
Cabinet approves semiconductor unit in Uttar Pradesh
May 14th, 03:06 pm
The Union Cabinet, led by PM Modi, approved the establishment of a sixth semiconductor unit under the India Semiconductor Mission. A joint venture between HCL and Foxconn, the plant near Jewar airport will manufacture display driver chips for mobile phones, laptops, and more.
Cabinet approves expansion of 5 IITs in Andhra Pradesh, Chhattisgarh, Jammu & Kashmir, Karnataka and Kerala
May 07th, 12:10 pm
The Union Cabinet chaired by PM Modi has approved expansion of academic and infrastructure capacity of 5 new IlTs which had been established in the States/UT of Andhra Pradesh (IIT Tirupati), Kerala (IIT Palakkad), Chhattisgarh (IIT Bhilai), Jammu & Kashmir (IIT Jammu) and Karnataka (HT Dharwad). The total cost is Rs.11,828.79 crore over a period of four years from 2025-26 to 2028-29.
India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala
May 02nd, 02:06 pm
Prime Minister Modi dedicated Vizhinjam International Deepwater Multipurpose Seaport to the nation in Thiruvananthapuram, Kerala. The PM emphasised that “the port economy reaches its full potential when infrastructure and ease of doing business are promoted together” and stated that over the past 10 years, this has been the blueprint of the Government of India’s port and waterways policy.কেৰালাৰ ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 02nd, 01:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
April 30th, 03:42 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১ আৰু ২ মে'ত মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ১ মে'ত মুম্বাই ভ্ৰমণ কৰিব আৰু দিনৰ প্ৰায় ১০.৩০ বজাত বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (ৱেভছ) উদ্বোধন কৰিব।নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ৱাই ইউ. জি. এম. কনক্লেভত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ মূল পাঠ
April 29th, 11:01 am
আজি, চৰকাৰ, শিক্ষা, বিজ্ঞান আৰু গৱেষণাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ লোক ইয়াত বৃহৎ সংখ্যাত উপস্থিত আছে। এই সংহতি, এই সংগম, ইয়াক যুটী বুলি কোৱা হয়। এটা যুটি য 'ত উন্নত ভাৰতৰ ভৱিষ্যতৰ প্ৰযুক্তি-সম্পৰ্কীয় অংশীদাৰসকল একেলগে জড়িত হৈ আছে। মই আত্মবিশ্বাসী যে এই অনুষ্ঠানটোৱে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ প্ৰযুক্তিত ভাৰতৰ ভূমিকা বৃদ্ধিৰ বাবে আমি কৰা প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব। আজি, আই. আই. টি. কানপুৰ আৰু আই. আই. টি. বোম্বাইত এ. আই., বুদ্ধিমত্তা প্ৰণালী, আৰু জৈৱবিজ্ঞান জৈৱ প্ৰযুক্তি স্বাস্থ্য আৰু ঔষধৰ ছুপাৰ হাব মুকলি কৰা হৈছে। আজি ৱাধৱানী উদ্ভাৱন নেটৱৰ্কও আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ সহযোগিতাত গৱেষণা অব্যাহত ৰখাৰো সিদ্ধান্ত লোৱা হৈছে। এই প্ৰচেষ্টাৰ বাবে মই ৱাধৱানী ফাউণ্ডেশ্যন, আমাৰ আই. আই. টি. আৰু আন সকলো অংশীদাৰক অভিনন্দন জনাইছো। বিশেষকৈ, মই মোৰ বন্ধু ৰমেশ ৱাধৱানী মহাশয়ক প্ৰশংসা কৰোঁ। আপোনাৰ নিষ্ঠা আৰু সক্ৰিয়তাৰ জৰিয়তে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই একেলগে দেশৰ শিক্ষা ব্যৱস্থাত বহুতো ইতিবাচক পৰিৱৰ্তন সাধন কৰিছে।ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
April 29th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৱাই ইউ জি এম উদ্ভাৱন সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমাৱেশত ভাষণ দি তেওঁ চৰকাৰী বিষয়া, শিক্ষাবিদ আৰু বিজ্ঞান তথা গৱেষণা পেছাদাৰীসকলৰ গুৰুত্বপূৰ্ণ সমাৱেশৰ ওপৰত আলোকপাত কৰি অংশীদাৰসকলৰ সংগমস্থল ৱাই ইউ জি এম— এখন উন্নত ভাৰতৰ বাবে ভৱিষ্যতৰ প্ৰযুক্তিসমূহ আগুৱাই নিয়াৰ লক্ষ্যৰে কৰা সহযোগিতাৰ মঞ্চৰূপে অভিহিত কৰি ইয়াত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে এই অনুষ্ঠানে ভাৰতৰ উদ্ভাৱন ক্ষমতা আৰু গভীৰ-প্ৰযুক্তিক্ষেত্ৰত ভাৰতৰ ভূমিকা বৃদ্ধিৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিব। এ আই, বুদ্ধিমত্তাসম্পন্ন ব্যৱস্থা আৰু জৈৱ বিজ্ঞান, জৈৱ প্ৰযুক্তি, স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আই আই টি কানপুৰ আৰু আই আই টি বম্বেত মুকলি কৰা ছুপাৰ হাবৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ লগতে নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সহযোগত গৱেষণাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা ৱাধৱনী উদ্ভাৱন নেটৱৰ্ক মুকলি কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ৱাধৱনী ফাউণ্ডেশ্যন, আই আই টিসমূহ আৰু এই পদক্ষেপসমূহৰ সৈতে জড়িত সকলো অংশীদাৰক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগিতাৰ জৰিয়তে দেশৰ শিক্ষা ব্যৱস্থাত ইতিবাচক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ৰোমেশ ৱাধৱানী ডাঙৰীয়াৰ নিষ্ঠা আৰু সক্ৰিয় ভূমিকাৰ বাবে তেওঁক বিশেষভাৱে প্ৰশংসা কৰে।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
April 24th, 12:00 pm
ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে
April 24th, 11:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।যমুনা নদী পৰিস্কাৰ কৰি পুনৰুজ্জীৱিত কৰা প্ৰক্ৰিয়া সন্দৰ্ভত আয়োজিত বৈঠকত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা
April 17th, 10:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কালি যমুনা নদী পৰিষ্কাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ লগতে দিল্লীৰ খোৱাপানী সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। তেওঁ কয় যে কেন্দ্ৰই দিল্লী চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি দিল্লীৰ জনসাধাৰণৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি আৰু ‘জীৱন নিৰ্বাহৰ সুচলতা’ নিশ্চিত কৰাৰ কাম কৰি যাব।হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 14th, 11:00 am
মই ক’ম বাবাচাহেব আম্বেদকাৰ, আপোনালোক সকলোৱে দুবাৰ ক’ব অমৰ ৰহে! অমৰ ৰহে বুলি! (দীৰ্ঘজীৱী হওঁক! দীৰ্ঘজীৱী হওঁক!)PM Modi lays foundation stone of new terminal building of Hisar airport worth over Rs 410 crore
April 14th, 10:16 am
PM Modi during his visit to Hisar, laid the foundation stone of the ₹410 crore Maharaja Agrasen Airport terminal and flagged off the first flight between Hisar and Ayodhya. He highlighted the push for affordable air travel, Haryana’s growing aspirations, and the government’s commitment to Babasaheb Ambedkar’s vision of dignity, equality, and empowerment for all.প্ৰধানমন্ত্ৰীয়ে আম্বেদকাৰ জয়ন্তী উপলক্ষে অহা ১৪ এপ্ৰিলত হাৰিয়ানা ভ্ৰমণ কৰিব
April 12th, 04:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তী উপলক্ষে হাৰিয়ানা ভ্ৰমণ কৰিব। হাৰিয়ানাত তেওঁ প্ৰথমে হিছাৰলৈ যাব আৰু পুৱা প্ৰায় ১০:১৫ বজাত হিছাৰৰ পৰা অযোধ্যালৈ বাণিজ্যিক বিমানৰ ফ্লেগ অফ কৰিব। ইয়াৰ সমান্তৰালকৈ, তেওঁ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে হিছাৰত এখন ৰাজহুৱা সভাত ভাষণ দিব।New India is moving ahead with the mantra of 'Development as well as Heritage': PM Modi in Anandpur Dham, Madhya Pradesh
April 11th, 03:37 pm
In line with his commitment to furthering the cultural and spiritual heritage of India, Prime Minister Modi visited Anandpur Dham in Madhya Pradesh. “India is a land of sages, scholars, and saints, who have always guided society during challenging times”, exclaimed the PM, highlighting that the life of Pujya Swami Advait Anand Ji Maharaj reflects this tradition.মধ্যপ্ৰদেশৰ আনন্দপুৰ ধামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ সমাৱেশক সম্বোধন
April 11th, 03:26 pm
ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক আগুৱাই নিয়াৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে আজি মধ্যপ্ৰদেশৰ অশোকনগৰ জিলাৰ ইছাগড় তহচিলৰ আনন্দপুৰ ধাম ভ্ৰমণ কৰে। গুৰুজী মহাৰাজ মন্দিৰত দৰ্শন আৰু পূজা কৰাৰ লগতে আনন্দপুৰ ধামৰ মন্দিৰ কমপ্লেক্স পৰিভ্ৰমণ কৰে। সভাত ভাষণ দি তেওঁ দিল্লী, হাৰিয়ানা, পঞ্জাৱ, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বৃহৎ সংখ্যক ভক্তক আদৰণি জনায়। শ্ৰী আনন্দপুৰ ধাম ভ্ৰমণ কৰি তেওঁ সুখ প্ৰকাশ কৰি গুৰুজী মহাৰাজৰ মন্দিৰত প্ৰাৰ্থনা কৰাৰ অভিজ্ঞতা প্ৰকাশ কৰে আৰু কয় যে গুৰুজী মহাৰাজৰ মন্দিৰত প্ৰাৰ্থনা কৰিলে তেওঁৰ হৃদয় গভীৰ শান্তি আৰু আনন্দৰে ভৰি পৰে।প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 11th, 11:00 am
মঞ্চত বিৰাজমান উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, উপস্থিত মন্ত্ৰীসকল, অন্যান্য জনপ্ৰতিনিধিসকল, বানাস দুগ্ধ বিভাগৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰী আৰু ইমান বৃহৎ সংখ্যাত আশীৰ্বাদ দিবলৈ অহা মোৰ সকলো পৰিয়ালৰ সদস্য,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকা ব্যয়সাপেক্ষ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে
April 11th, 10:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ৩,৮৮০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। সমাৱেশত ভাষণ দি কাশীৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি এই আশীৰ্বাদৰ বাবে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ জনসাধাৰণৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে তেওঁক আগবঢ়োৱা মৰম আৰু সমৰ্থন স্বীকাৰ কৰে। এই প্ৰেমৰ প্ৰতি তেওঁ ঋণী বুলি উল্লেখ কৰি কয় যে কাশী তেওঁৰ আৰু তেওঁ কাশীৰ। কাইলৈ হনুমান জন্মোৎসৱৰ শুভ উপলক্ষ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কাশীৰ সংকট মোচন মহাৰাজক সাক্ষাৎ কৰাৰ সুযোগ পোৱাতো তেওঁৰ সৌভাগ্য বুলি প্ৰকাশ কৰে। তেওঁ হনুমান জন্মোৎসৱৰ পূৰ্বে কেনেদৰে কাশীৰ জনসাধাৰণে উন্নয়নৰ উৎসৱ উদযাপন কৰিবলৈ একত্ৰিত হৈছে সেই বিষয়েও আলোকপাত কৰে।পঞ্জাব আৰু হাৰিয়ানাত ১৮৭৮.৩১ কোটি টকা ব্যয়েৰে হাইব্ৰিড এন্যুইটি মোডত ১৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয় লেনযুক্ত প্ৰৱেশ নিয়ন্ত্ৰিত পথ নিৰ্মাণত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন
April 09th, 03:09 pm
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে হাইব্ৰিড এনুইটি মোডত পঞ্জাব আৰু হাৰিয়ানাৰ ৰাষ্ট্ৰীয় ঘাইপথ(ও)ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ-৭ (জিৰকপুৰ-পটিয়ালা)ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ-৫ (জিৰকপুৰ-পাৰৱানু) সংযোগী ছয় লেনযুক্ত মুঠ ১৯.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ জিৰকপুৰ বাইপাছ নিৰ্মাণত অনুমোদন জনাইছে। পি এম গতিশক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিৰ নীতিৰ আধাৰত সংহত পৰিবহণ আন্তঃগাঁথনিৰ বিকাশৰ সুবিধাৰ বাবে এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ।