
ভাৰত-নিউজিলেণ্ডৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
March 17th, 01:05 pm
মই প্ৰধানমন্ত্ৰী লাক্সন আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ উষ্ম আদৰণি জনাইছোঁ। ভাৰতৰ সৈতে প্ৰধানমন্ত্ৰী লাক্সনৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। কেইদিনমান পূৰ্বে তেওঁ অকলেণ্ডত হোলীৰ আনন্দময় উৎসৱ পালন কৰা কাৰ্য্য আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ। নিউজিলেণ্ডত বসবাস কৰা ভাৰতীয় মূলৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী লাক্সনৰ মৰমৰপৰাও এই কথা বুজিব পাৰি। তেওঁৰ লগত ভাৰতলৈ এটা বৃহৎ প্ৰতিনিধি দল আহিছে। তেওঁৰ দৰে এজন যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী নেতাক এইবাৰ ৰাইচিনা ডায়লগৰ মুখ্য অতিথি হিচাপে লাভ কৰাটো আমাৰ বাবে অতিশয় আনন্দৰ বিষয়।
জাপান-ভাৰত ব্যৱসায়িক সহযোগিতা সমিতিৰ প্ৰতিনিধি দলে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে
March 05th, 07:52 pm
জাপান-ভাৰত ব্যৱসায়িক সহযোগিতা সমিতি (জেআইবিচিচি)ৰ ১৭ জনীয়া প্ৰতিনিধি দলে নিজৰ অধ্যক্ষ শ্ৰী তাটছুও ইয়াছুনাগাৰ নেতৃত্বত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোত মেনুফেকচাৰিং, বেংকিং, এয়াৰলাইন্স, ফাৰ্মা ছেক্টৰ, প্লাণ্ট ইঞ্জিনিয়াৰিং আৰু লজিষ্টিকছৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ আগশাৰীৰ জাপানী কৰ্পৰেট হাউছৰ জ্যেষ্ঠ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত আছিল।
যৌথ বিবৃতি: ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ দ্বিতীয় বৈঠক, নতুন দিল্লী (২৮ ফেব্ৰুৱাৰী, ২০২৫)
February 28th, 06:25 pm
ভাৰত-ইউৰোপীয় সংঘৰ বাণিজ্য আৰু প্ৰযুক্তি পৰিষদৰ (টিটিচি) দ্বিতীয়খন বৈঠক ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হয়।ইয়াত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ; বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল; আৰু ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰযুক্তি সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু গণতন্ত্ৰৰ কাৰ্যবাহী উপ-সভানেত্ৰী শ্ৰীমতী হেনা ভিৰকুনেন, বাণিজ্য আৰু অৰ্থনৈতিক নিৰাপত্তাৰ আয়ুক্ত, আন্তঃপ্ৰতিষ্ঠানিক সম্পৰ্ক আৰু স্বচ্ছতা শ্ৰী মাৰোছ শ্বেফচভিচ আৰু ষ্টাৰ্টআপ, গৱেষণা আৰু উদ্ভাৱনৰ আয়ুক্ত শ্ৰীমতী একাটেৰিনা জাহাৰিয়েভাই সহ-অধ্যক্ষতা কৰে।গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
February 25th, 11:10 am
পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 25th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 22nd, 02:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ মধ্যপ্ৰদেশ, বিহাৰ আৰু অসম ভ্ৰমণ কৰিব। ২৩ ফেব্ৰুৱাৰীত তেওঁ মধ্যপ্ৰদেশৰ চট্টাৰপুৰ জিলালৈ যাত্ৰা কৰিব আৰু দুপৰীয়া প্ৰায় ২ বজাত বাগেশ্বৰ ধাম চিকিৎসা আৰু বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। ২৪ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০ বজাত প্ৰধানমন্ত্ৰীয়ে ভূপালত বিশ্ব বিনিয়োগকাৰী সন্মিলন, ২০২৫ উদ্বোধন কৰিব। ইয়াৰ পিছত তেওঁ বিহাৰৰ ভগলপুৰলৈ যাত্ৰা কৰিব আৰু প্ৰায় ২:১৫ বজাত পি এম কিষান আঁচনিৰ ১৯তম কিস্তি মুকলি কৰাৰ লগতে বিহাৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু দেশবাসীৰ নামত উৎসৰ্গা কৰিব। তেওঁ লগতে গুৱাহাটীলৈ যাত্ৰা কৰিব আৰু সন্ধিয়া প্ৰায় ৬ বজাত তেওঁ ঝুমুইৰ বিনন্দিনী (বিশাল ঝুমুইৰ অনুষ্ঠান) ২০২৫ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ২৫ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত এডভাণ্টেজ অসম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰিব।When the United States and India work together, i.e. 'MAGA' plus 'MIGA', the 'MEGA' Partnership for prosperity is formed: PM Modi
February 14th, 04:57 am
During the joint press meet at the White House, PM Modi expressed his heartfelt gratitude to President Trump for his leadership in strengthening the India-US relationship. He highlighted their shared goals, including boosting trade, energy security, and defense cooperation. PM Modi emphasized the importance of collaboration in technology, space, and combating terrorism, while inviting Trump to visit India again.The foundation of India - France friendship is based on the spirit of deep trust, innovation, & public welfare: PM at India-France CEO Forum, Paris
February 12th, 12:45 am
Giving a boost to business ties between India and France, PM Modi and President Macron attended the CEO Forum in Paris. The PM highlighted India's rise as a global economic powerhouse fueled by stability, reforms and innovation.চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 12th, 12:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ইমানুৱেল মেক্ৰ’ৱে আজি পেৰিছত অনুষ্ঠিত চতুৰ্দশ ভাৰত-ফ্ৰান্স মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চত যুটীয়াভাৱে ভাষণ দিয়ে। এই মঞ্চই প্ৰতিৰক্ষা, এৰ’স্পেচ, গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, আন্তঃগাঁথনি, উন্নত উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জীৱন-বিজ্ঞান, সুস্থতা আৰু জীৱনশৈলী আৰু খাদ্য তথা আতিথ্যৰ দৰে খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়ো পক্ষৰে বিভিন্ন গোটৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক একত্ৰিত কৰে।The Genome India Project marks a defining moment in the country's biotechnology landscape: PM
January 09th, 06:38 pm
PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.Prime Minister Shri Narendra Modi's remarks at the start of Genome India Project
January 09th, 05:53 pm
PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.Serving the people of Andhra Pradesh is our commitment: PM Modi in Visakhapatnam
January 08th, 05:45 pm
PM Modi laid foundation stone, inaugurated development works worth over Rs. 2 lakh crore in Visakhapatnam, Andhra Pradesh. The Prime Minister emphasized that the development of Andhra Pradesh was the NDA Government's vision and serving the people of Andhra Pradesh was the Government's commitment.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ২ লাখ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
January 08th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আজি ২ লাখ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। ভগৱান সিমহাচলম বৰাহা লক্ষ্মী নৰসিংহ স্বামীক যথাযথ সন্মান জনাই, শ্ৰী মোদীয়ে কয় যে ৬০ বছৰৰ ব্যৱধানৰ অন্তত ৰাইজৰ আশীৰ্বাদত দেশত একেৰাহে তৃতীয়বাৰৰ বাবে এখন কেন্দ্ৰীয় চৰকাৰ নিৰ্বাচিত হৈছে। তেওঁ লগতে কয় যে চৰকাৰ গঠনৰ পিছত অন্ধ্ৰ প্ৰদেশত এয়া তেওঁৰ প্ৰথম আনুষ্ঠানিক কাৰ্যসূচী। শ্ৰী মোদীয়ে, অনুষ্ঠানৰ পূৰ্বে ৰোডশ্ব’ৰ সময়ত তেওঁক জনোৱা এক বৃহৎ আদৰণিৰ বাবে ৰাইজক ধন্যবাদ জনায়। তেওঁ লগতে কয় যে শ্ৰী চন্দ্ৰবাবু নাইডুৰ ভাষণৰ সময়ত তেওঁৰ প্ৰতিটো শব্দ আৰু অনুভূতিৰ ভাবনাক তেওঁ সন্মান জনায়। প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশ আৰু ভাৰতৰ জনসাধাৰণৰ সহযোগত শ্ৰী নাইডুৱে নিজৰ ভাষণত উল্লেখ কৰা সকলো লক্ষ্যত উপনীত হ’ব বুলি বিশ্বাস ব্যক্ত কৰে।কুৱেইটৰ প্ৰধানমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
December 22nd, 06:38 pm
দুয়োগৰাকী নেতাই ৰাজনৈতিক, বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰতিৰক্ষা, সুৰক্ষা, স্বাস্থ্য, শিক্ষা, প্ৰযুক্তি, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে এক পথ-মানচিত্ৰ যুগুতোৱা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে ‘কুৱেইট বিনিয়োগ প্ৰাধিকৰণ’ আৰু অন্যান্য অংশীদাৰসকলক লৈ গঠিত এক প্ৰতিনিধি দলক শক্তি, প্ৰতিৰক্ষা, চিকিৎসা সঁজুলি, ফাৰ্মা, খাদ্য উদ্যানৰ ক্ষেত্ৰত নতুন সুযোগ উদ্ভাৱনৰ বাবে ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ জনায়। নেতাদ্বয়ে পৰম্পৰাগত ঔষধ আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে শেহতীয়াকৈ ‘সহযোগিতা আয়োগ’ (জেচিচি)ৰ স্বাক্ষৰক আদৰণি জনায়, যাৰ অধীনত স্বাস্থ্য, জনশক্তি আৰু হাইড্ৰ'কাৰ্বনৰ সন্দৰ্ভত বিদ্যমান ‘জেডব্লিউজি’-ৰ উপৰিও বাণিজ্য, বিনিয়োগ, শিক্ষা, প্ৰযুক্তি, কৃষি, সুৰক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত নতুন যুটীয়া কাৰ্যকৰী গোট গঠন কৰা হৈছে।কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
December 21st, 06:34 pm
মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait
December 21st, 06:30 pm
PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 09th, 11:00 am
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 09th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।প্ৰধানমন্ত্ৰীয়ে বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
November 21st, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত গায়ানাৰ জৰ্জটাউনত অনুষ্ঠিত ভাৰত-কেৰিকম সন্মিলনৰ সুযোগতে বাৰ্বাডোছৰ প্ৰধানমন্ত্ৰী এইচ ই মিয়া আমোৰ মোটলীক সাক্ষাৎ কৰে। শীৰ্ষ পৰ্যায়ৰ এই সম্পৰ্কই দুয়োগৰাকী নেতাক ভাৰত আৰু বাৰ্বাডোছৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক পুনৰ নিশ্চিত কৰা আৰু শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে।প্ৰধানমন্ত্ৰীয়ে গায়ানাৰ ৰাষ্ট্ৰপতিৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হয়
November 21st, 04:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ নৱেম্বৰত জৰ্জটাউনৰ ষ্টেট হাউচত গায়ানাৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীক সাক্ষাৎ কৰে। ৰাজ্যিক সদনত উপস্থিত হোৱাৰ পিছত, তেওঁক ৰাষ্ট্ৰপতি আলীয়ে আদৰণি জনায় আৰু আনুষ্ঠানিক গাৰ্ড অফ অনাৰ প্ৰদান কৰে।