জি-২০ স্বাস্থ্যমন্ত্ৰীৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ

August 18th, 02:15 pm

ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ হৈ মই দেশৰ লগতে মোৰ গৃহ ৰাজ্য গুজৰাটত থকা আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। ভাৰতৰ ২৪ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু আন লাখ লাখ স্বাস্থ্যসেৱা পেছাদাৰীৰ সৈতে আপোনালোকক আদৰণি জনাইছো।

জি-২০ স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ

August 18th, 01:52 pm

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ২১ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু ভাৰতৰ স্বাস্থ্যসেৱাৰ সৈতে জড়িত কেইবালাখ লোকৰ হৈ উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়।

মধ্যপ্ৰদেশৰ সাগৰত উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

August 12th, 04:42 pm

কাৰ্যসূচীত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী বীৰেন্দ্ৰ খতিকজী, জ্যোতিৰাদিত্য সিন্ধিয়াজী, প্ৰহ্লাদ পেটেলজী, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, সকলো সাংসদ, বিভিন্ন স্থানৰ পৰা অহা সকলো পূজনীয় সাধু আৰু বৃহৎ সংখ্যাত অহা মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ সাগৰত এলানি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে

August 12th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰত এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা নৱনিৰ্মিত প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ১০০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে নিৰ্মাণ হ'ব লগা ‘সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰক’ৰ আধাৰশিলা স্থাপন, ১৫৮০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে বিকশিত হ'ব লগা দুটা পথ প্ৰকল্প আৰু দেশৰ নামত উৎসৰ্গা কৰা ২৪৭৫ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে দ্বৈতকৰণৰ দিহা কৰা ‘কোটা-বিনা ৰে'লপথ’ছোৱা।

শ্বাহডোলত ৰাষ্ট্ৰীয় চিকল চেল এনিমিয়া নিৰ্মূল মিছনৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 01st, 10:56 pm

কাৰ্যসূচীত উপস্থিত থকা মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ জী, কেন্দ্ৰীয় কেবিনেটৰ পৰা মোৰ সহযোগীসকল, শ্ৰী মানসুখ মাণ্ডবিয়া জী, শ্ৰী ফাগন সিং কুলাষ্টে জী, অধ্যাপক এছ.পি.সিং বাঘেল জী, শ্ৰীমতী. ৰেনুকা সিং সৰুতা জী, ড° ভাৰতী পাৱাৰ জী, শ্ৰী বিশ্বেশ্বৰ টুডু জী, সংসদ সদস্য শ্ৰী ভি.ডি. শৰ্মা জী, মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল, সকলো বিধায়ক, এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সৈতে যোগ দিয়া আন আন সন্মানীয় অতিথিসকল, আৰু আমাৰ সকলোকে আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যক ইয়ালৈ অহা মোৰ মৰমৰ ভাই-ভনীসকল!

মধ্যপ্ৰদেশৰ শ্বাহদলত ৰাষ্ট্ৰীয় ছিকেল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান আৰম্ভ প্ৰধানমন্ত্ৰীৰ

July 01st, 03:29 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ শ্বাহদলত ৰাষ্ট্ৰীয় ছিকেল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান আৰম্ভ কৰি হিতাধিকাৰীসকলক ছিকেল চেল জেনেটিক ষ্টেটাছ কাৰ্ড বিতৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশত প্ৰায় ৩.৫৭ কোটি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (AB-PMJAY) কাৰ্ড বিতৰণৰ কামো আৰম্ভ কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ষোড়শ শতিকাৰ মাজভাগৰ গণ্ডৱানাৰ শাসক ৰাণী দুৰ্গাৱতীক শ্ৰদ্ধা জনায়।

১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 18th, 11:30 am

‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷

গুৱাহাটীত এইমছৰ উদ্বোধনত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ

April 14th, 12:45 pm

অসমৰ ৰাজ্যপাল শ্রী গুলাব চাঁদ কাটাৰিয়া, ৰাজ্যৰ মুখ্যমন্ত্রী শ্রী হিমন্ত বিশ্ব শর্মাজী, মোৰ সহকর্মী স্বাস্থ্য মন্ত্রী ডাঃ মনসুখ মণ্ডাবিয়াজী আৰু ডাঃ ভাৰতী প্রবীণ পাৱাৰজী, অসমৰ মন্ত্রী শ্রী কেশৱ মহন্তজী, চিকিৎসা জগতৰ সমস্ত বিশিষ্ট লোকসকল, এই ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত যুক্ত বিভিন্ন ঠাইৰ বিশিষ্ট লোকসকল আৰু মোৰ প্রিয় অসমৰ ভাতৃ আৰু ভগ্নীসকল।

অসমৰ গুৱাহাটীত ৩,৪০০ কোটিতকৈ অধিক টকাৰ প্ৰকল্পৰ আধাৰশিলা, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা প্ৰধানমন্ত্ৰীৰ

April 14th, 12:30 pm

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ৩,৪০০ কোটিৰো অধিক টকাৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে৷ প্ৰধানমন্ত্ৰীয়ে এইমছ গুৱাহাটীৰ লগতে অন্য তিনিখন চিকিৎসা মহাবিদ্যালয় ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। তদুপৰি, তেওঁ অসম উন্নত স্বাস্থ্যসেৱা উদ্ভাৱন প্ৰতিষ্ঠান(এএএইচআইআই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে একাংশ যোগ্য হিতাধিকাৰীক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (এবি-পিএমজেৱাই) কাৰ্ড বিতৰণ কৰি ‘আপকে দ্বাৰ আয়ুষ্মান’(আপোনাৰ দুৱাৰদলিত আয়ুষ্মান) অভিযানৰ শুভাৰম্ভ কৰে।

বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত ‘ৱান ৱৰ্ল্ড টিবি ছামিট’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

March 24th, 10:20 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া জী, উপমুখ্যমন্ত্ৰী শ্ৰী বৃজেশ পাঠক জী, বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী, ডব্লিউ এইচ অ'ৰ ৰিজনেল ডাইৰেক্টৰ, উপস্থিত সকলো মহানুভৱ, STOP TB Partnership সহ বিভিন্ন সংস্থাৰ প্ৰতিনিধিগণ, দেৱী আৰু সজ্জনসকল!

উত্তৰ প্ৰদেশৰ বাৰনসীত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 24th, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰ’ত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমগ্ৰ ভাৰততে ৰূপায়িত হ’ব লগা ‘যক্ষ্মা-মুক্ত পঞ্চায়তৰ উদ্যোগ’, যক্ষ্মা ৰোগৰ হ্ৰস্বম্যাদী প্ৰতিৰোধমূলক চিকিৎসা (টিপিটি) তথা পৰিয়াল কেন্দ্ৰিক শুশ্ৰূষা আৰ্হি আৰু ‘ভাৰতৰ বাৰ্ষিক যক্ষ্মা প্ৰতিবেদন ২০২৩’ মুকলি কৰাকে ধৰি বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু উচ্চ প্ৰতিৰোধী গৱেষণাগাৰ’ৰ আধাৰশিলা স্থাপন কৰে আৰু বাৰাণসীত ‘মেট্ৰ'পলিটান জনস্বাস্থ্য নিৰীক্ষণ গোট’ৰ বাবে নিৰ্মাণ কৰি উলিওৱা চৌহদটোও আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাসমূহক যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ দিশত আগবাঢ়ি যোৱাত দেখুওৱা কৃতিত্বৰ বাবে পুৰস্কৃত কৰে। বঁটা প্ৰাপকসকল আছিল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ত কৰ্ণাটক আৰু জম্মু আৰু কাশ্মীৰ আৰু জিলা পৰ্যায়ত নীলগিৰি, পুলৱামা আৰু অনন্তনাগ।

প্ৰধানমন্ত্ৰীয়ে ২৪ মাৰ্চত বাৰাণসী ভ্ৰমণ কৰিব

March 22nd, 04:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চত বাৰাণসী ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১০:৩০ বজাত ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত 'ৱান ৱৰ্ল্ড টিবি ছামিট' সম্বোধন কৰিব। দুপৰীয়া প্ৰায় ১২ বজাত, প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয় ময়দানত ১৭৮০ কোটি টকাৰ অধিক ব্যয় সাপেক্ষ বিভিন্ন পৰিকল্পনাৰ লোকাৰ্পণ আৰু শিলান্যাস কৰিব।