
মহাকুম্ভ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 18th, 01:05 pm
প্ৰয়াগৰাজত অনুষ্ঠিত বিশাল মহাকুম্ভ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। মই এই সন্মানীয় সদনৰ যোগেদি সেইসকল লক্ষ-লক্ষ দেশবাসীক মোৰ প্ৰণাম জনাইছোঁ, যিসকলৰ অৱদানে মহাকুম্ভক সাফল্যমণ্ডিত কৰি তুলিলে। মহাকুম্ভৰ সফলতা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বহু ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই চৰকাৰ, সমাজ আৰু সকলো নিষ্ঠাবান কৰ্মীক অভিনন্দন জনাইছোঁ। লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকল, উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা কুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে
March 18th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে। তেখেতে মহাকুম্ভৰ সফলতা নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ অগণন নাগৰিকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মহাকুম্ভক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত ভিন্ন ব্যক্তি আৰু গোটৰ সামূহিক অৱদানত আলোকপাতেৰে তেখেতে চৰকাৰ, সমাজ আৰু জড়িত সকলো নিষ্ঠাবান কৰ্মীৰ প্ৰচেষ্টাক স্বীকৃতি জনাই আৰু তেওঁলোকৰ শলাগ লয়। শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মজয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
January 23rd, 04:26 pm
২০৪৭ চনৰ ভিতৰত দেশৰ লক্ষ্য কিপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰক্ৰম দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে
January 23rd, 03:36 pm
পৰক্ৰম দিৱসৰূপে উদযাপিত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকীত আজি নতুন দিল্লীৰ সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ বন্ধু-বান্ধৱীৰ সৈতে এক বিশেষ মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত দেশৰ লক্ষ্য কি বুলি সোধা প্ৰশ্নত এজন ছাত্ৰই আত্মবিশ্বাসেৰে উত্তৰ দিয়ে যে ভাৰতক উন্নত ৰাষ্ট্ৰ (বিকশিত ভাৰত) কৰি তুলিব লাগিব। প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰতহে কিয় বুলি সোধাত আন এজন ছাত্ৰই উত্তৰ দিলে যে “যেতিয়া ভাৰতে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব, তেতিয়ালৈকে আমাৰ বৰ্তমানৰ প্ৰজন্মই জাতিটোৰ সেৱা কৰিবলৈ সাজু হ’ব”।নেতাজী সুভাষ চন্দ্ৰ বসুলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
January 23rd, 08:53 am
পৰক্ৰম দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ভাৰতৰ স্বাধীনতা আন্দোলনত নেতাজীৰ অৱদান অতুলনীয় আছিল আৰু তেওঁ সাহস তথা ধৈৰ্যৰ প্ৰতীক হিচাপে চিহ্নিত হৈছিল।নিৰ্বাচন আয়োগে সময়ে সময়ে আমাৰ ভোটদান প্ৰক্ৰিয়াক শক্তিশালী কৰি আহিছেঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 19th, 11:30 am
In the 118th episode of Mann Ki Baat, PM Modi reflected on key milestones, including the upcoming 75th Republic Day celebrations and the significance of India’s Constitution in shaping the nation’s democracy. He highlighted India’s achievements and advancements in space sector like satellite docking. He spoke about the Maha Kumbh in Prayagraj and paid tributes to Netaji Subhas Chandra Bose.‘হিন্দুস্তান টাইমছ লিডাৰশ্বিপ ছামিট ২০২৪’-ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
November 16th, 10:15 am
১০০ বছৰ আগতে ‘হিন্দুস্তান টাইমছ’-ৰ উন্মোচন পুজ্য বাপুয়ে কৰিছিল... তেওঁ গুজৰাটী ভাষী আছিল, আৰু ১০০ বছৰৰ পিছত আপোনালোকে আন এজন গুজৰাটীক আমন্ত্ৰণ কৰিছে। মই ‘হিন্দুস্তান টাইমছ’ক এই ঐতিহাসিক যাত্ৰাৰ বাবে অভিনন্দন জনাইছোঁ আৰু যিসকলে ১০০ বছৰীয়া যাত্ৰাত এই কাকতৰ সৈতে জড়িত হৈ আহিছে, যিসকলে প্ৰতিপালনৰ কাম কৰিছে, সংগ্ৰাম কৰিছে, সংকটৰ সন্মুখীন হৈছে, কিন্তু অধ্যৱসায় অব্যাহত ৰাখিছে... তেওঁলোক সকলোৱেই আজি অভিনন্দনৰ পাত্ৰ, তেওঁলোক সকলোৱেই অভিনন্দনৰ যোগ্য। আপোনালোক সকলোকে, ১০০ বছৰীয়া যাত্ৰা নিতান্তই এক বৃহত্ সাফল্য হয় জাঙৰীয়া। আপোনালোক সকলোৱেই এই সাফল্যৰ বাবে অভিনন্দনৰ পাত্ৰ, আৰু মই আপোনালোকক আগত ভৱিষ্যতৰ বাবেও বহুত বহুত শুভেচ্ছা জনাইছোঁ। মই যেতিয়া ইয়ালৈ আহিছোঁ, মই পৰিয়ালৰ সদস্যসকলৰেতো মিলিত হৈছোৱেই হৈছোঁ, ইয়াৰ লগতে মই ১০০ বছৰীয়া যাত্ৰাৰ এক সুন্দৰ প্ৰদৰ্শনীও চাবলৈ সুযোগ পাইছোঁ। মই আপোনালোক সকলোক ক'ম যে যদি সময় থাকে, তেন্তে তাত কিছু সময় কটাই নিশ্চয় যাব। এয়া কেৱল এক প্ৰদৰ্শনীয়েই নহয়, মই কওঁ যে এয়া আক্ষৰিক অৰ্থতে এক অনন্য অভিজ্ঞতাও। এনেকুৱা লাগিছিল যেন আমাৰ চকুৰ আগৰে ১০০ বছৰৰ ইতিহাস পাৰ হৈ গৈছিল। মই সেই দিনবোৰৰ বাতৰি কাকত দেখিছিলোঁ যিবোৰ দেশৰ স্বাধীনতা আৰু সংবিধান গ্ৰহণ কৰাৰ দিনবোৰত মুদ্ৰিত হৈছিল। ‘হিন্দুস্তান টাইমছ’-ৰ বাবে একাধিক প্ৰবীণ ব্যক্তিয়ে লিখিছিল। মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ বাবু, ড০ শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড০ এম এছ স্বামীনাথন। এইসকল পুৰোধাৰ লিখনিসমূহে আপোনালোকৰ বাতৰি কাকতৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। সঁচাকৈয়ে আমি এক দীঘলীয়া যাত্ৰাৰ পিছত ইয়াত আহি উপস্থিত হৈছোহি। স্বাধীনতাৰ বাবে যুঁজ দিয়াৰ পৰা স্বাধীনতাৰ পিছত আশাৰ অতল সাগৰৰ লহৰত উপৱিষ্ট হৈ আমি আগবাঢ়িছো। এই যাত্ৰা নিতান্তই অভূতপূৰ্ব, ই আশ্চৰ্যজনকো। ১৯৪৭ চনৰ অক্টোবৰত কাশ্মীৰৰ অধিগ্ৰহণৰ পিছত মই আপোনালোকৰ কাকতৰ বাতৰিত সেই উৎসাহ অনুভৱ কৰিছিলোঁ যি প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উদ্বেলিত হৈছিল। অৱশ্যে, সেইটো মুহূৰ্ততে মই এইটোও উপলব্ধি কৰিছিলোঁ কেনেকৈ সিদ্ধান্তহীনতাৰ পৰিস্থিতিয়ে কাশ্মীৰক সাত দশক ধৰি হিংসাই আৱৰি ধৰিছিল। আজি আপোনালোকৰ কাকতখনে জম্মু আৰু কাশ্মীৰত অভিলেখ হাৰত হোৱা ভোটদানৰ দৰে বাতৰি প্ৰকাশ কৰিছে, এয়া হৈছে এক বৈপৰিত্য। এফালে বাতৰি কাকতৰ ছপা, এক প্ৰকাৰে সকলোৰে চকু তালৈ যাবই, আপোনালোকৰ দৃষ্টি ৰৈ যাব। ইয়াৰ এফালে অসমক অশান্ত অঞ্চল ঘোষণা কৰাৰ খবৰ ওলাইছিল যদি আনফালে অটলজীয়ে বিজেপিৰ ভেটি স্থাপন কৰাৰ খবৰ ওলাইছিল। আৰু কি সুখৰ সংযোগ যে বিজেপিয়ে আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত এক ডাঙৰ ভূমিকা পালন কৰি আহিছে।নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 16th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলন ২০২৪ত ভাষণ প্ৰদান কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ১০০ বছৰ পূৰ্বে মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা হিন্দুস্তান টাইমছৰ বিষয়ে আলোকপাত কৰি কাকতখনক শতিকাজোৰা অনবদ্য যাত্ৰাৰ বাবে অভিনন্দন জনায়। লগতে প্ৰকাশন প্ৰতিষ্ঠানটোৰ সমগ্ৰ ইতিহাসৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিলৈও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। সভাস্থলীত হিন্দুস্তান টাইমছৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ পিছত শ্ৰী মোদীয়ে ই এক অপ্ৰতীম অভিজ্ঞতা বুলি অভিহিত কৰি সকলো প্ৰতিনিধিকে সময় উলিয়াই ইয়াক অন্বেষণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কয় যে প্ৰদৰ্শনীখন ভ্ৰমণৰ সময়ত ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ৰ আৰু সংবিধান প্ৰণয়নৰ সময়ৰ পুৰণি বাতৰি কাকত দেখা পাইছিল। তেওঁ স্বীকাৰ কৰে যে মাৰ্টিন লুথাৰ কিং, নেতাজী সুভাষ চন্দ্ৰ বসু, ড° শ্যামা প্ৰসাদ মুখাৰ্জী, অটল বিহাৰী বাজপেয়ী, ড° এম এছ স্বামীনাথনকে ধৰি বহু প্ৰভাৱশালী নেতাই হিন্দুস্তান টাইমছত প্ৰবন্ধ লিখিছিল। স্বাধীনতা সংগ্ৰাম আৰু স্বাধীনতাৰ পিছৰ সময়খিনিক সামৰি লোৱা কাকতখনৰ উল্লেখযোগ্য যাত্ৰাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে চিন্তা-চৰ্চা কৰি ইয়াক সঁচাকৈয়ে অসাধাৰণ আৰু প্ৰেৰণাদায়ক বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে ১৯৪৭ চনৰ অক্টোবৰ মাহত কাশ্মীৰৰ ভাৰতৰ সৈতে একত্ৰীকৰণৰ কথা পঢ়ি এজন যুৱ নাগৰিক হিচাপে অনুভৱ কৰা উত্তেজনাৰ কথাও মনত পেলাইছিল। অৱশ্যে তেওঁ এইটোও লক্ষ্য কৰিছিল যে কেনেকৈ, সেই মুহূৰ্তত, তেওঁ উপলব্ধি কৰিছিল যে কিদৰে সাত দশক ধৰি অতীতৰ অনিশ্চয়তাই কাশ্মীৰক হিংসাৰ মাজত আবদ্ধ কৰি ৰাখিছিল। তেওঁ আশাবাদ প্ৰকাশ কৰি আঙুলিয়াই দিয়ে যে আজি জম্মু-কাশ্মীৰৰ নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ খবৰ নিয়মীয়াকৈ প্ৰকাশ পাইছে, যিটো অগ্ৰগতি আৰু পৰিৱৰ্তনৰ লক্ষণ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সন্মুখীন হোৱা এটা বিশেষ বাতৰি কাকতৰ সংখ্যাৰ কথাও উল্লেখ কৰে, য’ত এফালে অসমক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰাৰ খবৰ আছিল, আনফালে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি স্থাপন কৰা অটল বিহাৰী বাজপেয়ীৰ প্ৰতিবেদন আছিল। আজি অসমলৈ স্থায়ী শান্তি অনাৰ ক্ষেত্ৰত বিজেপিয়ে মূল ভূমিকা পালন কৰি অহা সুন্দৰ কাকতালীয় দিশৰ ওপৰতো তেওঁ মন্তব্য কৰে।অষ্ট্ৰিয়াৰ ভিয়েনাত ভাৰতীয় সসমাজক সম্বোধি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 10th, 11:00 pm
তেন্তে মই আৰম্ভ কৰো নে? অষ্ট্ৰিয়াৰ মহামান্য অৰ্থনীতি আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী মহোদয়, প্ৰবাসী ভাৰতীয় সমাজৰ মোৰ বন্ধুসকল, ভাৰতৰ সকলো বন্ধু আৰু শুভাকাংক্ষীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভাৰতীয় সমুদায়ক সম্বোধন কৰে
July 10th, 10:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত প্ৰবাসী ভাৰতীয়ই তেওঁৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতীয় সমুদায়ক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ আগমনত প্ৰবাসী ভাৰতীয় সমুদায়ে তেওঁক অতি উৎসাহ আৰু মৰমেৰে আদৰণি জনায়। অষ্ট্ৰিয়াৰ ফেডাৰেল শ্ৰম আৰু অৰ্থনীতি মন্ত্ৰী মহামহিম শ্ৰী মাৰ্টিন কোচাৰেও এই সামুদায়িক সভাত অংশগ্ৰহণ কৰে।Bengal's enthusiasm for democracy is commendable: PM in Malda Uttar
April 26th, 11:15 am
Prime Minister Narendra Modi addressed a huge public gathering in Malda Uttar, West Bengal. He urged people to participate in the ongoing elections. PM Modi emphasized the importance of every vote in strengthening democracy and upholding the Constitution.PM Modi addresses a public meeting in Malda Uttar, West Bengal
April 26th, 10:46 am
Prime Minister Narendra Modi addressed a huge public gathering in Malda Uttar, West Bengal. He urged people to participate in the ongoing elections. PM Modi emphasized the importance of every vote in strengthening democracy and upholding the Constitution.প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণক পৰাক্ৰম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে
January 23rd, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰাক্ৰম দিৱস উপলক্ষে ভাৰতৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে।Prime Minister Narendra Modi to participate in programme marking Parakram Diwas at Red Fort
January 22nd, 05:56 pm
Prime Minister Narendra Modi will participate in Parakram Diwas celebrations at Red Fort on 23rd January. The programme being held this year at Red Fort will be a multifaceted celebration seamlessly weaving together historical reflections and vibrant cultural expressions. The activities will delve into the profound legacy of Netaji Subhas Chandra Bose and the Azad Hind Fauj. The celebrations will continue till 31st January.Tamil Nadu has been a bastion of Indian nationalism: PM Modi
May 27th, 11:31 pm
Addressing the Adheenams, PM Modi said that it was a matter of great fortune as they graced the PM’s residence with their presence. The PM said that it was by the blessings of Lord Shiva that he got to interact with all the disciples of Lord Shiva at once. He also expressed delight that the Adheenams would be present at the inauguration of the new Parliament House.নতুন সংসদ ভৱনত 'চেঙ্গোল' স্থাপনৰ পূৰ্বে 'আধিনাম'সকলে আশীৰ্বাদ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰীক
May 27th, 09:14 pm
নতুন সংসদ ভৱনত কাইলৈ ‘চেঙ্গোল’ স্থাপনৰ পূৰ্বে আজি আধিনামসকলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আশীৰ্বাদ প্ৰদান কৰে।নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০তম জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 12th, 11:00 am
কাৰ্যক্ৰমত উপস্থিত গুজৰাটৰ ৰাজ্যপাল শ্ৰীমান আচাৰ্য দেৱব্ৰত জী, সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী সুৰেশ চন্দ্ৰ আৰ্য জী, দিল্লী আৰ্য প্ৰতিনিধি সভাৰ অধ্যক্ষ শ্ৰী ধৰ্মপাল আৰ্য জী, শ্ৰী বিনয় আৰ্য জী, মন্ত্ৰীসভাৰ মোৰ সতীৰ্থ জি কিষন ৰেড্ডী জী, মিনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, প্ৰতিনিধিগণ, উপস্থিত ভাতৃ আৰু ভগ্নীসকল!প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ তম জয়ন্তী উদযাপন উদ্বোধন কৰে
February 12th, 10:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত মহৰ্ষি দয়ানন্দ সৰস্বতীৰ ২০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বছৰজোৰা উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁ স্মাৰক অনুষ্ঠানৰ বাবে এটা লগোও মুকলি কৰে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱত প্ৰধানমন্ত্ৰী ভাষণৰ অসমীয়া অনুবাদ
February 09th, 02:15 pm
ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদৰ প্ৰস্তাৱৰ ওপৰত আলোচনা চলি আছে। সেই আলোচনাত অংশগ্ৰহণ কৰি মই সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাৰে ধন্যবাদ জনাইছো। সন্মানীয় ৰাষ্ট্ৰপতিলৈ অভিনন্দন জনাইছো। সন্মানীয় অধ্যক্ষ, দুয়োখন সদনক সম্বোধন কৰাৰ সময়ত তেওঁ উন্নত ভাৰতৰ ব্লুপ্ৰিণ্ট আৰু উন্নত ভাৰতৰ সংকল্পৰ বাবে ৰোড মেপ দাঙি ধৰিছে।ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰধানমন্ত্ৰীৰ
February 09th, 02:00 pm
আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি ডাঙৰীয়াণীক তেওঁৰ ভাষণত ‘বিকশিত ভাৰত’ৰ দৃষ্টিভংগী দাঙি ধৰি উভয় সদনকে পথ প্ৰদৰ্শনৰ বাবে ধন্যবাদ জনায়।