গ্লোবেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টমেণ্ট (পিজিআইআই) আৰু ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইচি)ৰ বাবে অংশীদাৰিত্ব
September 09th, 09:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ২০২৩ চনৰ ৯ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনৰ মাজতে পাৰ্টনাৰশ্বিপ ফৰ গ্ল’বেল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ইনভেষ্টমেণ্ট (পিজিআইআই) আৰু ইণ্ডিয়া-মিডল ইষ্ট-ইউৰোপ ইকনমিক কৰিডৰ (আইএমইচি)ৰ ওপৰত এক বিশেষ অনুষ্ঠানৰ সহ-অধ্যক্ষতা কৰে।বৈশ্বিক আন্তঃগাঁথনি বিনিয়োগৰ অংশীদাৰীত্ব (পিজিআইআই) আৰু ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ সন্দৰ্ভত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ চমু ভাষণ
September 09th, 09:27 pm
এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে সাদৰ স্বাগতম জনাইছো। মোৰ বন্ধু ৰাষ্ট্ৰপতি বিডেনৰ সৈতে এই অনুষ্ঠানত একেলগে সহ-অধ্যক্ষতা কৰিবলৈ পাই মই অতি আনন্দিত হৈছো। আজি আমি সকলোৱে আন এক গুৰুত্বপূৰ্ণ ঐতিহাসিক চুক্তি সম্পাদনৰ সাক্ষী হৈছো।