‘এনএক্সটি কনক্লেভ’ত বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে

‘এনএক্সটি কনক্লেভ’ত বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে

March 01st, 04:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ‘এনএক্সটি কনক্লেভ’ত বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপ কৰে। এই বিশিষ্ট ব্যক্তিসকলৰ তালিকাত আছে শ্ৰীযুত কাৰ্লোছ মণ্টেছ, অধ্যাপক জনাথন ফ্লেমিং, ড০ এন লিবাৰ্ট, অধ্যাপক ভেচেলিন পপোভস্কি, ড০ ব্ৰায়ান গ্ৰীণ, শ্ৰীযুত এলেক ৰছ, শ্ৰীযুত ওলেগ আৰ্টেময়েভ আৰু শ্ৰীযুত মাইক মেচিমিনো।

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

March 01st, 02:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘এনএক্সটি কনক্লেভ’ত শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ৰনিল বিক্ৰমসিংহেক সাক্ষাৎ কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

March 01st, 02:33 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ এনএক্সটি কনক্লেভত অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী টনি এবটকত সাক্ষাৎ কৰে।

এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

March 01st, 11:00 am

আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 01st, 10:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।