প্ৰধানমন্ত্ৰীয়ে জন্ম জয়ন্তীত পণ্ডিত মদন মোহন মালৱীয়ক স্মৰণ কৰে

December 25th, 08:56 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহামনা পণ্ডিত মদন মোহন মালৱীয়ক তেওঁৰ জন্ম জয়ন্তীত স্মৰণ কৰে।

পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা উন্মোচনেৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 25th, 04:31 pm

প্ৰথমেই আপোনালোক সকলোকে বৰদিনৰ শুভেচ্ছা জনালোঁ! আজি ভাৰত আৰু ভাৰতীয়তাৰ প্ৰতি বিশ্বাস ৰখা লক্ষ-লক্ষ লোকৰ বাবে প্ৰেৰণা হিচাপে কাম কৰাৰ দিন। মহামান্য মদন মোহন মালৱীয় জীৰ জন্ম বাৰ্ষিকী। আজি অটল জীৰ জন্ম বাৰ্ষিকীও। এই পবিত্ৰ উপলক্ষত মহামান্য মালৱীয় জীৰ চৰণত প্ৰণাম জনাই অটল জীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। অটল জীৰ জন্ম বাৰ্ষিকী উপলক্ষে দেশত উদযাপন কৰা হৈছে সুশাসন দিৱস। সুশাসন দিৱসত সকলো নাগৰিককে অভিনন্দন জ্ঞাপন কৰিলোঁ।

১৬২ সংখ্যক জয়ন্তীত প্ৰধানমন্ত্ৰীয়ে ‘পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা’ উন্মোচন কৰে

December 25th, 04:30 pm

প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে বৰদিনৰ শুভেচ্ছা জনাই সম্বোধনৰ আৰম্ভণি কৰে। আজি অটল জয়ন্তী আৰু মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ জয়ন্তী উপলক্ষে আজিৰ এই অনুষ্ঠান ভাৰত আৰু ভাৰতীয়ত্বত বিশ্বাসী লোকসকলৰ বাবে প্ৰেৰণাৰ উৎসৱ বুলি কয়। প্ৰধানমন্ত্ৰী মোদীয়ে মহামান্য পণ্ডিত মদন মোহন মালৱীয় আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপায়ীক প্ৰণাম কৰে। লগতে তেখেতে অটল জয়ন্তী উপলক্ষে সুশাসন দিৱস উদযাপনৰ কথা উল্লেখেৰে ভাৰতৰ প্ৰতিজন নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ২৫ ডিচেম্বৰত পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা উন্মোচন কৰিব

December 24th, 07:47 pm

মহামান্য পণ্ডিত মদন মোহন মালৱীয়ৰ ১৬২ সংখ্যক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'পণ্ডিত মদন মোহন মালৱীয়ৰ সংগৃহীত ৰচনা'ৰ (Collected Works of Pandit Madan Mohan Malaviya) ১১টা খণ্ডৰ প্ৰথম ছিৰিজটো ২০২৩ৰ ২৫ ডিচেম্বৰৰ বিয়লি প্ৰায় ৪:৩০ বজাত বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধনো কৰিব।

জয়ন্তীত পণ্ডিত মদন মোহন মালৱীয়লৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

December 25th, 07:55 pm

জয়ন্তীত পণ্ডিত মদন মোহন মালৱীয়লৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ শিক্ষাখণ্ডক সমৃদ্ধ কৰাৰ বাবে পণ্ডিত মদন মোহন মালৱীয়াই আগবঢ়োৱা স্মৰণীয় অৱদানৰ কথা শ্ৰী মোদীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে।