
তামিলনাডুৰ ৰামেশ্বৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 06th, 02:00 pm
তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ.এন. ৰবি জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী, শ্ৰী অশ্বিনী বৈষ্ণৱ জী আৰু ড° এল মুৰুগন জী, তামিলনাডু চৰকাৰৰ মন্ত্ৰী, সাংসদ, অন্যান্য বিশিষ্ট অতিথি আৰু মোৰ মৰমৰ ভাই-ভনীসকল!
তামিলনাডুৰ ৰামেশ্বৰমত ৮,৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 06th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ ৰামেশ্বৰমত ৮৩০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন ৰে’ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি জাতিলৈ উৎসৰ্গা কৰে। ইয়াৰ পূৰ্বে তেওঁ ভাৰতৰ প্ৰথমখন উলম্ব উত্তোলন সাগৰীয় দলং-নতুন পাম্বন ৰে’ল দলং উদ্বোধন কৰি পথ দলঙৰ পৰা এখন ৰে’ল আৰু এখন জাহাজৰ ফ্লেগ অফ কৰি দলংখনৰ পৰিচালনাৰ সাক্ষী হয়। তেওঁ লগতে ৰামেশ্বৰমৰ ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে কয় যে আজি শ্ৰী ৰাম নৱমীৰ শুভ অনুষ্ঠান। তেওঁ কয় যে আজিৰ পূৰ্বে অযোধ্যাৰ ভব্য ৰাম মন্দিৰত সূৰ্যৰ ঐশ্বৰিক ৰশ্মিয়ে ৰাম লাল্লাক এক ভব্য তিলকেৰে শোভা বৰ্ধন কৰে। “ভগৱান শ্ৰীৰামৰ জীৱন আৰু তেওঁৰ ৰাজত্বকালৰ পৰাই সুশাসনৰ প্ৰেৰণাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে এক উল্লেখযোগ্য ভেটি হিচাপে কাম কৰে”, তেওঁ কয়। তামিলনাডুৰ সংগম যুগৰ সাহিত্যতো ভগৱান শ্ৰীৰামৰ কথা উল্লেখ আছে বুলি উল্লেখ কৰি তেওঁ পবিত্ৰ ৰামেশ্বৰ ভূমিৰ পৰা শ্ৰীৰাম নৱমী উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জনায়।
ৰাম নৱমী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তামিলনাডু ভ্ৰমণেৰে ৰামেশ্বৰমক মূল ভূখণ্ডৰে সংযোগ কৰা নতুন পাম্বন ৰেল সেতু উদ্বোধন কৰিব
April 04th, 02:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ এপ্ৰিলৰ দিনা তামিলনাডু ভ্ৰমণ কৰিব। ৰাম নৱমী উপলক্ষে দুপৰীয়া প্ৰায় ১২ বজাত তেখেতে ভাৰতৰ প্ৰথমখন ভাৰ্টিকেল লিফ্ট সামুদ্ৰিক দলং - নতুন পাম্বন ৰেল সেতু উদ্বোধনেৰে পথ দলঙৰপৰা এখন ৰেল আৰু জাহাজৰ ফ্লেগ-অফ কৰিব।