
লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 04th, 07:00 pm
সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।
লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 04th, 06:55 pm
লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।
ইথানল মিশ্ৰিত পেট্ৰল (ইবিপি) কাৰ্যসূচীৰ অধীনত ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহে (অ’এমচি) ইথানল ক্ৰয়ৰ ব্যৱস্থা– ইথানল যোগান বছৰ (ইএছৱাই) ২০২৪-২৫ৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহক যোগান ধৰা ইথানলৰ মূল্য পুনৰীক্ষণত কেবিনেটৰ অনুমোদন
January 29th, 03:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীৰ বৈঠকত ২০২৪ৰ পৰা ২০২৫ চনৰ ৩১ অক্টোবৰলৈ ভাৰত চৰকাৰৰ ইথানল মিশ্ৰিত পেট্ৰ’ল (ইবিপি) কাৰ্যসূচীৰ অধীনত ১ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ইথানল যোগান বৰ্ষ (ইএছৱাই) ২০২৪-২৫ৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ বাবে ইথানল ক্ৰয়ৰ মূল্য পুনৰীক্ষণত অনুমোদন জনোৱা হৈছে। সেই অনুসৰি ইথানল যোগান বৰ্ষ ২০২৪-২৫ (১ নৱেম্বৰ ২০২৪ৰ পৰা ৩১ অক্টোবৰ ২০২৫লৈ)ৰ বাবে চি হেভি গুৰ (চিএইচএম)ৰ পৰা আহৰণ কৰা ইবিপি কাৰ্যসূচীৰ বাবে ইথানলৰ প্ৰশাসনিক এক্স-মিল মূল্য প্ৰতি লিটাৰত ৫৬.৫৮ টকাৰ পৰা ৫৭.৯৭ টকা নিৰ্ধাৰণ কৰা হৈছে।নতুন দিল্লীৰ ভাৰত মণ্ডপামত বিকশিত ভাৰত যুৱ নেতা সংলাপ ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
January 12th, 02:15 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী মানসুখ মাণ্ডভিয়া জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, জয়ন্ত চৌধুৰী জি, ৰক্ষা খাদছে জী, সংসদ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত মোৰ ডেকা বন্ধুসকল!বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ
January 12th, 02:00 pm
ৰাষ্ট্ৰীয় যুৱ দিৱসত স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ভাৰত মণ্ডপামত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা ২০২৫ত অংশগ্ৰহণ কৰে। তেওঁ সমগ্ৰ ভাৰতৰ ৩,০০০ সচেতন যুৱ নেতাৰ সৈতে সংযোগ স্থাপন কৰে। ভাষণৰ সময়ত তেওঁ ভাৰত মণ্ডপামৰ জীৱন আৰু উৎসাহ কঢ়িয়াই অনা ভাৰতৰ যুৱক-যুৱতীসকলৰ সজীৱ শক্তিক প্ৰশংসা কৰে। দেশৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনাৰ ওপৰত অপৰিসীম বিশ্বাস থকা স্বামী বিবেকানন্দক সমগ্ৰ দেশে স্মৰণ আৰু সন্মান জনাই থকা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে স্বামী বিবেকানন্দৰ বিশ্বাস যে তেওঁৰ শিষ্যসকল নৱ প্ৰজন্মৰ মাজৰ পৰাই ওলাই আহিব, যিয়ে সিংহৰ শক্তিৰে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব আৰু সমাধান কৰিব। প্ৰধানমন্ত্ৰীয়ে নৱ প্ৰজন্মৰ শক্তিৰ ওপৰত নিজৰ বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুৱ প্ৰজন্মৰ প্ৰতি স্বামীজীৰ দৃষ্টিভংগীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰে। তেওঁ আৰু কয় যে স্বামী বিবেকানন্দ আজি যদি জীয়াই থাকে তেন্তে একবিংশ শতিকাৰ যুৱক-যুৱতীসকলৰ জাগ্ৰত শক্তি আৰু সক্ৰিয় প্ৰচেষ্টাক প্ৰত্যক্ষ কৰি তেওঁ নৱীকৃত আত্মবিশ্বাসেৰে ভৰি পৰিব।India - Sri Lanka Joint Statement: Fostering Partnerships for a Shared Future
December 16th, 03:26 pm
Prime Minister of India His Excellency Shri Narendra Modi and President of Sri Lanka His Excellency Anura Kumara Dissanayake had comprehensive and fruitful discussions at their meeting in New Delhi on 16 December 2024, during the latter’s State Visit to the Republic of India.শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
December 16th, 01:00 pm
মহামহিম ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়ক, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধুসকল, আটাইতকে শুভেচ্ছা জনাইছো!India- Saudi Arabia hold first meeting of the High-Level Task Force on Investments
July 28th, 11:37 pm
The first meeting of the India-Saudi Arabia High Level Task Force on Investments, co-chaired by the Principal Secretary to the Prime Minister H.E. Dr. P.K. Mishra and the Saudi Energy Minister His Royal Highness Prince Abdulaziz bin Salman bin Abdulaziz Al Saud was held today, in virtual mode.গুজৰাটৰ আহমেদাবাদত উন্নয়নমূলক কাম-কাজৰ আধাৰশিলা স্থাপন/উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 12th, 10:00 am
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য শ্ৰী দেৱব্ৰত জী, গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল জী, মোৰ কেবিনেট সহযোগী ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী, মোৰ সহযোগী সাংসদ আৰু গুজৰাট প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শ্ৰী চি.আৰ পাটিলৰ লগতে দেশৰ বিভিন্ন স্থাপন পৰা সংযোগ স্থাপন কৰা ৰাজ্যপাল, মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক, মন্ত্ৰীসকল আৰু মই মোৰ সন্মুখত পৰ্দাত দেখিছো আজি ৭০০তকৈ অধিক ঠাইত স্থানীয় সাংসদগৰাকীৰ নেতৃত্বত, তাত থকা মন্ত্ৰীৰ নেতৃত্বত লাখ লাখ লোকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। হয়তো ৰে’লৱেৰ ইতিহাসত ভাৰতৰ চুক-কোণে একেলগে ইমান ডাঙৰ কাৰ্যসূচী কেতিয়াও হোৱা নাই। ১০০ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে এনে কাৰ্যসূচী অনুষ্ঠিত হৈছে। লগতে এই মহান অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে ৰে’লৱেক অভিনন্দন জনাইছো।গুজৰাটৰ আহমেদাবাদত ১,০৬,০০০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশবাসীলৈ উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে
March 12th, 09:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ‘সমৰ্পিত ফ্ৰেইট কৰিডৰৰ অভিযান’ৰ নিয়ন্ত্ৰণ কেন্দ্ৰত ১,০৬,০০০ কোটি টকাৰ এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰে'ল আন্তঃগাঁথনি, যোগাযোগ আৰু পেট্ৰ'কেমিকেলকে ধৰি একাধিক খণ্ডক সামৰি লৈছে। তেওঁ ১০ খন নতুন ‘বন্দে ভাৰত ৰে’ল’ৰো শুভাৰম্ভ ঘোষণা কৰে।ওড়িশাৰ জজপুৰত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 05th, 05:30 pm
ওড়িশাৰ ৰাজ্যপাল শ্ৰীমান ৰঘুবৰ দাস জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান নবীন পাটনায়ক জী, মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, বিশ্বেশ্বৰ টুডু জী, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ পুৰুষ-মহিলাসকল৷প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ চণ্ডীখোলত ১৯,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
March 05th, 01:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ চণ্ডীখোলত ১৯,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহ তেল আৰু গেছ, ৰেলৱে, পথ, পৰিবহণ আৰু ঘাইপথ তথা পাৰমাণৱিক শক্তিকে প্ৰমুখ্য কৰি একাধিক খণ্ডৰ সৈতে জড়িত।তেলেংগানাৰ ছাঙ্গাৰেড্ডীত বিভিন্ন প্ৰকল্প মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 05th, 10:39 am
তেলেংগানাৰ ৰাজ্যপাল তামিলিছাই সৌন্দৰ্জনজী, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সহযোগী কিষাণ ৰেড্ডীজী, তেলেংগানা চৰকাৰৰ মন্ত্ৰী কোণ্ডা সুৰেখাজী, কে ভেংকট ৰেড্ডীজী, সংসদত মোৰ সহকৰ্মী ড° কে লক্ষ্মণজী, আন আন সুধীবৃন্দ!!প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ সাংগাৰেডীত ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
March 05th, 10:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ সাংগাৰেডীত ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পসমূহে পথ, ৰেল, পেট্ৰলিয়াম, বিমান পৰিবহণ আৰু প্ৰাকৃতিক গেছৰ দৰে মূল খণ্ডসমূহক সামৰি লৈছে।বিহাৰৰ বেগুছৰাইত বিভিন্ন প্ৰকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 08:06 pm
বিহাৰৰ ৰাজ্যপাল শ্ৰীযুত ৰাজেন্দ্ৰ আৰ্লেকাৰ ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰীযুত নীতিশ কুমাৰ ডাঙৰীয়া, মন্ত্ৰীসভাত মোৰ সতীৰ্থ গিৰিৰাজ সিং ডাঙৰীয়া, হৰদীপ সিং পুৰী ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় সিনহা ডাঙৰীয়া, সম্ৰাট চৌধুৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আন সকলো বিশিষ্ট ব্যক্তি আৰু বেগুছৰাইৰ পৰা অহা মোৰ প্ৰিয় উৎসাহী ভাতৃ আৰু ভগ্নীসকল।বিহাৰৰ বেগুচৰাইত একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
March 02nd, 04:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ বেগুচৰাইত সমগ্ৰ দেশতে প্ৰায় ১.৪৮ লাখ কোটি টকাৰ একাধিক তেল আৰু গেছ খণ্ডৰ প্ৰকল্প আৰু বিহাৰৰ ১৩,৪০০ টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে।প্ৰধানমন্ত্ৰীয়ে ২০ ফেব্ৰুৱাৰীত জম্মু ভ্ৰমণ কৰিব
February 19th, 08:55 am
পুৱা প্ৰায় ১১:৩০ বজাত জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত অনুষ্ঠিতব্য এক ৰাজহুৱা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ৩০,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহ স্বাস্থ্য, শিক্ষা, ৰেল, পথ, বিমান পৰিবহণ, পেট্ৰলিয়াম, আন্তঃগাঁথনি আদিকে প্ৰমুখ্য কৰি একাধিক খণ্ডৰ সৈতে জড়িত। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত বিকশিত জম্মু’ কাৰ্য্যসূচীৰ অংশ হিচাপে ভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰিব।ওড়িশাৰ সম্বলপুৰত ভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 03rd, 02:10 pm
ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, মুখ্যমন্ত্ৰী, মোৰ বন্ধু শ্ৰী নবীন পাটনায়ক জী, মোৰ কেবিনেট সতীৰ্থ ধৰ্মেন্দ্ৰ প্ৰধান জী, অশ্বিনী বৈষ্ণৱ জী, বিশ্বেশ্বৰ টুডু জী, মোৰ সংসদীয় সতীৰ্থ নীতেশ গংগা দেৱ জী, আইআইএম-সম্বলপুৰৰ সঞ্চালক অধ্যাপক মহাদেও জয়ছোৱাল, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰ লোক-মহিলাসকল!ওড়িশাৰ সম্বলপুৰত ৬৮,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 03rd, 02:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ সম্বলপুৰত প্ৰাকৃতিক গেছ, কয়লা আৰু বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত শক্তি খণ্ডক উন্নীত কৰাৰ লক্ষ্যৰে পথ, ৰেলৱে আৰু উচ্চ শিক্ষা খণ্ডৰ ৬৮,০০০ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে আইআইএম সম্বলপুৰ মডেল আৰু এখন ফটো প্ৰদৰ্শনী ৰ পৰিদৰ্শন কৰে।‘কৃষ্ণা-গোদাৱৰী অৱবাহিকা’ৰ গভীৰ পানীৰ খাদৰ পৰা তেলৰ উৎপাদন আৰম্ভ হোৱাত প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰীয়ে
January 08th, 10:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বংগোপসাগৰৰ উপকূলত অৱস্থিত জটিল আৰু কঠিন গভীৰ পানীৰ ‘কৃষ্ণা-গোদাৱৰী অৱবাহিকা’ (কেজি-ডিডব্লিউএন-৯৮/২ খণ্ড)ৰ পৰা আৰম্ভ হোৱা প্ৰথম খেপ তেল উৎপাদনক প্ৰশংসা কৰে।