QUAD নেতাসকলৰ কেন্সাৰ মুনশ্বট কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ ভাষণৰ অনুবাদ

September 22nd, 06:25 am

এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনক মই আন্তৰিক অভিনন্দন জনাইছো। ইয়াৰ দ্বাৰা সুলভ, আহৰণযোগ্য আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ প্ৰতি আমাৰ উমৈহতীয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত হয়। Covid মহামাৰীৰ সময়ত আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশৰ বাবে “QUAD Vaccine Initiative” গ্ৰহণ কৰিছিলো আৰু মই আনন্দিত যে QUAD ত আমি একেলগে ছাৰ্ভাইকেল কেন্সাৰৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সিদ্ধান্ত লৈছো।

প্ৰধানমন্ত্ৰীয়ে কোৱাড কেন্সাৰ মুনশ্বট ইভেণ্টত অংশগ্ৰহণ কৰে

September 22nd, 06:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উইলমিংটন, ডেলাৱেৰত কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলন উপলক্ষে ৰাষ্ট্ৰপতি জোচেফ আৰ বাইডেন জুনিয়ৰৰ দ্বাৰা আয়োজিত কোৱাড কেন্সাৰ মুনশ্বট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

The Voice of Global South Summit is a platform where we amplify the needs and aspirations of those often unheard: PM Modi

August 17th, 10:00 am

Prime Minister Narendra Modi, during his opening remarks at the 2024 Voice of Global South Summit, emphasized India's commitment to inclusive development, global cooperation, and addressing challenges like climate change, health security, and technological pides. He highlighted India's role in amplifying the voices of Global South nations within the G20 and shared initiatives to enhance digital infrastructure and healthcare partnerships across the Global South.

বিশ্ব গায়ত্ৰী পৰিয়ালে আয়োজন কৰা অশ্বমেধ যজ্ঞ কাৰ্যক্ৰমত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' বাৰ্তাৰ অসমীয়া অনুবাদ

February 25th, 09:10 am

গায়ত্ৰী পৰিয়ালৰ যিকোনো অনুষ্ঠান ইমান পৱিত্ৰতাৰ সৈতে জড়িত যে তাত উপস্থিত থকাটো নিজৰ বাবেই এক সৌভাগ্যৰ কথা। মই সুখী যে আজি মই দেৱ সাংস্কৃতিক বিশ্ববিদ্যালয়ে আয়োজন কৰা অশ্বমেধ যজ্ঞৰ অংশ হৈছোঁ। এই অশ্বমেধ যজ্ঞত অংশগ্ৰহণৰ বাবে গায়ত্ৰী পৰিয়ালৰ পৰা নিমন্ত্ৰণ লাভ কৰাৰ সময়ত, সময়ৰ অভাৱৰ বাবে মই এক দ্বিধাৰো সন্মুখীন হৈছিলোঁ। ভিডিঅ’ৰ জৰিয়তেও এই অনুষ্ঠানৰ সৈতে সংযোগ স্থাপনৰ এটা সমস্যা আছিল যে সাধাৰণ মানুহে অশ্বমেধ যজ্ঞক ক্ষমতাৰ সম্প্ৰসাৰণৰ সৈতে জড়িত কৰি চায়। আজিকালি নির্বাচনৰ এই দিনত অশ্বমেধ যজ্ঞৰ অন্য অৰ্থ অনুমান হোৱাটোও স্বাভাৱিক৷ কিন্তু পুনৰ মই দেখিলোঁ যে এই অশ্বমেধ যজ্ঞই আচাৰ্য শ্ৰীৰাম শৰ্মাৰ আৱেগক আগুৱাই লৈ গৈছে, অশ্বমেধ যজ্ঞক এক নতুন অৰ্থ দিছে, তেতিয়া মোৰ সকলো দ্বিধাদ্বন্দ্ব নোহোৱা হৈ গ’ল।

ভিডিঅ’ বাৰ্তাৰ জৰিয়তে গায়ত্ৰী পৰিয়ালৰ অশ্বমেধ যজ্ঞত ভাষণ প্ৰধানমন্ত্ৰীৰ

February 25th, 08:40 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে গায়ত্ৰী পৰিবাৰৰ উদ্যোগত আয়োজন কৰা অশ্বমেধ যজ্ঞত ভাষণ আগবঢ়ায়৷ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে অশ্বমেধ যজ্ঞত যোগদানৰ ক্ষেত্ৰত কিছু সন্দেহ প্ৰকাশ কৰিছিল। তেওঁ কয়, ‘অশ্বমেধ যজ্ঞৰ জৰিয়তে আচাৰ্য শ্ৰীৰাম শৰ্মাৰ মতাদৰ্শৰ ব্যাখ্যা কৰা দেখি মোৰ সকলো সন্দেহ দূৰ হ’ল। গায়ত্ৰী পৰিয়ালে আয়োজন কৰা অশ্বমেধ যজ্ঞ এক বৃহৎ সামাজিক প্ৰচাৰ কাৰ্যসূচীত পৰিণত হৈছে”।

ভাৰতৰ জি-২০ অধ্যক্ষতাই দেশৰ সাধাৰণ নাগৰিকৰ সম্ভাৱনা বাহিৰ উলিয়াই আনিছেঃ প্ৰধানমন্ত্ৰী

August 15th, 02:24 pm

৭৭ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জি-২০ অধ্যক্ষতাই কেনেদৰে বিশ্বক দেশৰ সাধাৰণ নাগৰিকৰ সম্ভাৱনা প্ৰদৰ্শন কৰাত সহায় কৰিছে সেয়া ব্যাখ্যা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এইটো নিশ্চিত যে ভাৰতৰ সামৰ্থ্য আৰু ভাৰতৰ সম্ভাৱনাই আত্মবিশ্বাসৰ নতুন শিখৰ অতিক্ৰম কৰিব আৰু আত্মবিশ্বাসৰ এই নতুন শিখৰবোৰ নতুন সামৰ্থ্যৰ সৈতে আগবঢ়া উচিত। ভাৰতৰ জি-২০ অধ্যক্ষতাই ভাৰতৰ সাধাৰণ নাগৰিকৰ সামৰ্থ্যৰ বিষয়ে বিশ্বক সজাগ কৰি তুলিছে। আজি ভাৰতে দেশত জি-২০ সন্মিলন আয়োজন কৰাৰ সুযোগ লাভ কৰিছে। আৰু যোৱা এবছৰ ধৰি ভাৰতৰ প্ৰতিটো কোণত এনে ধৰণৰ বহুতো জি-২০ অনুষ্ঠান যিদৰে আয়োজন কৰা হৈছে, ই বিশ্বক দেশৰ সাধাৰণ মানুহৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰি তুলিছে।

বাৰাণসীৰ ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত ‘ৱান ৱৰ্ল্ড টিবি ছামিট’ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

March 24th, 10:20 am

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডবিয়া জী, উপমুখ্যমন্ত্ৰী শ্ৰী বৃজেশ পাঠক জী, বিভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী, ডব্লিউ এইচ অ'ৰ ৰিজনেল ডাইৰেক্টৰ, উপস্থিত সকলো মহানুভৱ, STOP TB Partnership সহ বিভিন্ন সংস্থাৰ প্ৰতিনিধিগণ, দেৱী আৰু সজ্জনসকল!

উত্তৰ প্ৰদেশৰ বাৰনসীত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীয়ে

March 24th, 10:15 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰ’ত অনুষ্ঠিত ‘এক বিশ্ব যক্ষ্মা সন্মিলন’ত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমগ্ৰ ভাৰততে ৰূপায়িত হ’ব লগা ‘যক্ষ্মা-মুক্ত পঞ্চায়তৰ উদ্যোগ’, যক্ষ্মা ৰোগৰ হ্ৰস্বম্যাদী প্ৰতিৰোধমূলক চিকিৎসা (টিপিটি) তথা পৰিয়াল কেন্দ্ৰিক শুশ্ৰূষা আৰ্হি আৰু ‘ভাৰতৰ বাৰ্ষিক যক্ষ্মা প্ৰতিবেদন ২০২৩’ মুকলি কৰাকে ধৰি বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু উচ্চ প্ৰতিৰোধী গৱেষণাগাৰ’ৰ আধাৰশিলা স্থাপন কৰে আৰু বাৰাণসীত ‘মেট্ৰ'পলিটান জনস্বাস্থ্য নিৰীক্ষণ গোট’ৰ বাবে নিৰ্মাণ কৰি উলিওৱা চৌহদটোও আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু জিলাসমূহক যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ দিশত আগবাঢ়ি যোৱাত দেখুওৱা কৃতিত্বৰ বাবে পুৰস্কৃত কৰে। বঁটা প্ৰাপকসকল আছিল ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ত কৰ্ণাটক আৰু জম্মু আৰু কাশ্মীৰ আৰু জিলা পৰ্যায়ত নীলগিৰি, পুলৱামা আৰু অনন্তনাগ।

নতুন দিল্লীত অনুষ্ঠিত ইক’নমিক টাইমছ গ্ল’বেল বিজনেছ ছামিট ২০২৩ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ

February 17th, 08:59 pm

টাইমছ গ্ৰুপৰ শ্ৰী সমীৰ জৈন আৰু শ্ৰী বিনীত জৈন, গ্ল'বেল বিজনেছ ছামিটত উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তি, উদ্যোগ জগতৰ সহকৰ্মী, চিইঅ', শিক্ষাবিদ, সংবাদ মাধ্যমৰ বন্ধুসকল, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল!

প্ৰধানমন্ত্ৰীয়ে দিল্লীত ইকনমিক টাইমছ গ্লোবেল বিজনেছ ছামিটত ভাষণ দিয়ে

February 17th, 08:02 pm

উপস্থিত লোকক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তিনি বছৰৰ আগতে যেতিয়া তেওঁ ইটি গ্লোবেল বিজনেছ ছামিটলৈ আহিছিল, তেতিয়াৰ পৰা এতিয়ালৈকে বহুত পৰিৱৰ্তন হৈছে। তেওঁ স্মৰণ কৰে যে যোৱা ছামিটৰ তিনি দিনৰ পাছতে বিশ্ব স্বাস্থ্য সংস্থাই কোভিডক মহামাৰী ঘোষিত কৰিছিল আৰু সমগ্ৰ পৃথিৱী তথা ভাৰতত দ্ৰুতগতিত গভীৰ পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰিছিল।

Vision of self-reliant India embodies the spirit of global good: PM Modi in Indonesia

November 15th, 04:01 pm

PM Modi interacted with members of Indian diaspora and Friends of India in Bali, Indonesia. He highlighted the close cultural and civilizational linkages between India and Indonesia. He referred to the age old tradition of Bali Jatra” to highlight the enduring cultural and trade connect between the two countries.

প্রধানমন্ত্রীয়ে ইন্দোনেছিয়াৰ বালিত ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে

November 15th, 04:00 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৫ নবেম্বৰত ইন্দোনেছিয়াৰ বালিত ৮০০জনৰো অধিক ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে। ইন্দোনেছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰাণৱন্ত লোকসকল একত্ৰিত হৈছিল।

ভাৰতৰ জি-২০ নেতৃত্বৰ বাবে লোগো, থীম আৰু ৱেবছাইট উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অনুবাদ

November 08th, 07:31 pm

জি-২০ হৈছে এনে দেশসমূহৰ এটা গোট যাৰ অৰ্থনৈতিক সম্ভাৱনাবিশ্বৰ জিডিপিৰ ৮৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে বিশখন দেশৰ এটা গোট যি বিশ্বৰ বাণিজ্যৰ ৭৫ শতাংশ প্ৰতিনিধিত্ব কৰে। জি-২০ হৈছে ২০ খন দেশৰ এটা গোট যি বিশ্বৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ। আৰু ভাৰতে, এতিয়া এই জি-২০ গোটৰ নেতৃত্ব দিবলৈ গৈ আছে, ইয়াত সভাপতিত্ব কৰিবলৈ গৈ আছে।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে

November 08th, 04:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভাৰতৰ জি-২০ অধ্যক্ষতাৰ ল’গ’, থীম আৰু ৱেবছাইট উন্মোচন কৰে।

Today our focus is not only on health, but equally on wellness: PM Modi

February 26th, 02:08 pm

PM Narendra Modi inaugurated the post Union Budget webinar of Ministry of Health and Family Welfare. The Prime Minister said, The Budget builds upon the efforts to reform and transform the healthcare sector that have been undertaken during the last seven years. We have adopted a holistic approach in our healthcare system. Today our focus is not only on health, but equally on wellness.”

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ বাজেট পৰৱৰ্তী ৱেবিনাৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

February 26th, 09:35 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় বাজেট পৰৱৰ্তী ৱেবিনাৰ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰা বাজেট পৰৱৰ্তী ৱেবিনাৰ শৃংখলাৰ এয়া পঞ্চম ৱেবিনাৰ। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ স্বাস্থ্যসেৱা প্ৰফেশ্যনেল আৰু পেৰা-মেডিক, নাৰ্চিং, স্বাস্থ্য ব্যৱস্থাপনা, প্ৰযুক্তি আৰু গৱেষণাৰ প্ৰফেশ্যনেলসকল উপস্থিত থাকে।

ক’ৱিন গ্ল’বেল সন্মিলন ২০২১ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

July 05th, 03:08 pm

ক’ভিড-১৯ ৰ বিৰূদ্ধে আমাৰ যুঁজখনত প্ৰযুক্তি এক অবিচ্ছেদ্দ্য অংগ আছিল৷ সৌভাগ্যক্ৰমে, চফ্টৱেৰ এক ক্ষেত্ৰ যত সম্পদৰ কোনো ব্ধ্য-বাধকতা নাই৷ সেয়েহে আমি আমাৰ ক’ভিড অনুসৰণ আৰু অনুসৰণৰ এপ অপেন চোৰ্চ কৰিছিলো যেতিয়াই ই প্ৰযুক্তিগতভাৱে সম্ভৱপৰ হৈছিল৷ প্ৰায় ২০০ মিলিয়ন ব্যৱহাৰকাৰী সৈতে, ডেভেলপাৰ সকলৰ বাবে এই 'Aarogya Setu' এপ এক সহজেই উপলব্ধ পেকেজ আছিল৷ ভাৰতত ব্যৱহৃত হিচাপে, আপুনি নিশ্চিত থাকিব পাৰে যে এইটো বাস্তৱিক পৃথিৱীত ক্ষিপ্ৰতা আৰু বিস্তাৰৰ বাবে পৰীক্ষা কৰা হৈছে৷

প্রধানমন্ত্রীয়ে কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে, ভাৰতে কোভিড-১৯ৰ মোকাবিলা কৰাৰ বাবে মানুহৰ সুবিধার্থে কোউইন প্লেটফর্ম সকলোকে ব্যৱহাৰৰ সুযোগ কৰি দিব বিচাৰে

July 05th, 03:07 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি কোউইন গ্লোবেল কনক্লেভত ভাষণ দিয়ে। কোভিড-১৯ মহামাৰী প্রতিহত কৰিবলৈ কোউইন প্লেটফর্ম ব্যৱহাৰৰ সুযোগ ভাৰতৰ উপৰিও পৃথিৱীক দিছে।

We must make efforts to ensure reach of yoga in every corner of the world: PM Modi

June 21st, 08:40 am

The Prime Minster, Shri Narendra Modi has called upon yoga acharyas, and yoga pracharaks and everyone connected with yoga work to ensure that yoga reaches every corner of the world. He was speaking on the occasion of Seventh International Yoga Day.

ক’ভিড-পীড়িত বিশ্বত যোগাসন আশাৰ ৰেঙনি, প্ৰধানমন্ত্ৰী মোদীয়ে কয়

June 21st, 08:37 am

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামাৰীৰ সময়ত যোগাসনৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে এই জটিল সময়ত যোগাসন মানুহৰ শক্তি আৰু প্ৰেৰণা স্ৰোত হিচাপে পৰিগণিত হৈছে। মহামাৰীৰ মাজত অন্যান্য দেশসমূহে যোগ দিৱসৰ কথা পাহৰি যোৱাটো কোনো ডাঙৰ কথা নাছিল, কিন্তু গোলকীয় ৰূপত একেই উৎসাহেৰে তেওঁলোকে যোগ দিৱস পালন কৰিলে।