূচী অনুষ্ঠিত হৈছে। লগতে এই মহান অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে ৰে’লৱেক অভিনন্দন জনাইছো।গুজৰাটৰ আহমেদাবাদত ১,০৬,০০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশবাসীলৈ উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 12th, 09:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ‘সমৰ্পিত ফ্ৰেইট কৰিডৰৰ অভিযান’ৰ নিয়ন্ত্ৰণ কেন্দ্ৰত ১,০৬,০০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে'ল আন্তঃগাঁথনি, যোগাযোগ আৰু পেট্ৰ'কেমিকেলকে ধৰি একাধিক খণ্ডক সামৰি লৈছে। তেওঁ ১০ খন নতুন ‘বন্দে ভাৰত ৰে’ল’ৰো শুভাৰম্ভ ঘোষণা কৰে।তুতুকোড়ি (তুতুকোৰিন)ত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন/উদ্বোধন/ৰাষ্ট্ৰৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 28th, 10:00 am
মঞ্চত উপস্থিত আছে তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি জী, মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল জী, শ্ৰীপদ নায়ক জী, শান্তনু ঠাকুৰ জী, এল মুৰুগন জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, ইয়াৰ সাংসদ, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰ পুৰুষ-মহিলাসকল,প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ থুথুকুডিত ১৭,৩০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 28th, 09:54 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ থুথুকুডিত ১৭,৩০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হৰিত নৌকা পদক্ষেপৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজীয়া হাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো শুভাৰম্ভ কৰে। তেওঁ ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইট হাউচত পৰ্যটন সুবিধা উৎসৰ্গা কৰে। তেওঁ ভাঞ্চি মানিয়াচ্চি- তিৰুনেলভেলি অংশ আৰু মেলাপ্পালয়ম-আৰালভাইমোলি অংশকে ধৰি ভাঞ্চি মানিয়াচ্চি-নাগৰকইল ৰে'ল লাইন দ্বৈতকৰণৰ বাবে ৰেল প্ৰকল্প দেশৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত প্ৰায় ৪,৫৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চাৰিটা পথ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰে।