প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনত কথা পাতে

February 24th, 10:35 pm

ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে ইউক্রেন সন্দৰ্ভত উদ্ভূত পৰিস্থিতিৰ বিষয়ে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক জনাইছে। প্রধানমন্ত্রীয়ে আকৌ তেওঁৰ দীর্ঘদিনৰ বিশ্বাসৰ কথা উল্লেখ কৰি জনায় যে ৰাছিয়া আৰু নাটো গোষ্ঠীৰ মাজৰ বিবাদ সৎ আৰু আন্তৰিক উদ্যোগৰ মাধ্যমতহে দূৰ হ'ব বুলিয়ে তেওঁ ধাৰণা কৰে। শ্রী মোদীয়ে সকলো ধৰণৰ সংঘাত বন্ধ কৰাৰ আবেদন জনায়। সংশ্লিষ্ট সকলো পক্ষৰ কূটনৈতিক আলোচনাৰ মাধ্যমত সমস্যাৰ সমাধানৰ ওপৰত তেওঁ জোৰ দিয়ে।