ড০ হৰেকৃষ্ণ মেহতাবৰ দ্বাৰা ৰচিত ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

April 09th, 12:18 pm

অনুষ্ঠানটোত মোৰ সৈতে উপস্থিত থকা লোকসভাৰ কেৱল এজন সাংসদেই নহয়, এজন ভাল সাংসদে সাংসদীয় জীৱনত কেনেদৰে কাম কৰিব পাৰে তাৰ এক জীৱন্ত উদাহৰণ, ভাই ভৰ্তৃহৰি মেহতাবজী, ধৰ্মেন্দ্ৰ প্ৰধানী, অন্যান্য জ্যেষ্ঠ গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল! এইটো মোৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে মই 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ সৈতে সম্পৰ্কিত এই অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পাইছো। প্ৰায় ডেৰ বছৰ আগতে, আমি সকলোৱে 'উৎকল কেশৰী' হৰেকৃষ্ণ মেহতাবজীৰ এশ বিংশতম জন্ম জয়ন্তী এক অতি প্ৰেৰণাদায়ক অনুষ্ঠান হিচাপে উদযাপন কৰিছিলো। আজি আমি তেওঁৰ বিখ্যাত গ্ৰন্থ 'ওড়িশা ইতিহাস'ৰ হিন্দী সংস্কৰণ মুকলি কৰিছো। এইটো অতি গুৰুত্বপূৰ্ণ যে ওড়িশাৰ বিশাল আৰু বৈচিত্ৰ্যময় ইতিহাস দেশৰ জনসাধাৰণৰ ওচৰলৈ যাওক। আপুনি ওড়িয়া আৰু ইংৰাজীৰ পিছত হিন্দী সংস্কৰণৰ জৰিয়তে এই প্ৰয়োজনীয়তা পূৰণ কৰিছে। এই অভিনৱ প্ৰচেষ্টাৰ বাবে মই ভাই ভৰ্তৃহৰি মেহতাবজী, হৰেকৃষ্ণ মেহতাব ফাউণ্ডেচন আৰু বিশেষকৈ শংকৰলাল পুৰোহিতজীক ধন্যবাদ জনাইছো আৰু শুভেচ্ছা জনাইছো।

ডঃ হৰেকৃষ্ণ মাহতাবৰ ওড়িশা ইতিহাসৰ হিন্দী সংস্কৰণ উন্মোচন প্ৰধানমন্ত্ৰী

April 09th, 12:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘উৎকাল কেশৰী’ ডঃ হৰেকৃষ্ণ মাহতাবে প্ৰণয়ন কৰা গ্ৰন্থ ‘ওড়িশা ইতিহাস’ ৰ হিন্দী অনুবাদ উন্মোচন কৰে। পূৰ্বে, এই গ্ৰন্থখনি ওড়িয়া আৰু ইংৰাজীত উপলব্ধ আছিল, ইয়াক হিন্দীলৈ অনুবাদ কৰে শ্ৰী শংকৰলাল পুৰোহিতে। এই কাৰ্যসূচীত শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কটকৰ সাংসদ (লোকসভা) শ্ৰী ভাৰ্ত্ৰুহৰি মাহতাবো উপস্থিত থাকে।

ডঃ হৰেকৃষ্ণ মেহতাব ৰচিত ওডিশা ইতিহাসৰ হিন্দী সংস্কৰণ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৯ এপ্ৰিল তাৰিখে

April 07th, 01:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ এপ্ৰিলৰ দিনৰ ১২ বজাত নতুন দিল্লীৰ জনপথস্থিত আম্বেদকাৰ ইন্টাৰনেশ্যনেল চেন্টাৰত ‘উৎকল কেশৰী’ ডঃ হৰেকৃষ্ণ মেহতাবৰ ‘ওডিশা ইতিহাস’ৰ হিন্দী সংস্কৰণটো আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। উল্লেখ্য যে এইপৰ্যন্ত এই গ্ৰন্থখনৰ ওডিয়া আৰু ইংৰাজী সংস্কৰণহে পোৱা গৈছিল। শ্ৰী শঙ্কৰলাল পুৰোহিতে এই গ্ৰন্থখনৰ হিন্দী সংস্কৰণটো অনুবাদ কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু লোকসভাৰ কটক কেন্দ্ৰৰ সাংসদ শ্ৰী ভৰ্তৃহৰি মেহতাবো উপস্থিত থাকিব। হিন্দী ভাষাত এই সংস্কৰণ প্ৰকাশৰ এই অনুষ্ঠানৰ আয়োজক হৰেকৃষ্ণ মেহতাব ফাউণ্ডেশ্যন।