২৩.০২.২০২৫ত ‘মন কী বাত’ৰ ১১৯সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:30 am
মন কী বাতলৈ সকলোকে স্বাগতম জনাইছো। বৰ্তমান চেম্পিয়নছ ট্ৰফী চলি আছে আৰু সকলোতে ক্ৰিকেটৰ এক পৰিৱেশ বিৰাজ কৰিছে। ক্ৰিকেটত এটা শতকৰ ৰোমাঞ্চৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু আজি আমি ক্ৰিকেটৰ কথা নকওঁ, মহাকাশত ভাৰতে যি অসাধাৰণ শতক অৰ্জন কৰিছে, সেই অসাধাৰণ শতকৰ কথাহে আলোচনা কৰিম। যোৱা মাহত ইছৰোৰ ১০০সংখ্যক ৰকেট উৎক্ষেপণৰ সাক্ষী হৈছিল দেশবাসী। এয়া কেৱল এক সংখ্যা নহয়, ই মহাকাশ বিজ্ঞানত দৈনিক নতুন উচ্চতাত উপনীত হোৱাৰ আমাৰ সংকল্পক প্ৰতিফলিত কৰিছে। আমাৰ মহাকাশ যাত্ৰা অতি সহজভাৱে আৰম্ভ হৈছিল। প্ৰতিটো খোজতে প্ৰত্যাহ্বান আহিছিল যদিও আমাৰ বিজ্ঞানীসকলে সেই সকলোবোৰ বাধা অতিক্ৰম কৰি আগবাঢ়ি গ’ল। সময়ৰ লগে লগে এই মহাকাশ অভিযানসমূহত আমাৰ সফলতাৰ তালিকাখন দীঘলীয়া হৈ আহিল। উৎক্ষেপণ বাহনৰ নিৰ্মাণেই হওক, চন্দ্ৰযান, মংগল অৰ্বিটাৰ, আদিত্য এল-১ৰ সফলতাই হওক বা এটা ৰকেট ব্যৱহাৰ কৰি একে সময়তে ১০৪টা উপগ্ৰহ মহাকাশলৈ প্ৰেৰণৰ অভূতপূৰ্ব অভিযানেই হওক– ইছৰোৰ সাফল্য দিনক দিনে বাঢ়িছে। কেৱল যোৱা দহ বছৰত আন দেশৰ বহু উপগ্ৰহকে ধৰি প্ৰায় ৪৬০টা উপগ্ৰহ উৎক্ষেপণ কৰা হৈছে। শেহতীয়া সময়ৰ আন এটা বৈশিষ্ট্য হ’ল আমাৰ মহাকাশ বিজ্ঞানীৰ দলত মহিলাৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। মহাকাশৰ ক্ষেত্ৰখন আজি আমাৰ যুৱক-যুৱতীসকলৰ বাবে অতি আকৰ্ষণীয় হৈ পৰা দেখি মই অতিশয় আনন্দিত হৈছো।Pariksha Pe Charcha 2025 All Episodes
February 18th, 05:30 pm
For Pariksha Pe Charcha 2025, Prime Minister Narendra Modi brought together India’s top achievers— Deepika Padukone, Sadhguru, Mary Kom, Avani Lekhara and other icons—to inspire students. Experts from sports, cinema, spirituality, technology and public service shared success strategies, mental wellness tips and holistic guidance to help students unlock their potential and appear for exams with confidence.শ্ৰেষ্ঠ বিশেষজ্ঞ, ‘পৰীক্ষা যোদ্ধা’সকলৰ পৰা শুনক যিসকলে পৰীক্ষাৰ চাপ আৰু উদ্বেগ সফলতাৰে অতিক্ৰম কৰিব পাৰিছে: প্ৰধানমন্ত্ৰী
February 17th, 07:41 pm
‘পৰীক্ষা পে’ চৰ্চা ২০২৫’-ৰ এটা বিশেষ খণ্ড ১৮ ফেব্ৰুৱাৰীৰ পুৱা ১১ বজাত সম্প্ৰচাৰিত হ'ব, য'ত যুৱ পৰীক্ষা যোদ্ধাসকল থাকিব যি সকলে সফলতাৰে পৰীক্ষাৰ চাপ আৰু উদ্বেগ অতিক্ৰম কৰিছে। খণ্ডটোত পৰীক্ষাৰ চাপ, উদ্বেগ আৰু চাপৰ মাজতো উদ্বিগ্ন নোহোৱাকৈ থকা তেওঁলোকৰ অভিজ্ঞতা, ৰণনীতি আৰু অন্তৰ্দৃষ্টি প্ৰদৰ্শন কৰিব।পৰীক্ষাৰ সময়ত পৰীক্ষা যোদ্ধাৰ অন্যতম ডাঙৰ মিত্ৰ হৈছে ধনাত্মকতাঃ প্ৰধানমন্ত্ৰী
February 15th, 05:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ মিত্ৰ হিচাপে ধনাত্মকতাৰ গুৰুত্বৰ ওপৰত জোৰ দি কাইলৈৰ ‘পৰীক্ষা পে চৰ্চা’ৰ খণ্ডটো চাবলৈ সকলোকে আহ্বান জনাইছে।সুস্থতা আৰু মানসিক শান্তিৰ কথা আহিলে সদগুৰু জাগী বাসুদেৱ সদায় আটাইতকৈ প্ৰেৰণাদায়ক ব্যক্তিত্বৰ ভিতৰত অন্যতমঃ প্ৰধানমন্ত্ৰী
February 14th, 08:15 pm
সুস্থতা আৰু মানসিক শান্তিৰ কথা আহিলে সদগুৰু জাগী বাসুদেৱ সদায় আটাইতকৈ প্ৰেৰণাদায়ক ব্যক্তিত্বৰ ভিতৰত অন্যতম বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পৰীক্ষা পে চৰ্চাৰ চতুৰ্থ খণ্ড চাবলৈ সকলোকে আহ্বান জনায়।If you eat right, you will be able to write your exams better!: PM Modi
February 13th, 07:27 pm
Emphasising that eating right and sleeping well will help one write the exams better, the Prime Minister Shri Narendra Modi urged everyone to watch the 4th episode of Pariksha Pe Charcha tomorrow.সুস্থতা বৃদ্ধি আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত নীৰজ চোপ্ৰাৰ প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
February 12th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাৰ সুস্থতা বৃদ্ধি আৰু মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়া আৰু স্বাস্থ্যকৰ জীৱনশৈলী বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।‘পৰীক্ষা পে’ চৰ্চা’ৰ আটাইকেইটা খণ্ড চাবলৈ সকলোলৈকে আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে
February 11th, 02:57 pm
‘পৰীক্ষা পে’ চৰ্চা, ২০২৫’ৰ আটাইকেইটা খণ্ড চাবলৈ আৰু আমাৰ ‘পৰীক্ষা যোদ্ধা’সকলক উৎসাহিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।‘পৰীক্ষা পে’ চৰ্চা’ত ১২ ফেব্ৰুৱাৰীত ‘মানসিক স্বাস্থ্য আৰু সুস্থতা’ সন্দৰ্ভত বিশেষ খণ্ড প্ৰস্তুত কৰা হ'ব: প্ৰধানমন্ত্ৰী
February 11th, 01:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে 'পৰীক্ষা যোদ্ধাসকলে' সততে আলোচনা কৰিব বিচৰা বিষয়সমূহৰ এটা হৈছে মানসিক স্বাস্থ্য আৰু সুস্থতা। সেয়েহে, এই বছৰৰ ‘পৰীক্ষা পে’ চৰ্চা’ত এই বিষয়টোৰ প্ৰতি বিশেষভাৱে উৎসৰ্গিত এটা খণ্ড যুগুতোৱা হৈছে যিটো কাইলৈ, ১২ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত কৰা হ’ব, শ্ৰী মোদীয়ে লগতে কয়।পৰীক্ষা পে চৰ্চা ২০২৫: পৰীক্ষাৰ ঊৰ্ধ্বত-জীৱন আৰু সফলতাৰ এক সংলাপ
February 10th, 03:09 pm
আজি পুৱা ১১ বজাত পৰীক্ষা পে চৰ্চাৰ বহু প্ৰত্যাশিত অষ্টম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীক একত্ৰিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক চিন্তা-উদ্দীপক আলোচনাত মিলিত হয়। পৰীক্ষা সম্পৰ্কীয় মানসিক চাপ দূৰ কৰা আৰু শিক্ষাৰ প্ৰতি ইতিবাচক দৃষ্টিভংগীক উৎসাহিত কৰাৰ লক্ষ্যৰে এই বাৰ্ষিক অনুষ্ঠানে পুনৰবাৰ শিক্ষণ, জীৱন দক্ষতা আৰু মানসিক সুস্থতাৰ বিষয়ে অমূল্য অন্তৰ্দৃষ্টি প্ৰদান কৰে।"পৰীক্ষা পে’ চৰ্চা ২০২৫" কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ পাঠ
February 10th, 11:30 am
আমি ‘পৰীক্ষা পে’ চৰ্চা’ৰ বাবে খুবেই উৎফুল্লিত হৈ আছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৫ৰ সময়ত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে
February 10th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত পৰীক্ষা পে চৰ্চা (পি পি চি)ৰ অষ্টম সংস্কৰণৰ সময়ত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে এক অনানুষ্ঠানিক বাৰ্তালাপত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। তেওঁ তিলৰ পৰা তৈয়াৰী মিঠাই বিতৰণ কৰে, যিটো পৰম্পৰাগতভাৱে শৰীৰ গৰম ৰাখিবলৈ শীতকালত পৰিবেশন কৰা হয়।‘পৰীক্ষা পে চৰ্চা’ আকৌ পালেহি আৰু সেয়াও নতুন আৰু সজীৱ ৰূপত!:প্ৰধানমন্ত্ৰী
February 06th, 01:18 pm
সকলো #ExamWarriors, তেওঁলোকৰ পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক #PPC2025 চাবলৈ আহ্বান জনাইছোঁ, চাপ-মুক্ত পৰীক্ষাৰ ভিন্ন দিশ সামৰি লোৱা ৮টা অতিশয় আকৰ্ষণীয় খণ্ডৰে ইয়াৰ আয়োজন কৰা হৈছে!: প্ৰধানমন্ত্ৰী