‘টকিঅ’ ২০২০ পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’লৈ যাবলগীয়া ভাৰতীয় ‘পেৰা-এথলিট’সকলৰে বাৰ্তালাপত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি

August 17th, 11:01 am

কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমান অনুৰাগ ঠাকুৰ জী, খেলুৱৈ বন্ধুসকল, প্ৰশিক্ষকসকল, আৰু বিশেষভাবে উপস্থিত থকা আপোনালোকৰ অভিভাৱকসকল। আপোনালোকৰ সৈতে কথা পাতি মোৰ বিশ্বাস বাঢ়িছে যে এইবাৰৰ ‘পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’তো ভাৰতে নতুন ইতিহাস ৰচনা কৰিব। মই আপোনালোক সকলো খেলুৱৈ আৰু প্ৰশিক্ষকবৃন্দক আপোনালোকৰ সফলতাৰ বাবে, দেশৰ বিজয়ৰ বাবে বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীটসকলৰ সৈতে মত বিনিময় কৰে

August 17th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীট দল আৰু পেৰা এথলীটসকলৰ পৰিয়াল, অভিভাৱক আৰু প্ৰশিক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত আছিল।