জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 26th, 09:30 am
লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে
July 26th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।ৰোজগাৰ মেলাৰ অধীনত এক লাখৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ
February 12th, 11:00 am
আজি ১ লাখৰো অধিক যুৱক-যুৱতীক চৰকাৰৰ চাকৰিৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। আপোনালোকে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই সফলতা লাভ কৰিছে। আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালবৰ্গকো অভিনন্দন জনাইছোঁ। ভাৰত চৰকাৰত যুৱক-যুৱতীসকলক চাকৰিৰ সুবিধা প্ৰদানৰ অভিযান দ্ৰুত গতিত অব্যাহত আছে। পূৰ্বৰ চৰকাৰসমূহৰ দিনত বিজ্ঞাপনৰপৰা নিযুক্তি পত্ৰ প্ৰদানলৈকে বহু সময় লাগিছিল। এই পলমৰ সুযোগ লৈ, সেই সময়ত উৎকোচৰ মাত্ৰাও প্ৰচণ্ড হৈ পৰিছিল। আমি এতিয়া ভাৰত চৰকাৰত নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ কৰি তুলিছোঁ। কেৱল এয়াই নহয়, চৰকাৰে নির্দিষ্ট সময়ৰ ভিতৰত নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিবলৈ অত্যন্ত জোৰ দিছে। ইয়াৰ লগে-লগে প্ৰতিগৰাকী যুৱক-যুৱতীয়ে নিজৰ সামৰ্থ্য প্ৰমাণৰ সমান সুযোগ লাভ কৰিবলৈ আৰম্ভ কৰিছে। আজি প্ৰতিজন যুৱক-যুৱতীৰ মনত বিশ্বাস আছে যে তেওঁলোকে কঠোৰ পৰিশ্ৰম আৰু নিজৰ প্ৰতিভাৰ ভিত্তিত নিজৰ স্থান গঢ়ি তুলিব পাৰে। ২০১৪ ৰপৰা ভাৰত চৰকাৰৰ সৈতে যুৱক-যুৱতীসকলক সংযোগেৰে ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। বিজেপি চৰকাৰে যোৱা ১০ বছৰত পূৰ্বৰ চৰকাৰে দিয়াতকৈ প্ৰায় ডেৰগুণ বেছি চৰকাৰী চাকৰি প্ৰদান কৰিছে। আজি দিল্লীত এটা সংহত প্ৰশিক্ষণ কমপ্লেক্সৰো আধাৰশিলা স্থাপন কৰা হৈছে। মই নিশ্চিত যে এই নতুন প্ৰশিক্ষণ কমপ্লেক্সে আমাৰ সামৰ্থ্য বিকাশৰ পদক্ষেপক অধিক সুদৃঢ় কৰিব।প্ৰধানমন্ত্ৰীয়ে ৰোজগাৰ মেলাৰ অধীনত চৰকাৰী বিভাগ আৰু সংস্থাসমূহত নতুনকৈ নিযুক্তি পোৱাসকলক ১ লাখৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে
February 12th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নতুনকৈ নিযুক্তি পোৱাসকলক ১ লাখৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। তেখেতে নতুন দিল্লীত সংহত কমপ্লেক্স “কৰ্মযোগী ভৱন”ৰ প্ৰথম পৰ্য্যায়ৰ আধাৰশিলা স্থাপন কৰে। এই কমপ্লেক্সে মিছন কৰ্মযোগীৰ ভিন্ন স্তম্ভৰ মাজত সহযোগিতা আৰু সমন্বয়ক প্ৰোৎসাহিত কৰিব।PM condemns the the attack on the Assam Rifles convoy in Manipur
November 13th, 07:15 pm
The Prime Minister, Shri Narendra Modi has condemned the attack on the Assam Rifles convoy in Manipur. He paid homage to those soldiers and family members who have been martyred today.