গুজৰাটত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 12th, 12:14 pm
গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত জী, গৃহমন্ত্ৰী শ্ৰী অমৃত শ্বাহ, মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ বিমল পেটেল জী, বিষয়া, শিক্ষক, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল, অভিভাৱকসকল, অন্য বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল,ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু ইয়াৰ প্ৰথম সমাৱৰ্তন সম্বোধন প্ৰধানমন্ত্ৰীৰ
March 12th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ এটি ভৱন ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আহমেদাবাদত ইয়াৰ প্ৰথম সমাৱৰ্তনখনি সম্বোধন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেৱব্ৰত আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল উপস্থিত থাকে।জয়পুৰ ‘চিপেট : পেট্ৰোকেমিকেলছ প্ৰযুক্তি প্ৰতিষ্ঠান’ উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 30th, 11:01 am
কিছুবছৰ আগলৈকে দেশৰ চিকিত্সা ব্যৱস্থাৰ অৱস্থা কি আছিল আমি সকলোৱে দেখিছো। ২০০১চন, আজি মই, ২০বছৰৰ আগতে যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছিলো, চিকিত্সাৰ স্থিতি তাতো বহুত প্ৰত্যাহ্বানপূৰ্ণই আছিল। সেয়া লাগিলে চিকিত্সা আন্তঃগাঁথনিয়েই হওক, চিকিত্সা বিজ্ঞানৰ শিক্ষাই হওক, অথবা চিকিত্সা প্ৰদানৰ ব্যৱস্থাপনাই হওক, সকলো ক্ষেত্ৰতে দ্ৰুত গতিৰে কাম কৰাৰ প্ৰয়োজন আছিল। আমি সেই প্ৰত্যাহ্বান স্বীকাৰ কৰি লৈছিলো আৰু সকলোৱে মিলি পৰিস্থিতি সলোৱাৰ প্ৰয়াস কৰিছিলো। গুজৰাটত সেই সময়ত ‘মুখ্যমন্ত্ৰী অমৃতম যোজনা’ৰ অধীনত দুখীয়া পৰিয়ালক ২লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিত্সা প্ৰদান ব্যৱস্থাৰ শুভাৰম্ভ কৰা হৈছিল। গৰ্ভৱতী মহিলাক হাস্পটালত প্ৰসৱ কৰোৱাৰ বাবে ‘চিৰঞ্জীৱি যোজনা’ৰ অধীনত উত্সাহিত কৰাৰ দিহা কৰা হৈছিল, যাৰ ফলত মাতৃ আৰু সন্তান উভয়ৰে জীৱন বচোৱাৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিব পৰা গৈছিল। চিকিত্সাবিজ্ঞানৰ শিক্ষাৰ ক্ষেত্ৰতো যোৱা দুটা দশকৰ অশেষ প্ৰয়াসৰ সুবাদত গুজৰাটে চিকিত্সা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা প্ৰায় ৬গুণে বৃদ্ধি কৰিবলৈ সক্ষম হ’ল।জয়পুৰত চিপেটঃ ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জিৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
September 30th, 11:00 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে জয়পুৰত চিপেট : ইনষ্টিটিউট অফ পেট্র’কেমিকেলছ টেকন’ল’জি উদ্বোধন কৰে৷ তেওঁ ৰাজস্থানৰ বাঁশৱাড়া, ছিৰোহি, হনুমানগড় আৰু দৌছা জিলাত ৪খন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে৷ প্রধানমন্ত্রীয়ে ৰাজস্থানৰ এই ৪খন চিকিৎসা মহাবিদ্যালয় আৰু চিপেট প্রতিষ্ঠানৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনায়৷ তেওঁ কয় যে ২০১৪ চনৰ পাছত ৰাজস্থানৰ বাবে ২৩খন চিকিৎসা মহাবিদ্যালয় অনুমোদন দিছে কেন্দ্রীয় চৰকাৰে আৰু ৭খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে আৰম্ভ কৰা হৈছে।পণ্ডিত দীন দয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
November 21st, 11:06 am
পণ্ডিত দীন দয়াল উপাধ্যায় পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম দীক্ষান্ত অনুষ্ঠান উপলক্ষে আপোনালোক সকলোলৈ অভিনন্দন জনাইছো৷ যিসকলে আজি স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁলোকক আৰু তেওঁলোকৰ পিতৃ-মাতৃসকলোলৈও অশেষ অভিনন্দন জনাইছো৷ আজি দেশে আপোনালোকৰ দৰে উদ্যোগৰ বাবে প্ৰস্তুত ‘স্নাতক’ লাভ কৰিছে৷ আপোনালোকক অভিনন্দন আপোনালোকৰ পৰিশ্ৰমৰ বাবে, আপোনালোকে যি এই বিশ্ববিশ্বদ্যালয়ত শিকিছে তাৰ বাবে আৰু অনেক শুভকামনা থাকিল, ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যি বৃহৎ লক্ষ্য লৈ আজি আপোনালোকে ইয়াৰ পৰা প্ৰস্থান কৰিছে সেই লক্ষ্যৰ বাবে, নতুন যাত্ৰাৰ বাবে৷গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত প্ৰধানমন্ত্ৰ
November 21st, 11:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত পণ্ডিত দীনদয়াল পেট্ৰ’লিয়াম বিশ্ববিদ্যালয়ৰ অষ্টম সমাবৰ্তন মুকলি কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ একেটা দিনতে ৪৫ মেগাৱাট ক্ষমতাসম্পন্ন এক মনোক্ৰিষ্টালাইন ছ’লাৰ ফটোভোলটেক পেনেলৰো শিলান্যাস কৰে। ইয়াৰ উপৰিও তেওঁ ৱাটাৰ টেকন’লজীৰ এক উৎকৰ্ষ কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে একেটা দিনতে সেই বিশ্ববিদ্যালয় কেম্পাছত এটা ইনোভেশ্যন এণ্ড ইনকিউবেশ্যন চেন্টাৰ আৰু টেকন’লজী বিজনেছ ইনকিউবেশ্যন আৰু ট্ৰান্সলেশ্যনেল ৰিচাৰ্ছ চেন্টাৰ আৰু স্প’ৰ্টছ কমপ্লেক্সৰো আনুষ্ঠানিক উদ্বোধন কৰে।২১ নৱেম্বৰত গান্ধীনগৰ স্থিত ‘পণ্ডিত দীনদয়াল পেট্ৰোলিয়াম বিশ্ববিদ্যালয়’ৰ ‘অষ্টম সমাৱৰ্তন’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়
November 19th, 07:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২১ নৱেম্বৰ, ২০২০ত গান্ধীনগৰ স্থিত ‘পণ্ডিত দীনদয়াল পেট্ৰোলিয়াম বিশ্ববিদ্যালয়’ৰ ‘অষ্টম সমাৱৰ্তন’ত ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে অংশগ্ৰহণ কৰিব। সেইদিনা পুৱা ১১.০০বজাত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰিবলগা সমাৱৰ্তনত প্ৰায় ২৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীক ডিগ্ৰী/ডিপ্লোমা প্ৰদান কৰা হ’ব।