১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।PM Modi's gift to President Park Geun-Hye
May 18th, 02:27 pm