কেবিনেটে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈকে ৰাষ্ট্ৰীয় খাদ্য তেল অভিযান– তৈলবীজৰ (এনএমইঅ’-তৈলবীজ)ত অনুমোদন জনায়

October 03rd, 09:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ৰাষ্ট্ৰীয় খাদ্য তেল – তৈলবীজ (NMEO-Oilseeds)ক অনুমোদন জনাইছে, যি ঘৰুৱা তৈলবীজ উৎপাদনক প্ৰসাৰিত কৰিব আৰু খাদ্য তেলত আত্মনিৰ্ভৰশীলতা (আত্মনিৰ্ভৰ ভাৰত) অৰ্জন কৰাৰ লক্ষ্যৰে এক ঐতিহাসিক পদক্ষেপ। এই অভিযান ১০,১০৩ কোটি টকাৰ আৰ্থিক ব্যয়ৰে ২০২৪-২৫ চনৰ পৰা ২০৩০-৩১ চনলৈ সাত বছৰৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব।