বিমষ্টেক সন্মিলনৰ সমান্তৰালভাৱে নেপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

বিমষ্টেক সন্মিলনৰ সমান্তৰালভাৱে নেপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ

April 04th, 04:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ষষ্ঠ বিমষ্টেক সন্মিলনৰ সমান্তৰালভাৱে নেপালৰ প্ৰধানমমন্ত্ৰী শ্ৰীযুত কে. পি. শৰ্মা অলীক সাক্ষাৎ কৰে।

০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ

০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ

April 02nd, 02:00 pm

বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।

থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

February 14th, 08:30 am

থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।

থাইলেণ্ডত সম্বাদ (SAMVAD) কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 14th, 08:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডত আয়োজিত সম্বাদ (SAMVAD) কাৰ্যসূচীৰ সময়ত ভিডিঅ 'বাৰ্তাৰ জৰিয়তে তেওঁৰ মন্তব্য প্ৰকাশ কৰে। সমাৱেশত ভাষণ দি তেওঁ থাইলেণ্ডত সম্বাদ (SAMVAD) সংস্কৰণত যোগদান কৰি এই অনুষ্ঠানটো সম্ভৱ কৰি তোলাৰ বাবে ভাৰত, জাপান আৰু থাইলেণ্ডৰ বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক প্ৰশংসা কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশ্বনেতাসকলক ধন্যবাদ জনাইছে

January 26th, 05:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত বিশ্বনেতাসকলক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নেপালৰ প্ৰধানমন্ত্ৰীয়ে এক্সত দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে

January 25th, 03:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি (২৪ জানুৱাৰী, ২০২৫) লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’বলগীয়া এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে। বাৰ্তালাপৰ সময়ত, বহু অংশগ্ৰহণকাৰীয়ে প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ হোৱাত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে, ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ই ভাৰতীয় গণতন্ত্ৰৰ শক্তি প্ৰকাশ কৰে।”

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 10:45 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

January 14th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।

বিহাৰৰ দাৰভাঙ্গাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

November 13th, 11:00 am

ৰজা জনক, সীতা মাইয়াই মিথিলা বিদ্যাপতিৰ এই পবিত্ৰ ভূমিলৈ নমস্কাৰ জনাইছো। জ্ঞান-ধন-পান-মাখানা... আপুনি এই সমৃদ্ধ গৌৰৱময় ভূমিত আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত ১২,১০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে

November 13th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দাৰভাংগাত প্ৰায় ১২,১০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহত স্বাস্থ্য, ৰে’ল, পথ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱসৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 17th, 10:05 am

সাংস্কৃতিক মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত জী, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, ভদন্ত ৰাহুল বোধি মহাথেৰো জী, পূজনীয় ইয়াংচুক চোডেন জী, মহাসংঘৰ সকলো সন্মানীয় সদস্য, মহামহিম, কূটনৈতিক সমাজৰ সদস্য, বৌদ্ধ পণ্ডিত, ধৰ্ম অনুগামী, ভদ্ৰ পুৰুষ-মহিলাসকল।

আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 17th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস উদযাপন আৰু পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদানৰ অনুষ্ঠানত ভাষণ আগবঢ়ায়। অভিধম্মা দিৱসত অভিধম্মা শিক্ষা দি ভগৱান বুদ্ধৰ আকাশী ক্ষেত্ৰৰ পৰা অৱতৰণ স্মৰণ কৰা হয়। শেহতীয়াকৈ পালিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াটোৱে এইবাৰৰ অভিধম্মা দিৱস উদযাপনৰ তাৎপৰ্য্য বৃদ্ধি কৰিছে কাৰণ অভিধম্মা সম্পৰ্কীয় ভগৱান বুদ্ধৰ শিক্ষা মূলতঃ পালি ভাষাত উপলব্ধ।

PM Modi meets Prime Minister of Nepal

September 23rd, 06:25 am

PM Modi met PM K.P. Sharma Oli of Nepal in New York. The two leaders reviewed the unique and close bilateral relationship between India and Nepal, and expressed satisfaction at the progress made in perse sectors including development partnership, hydropower cooperation, people-to-people ties, and enhancing connectivity – physical, digital and in the domain of energy.

PM Modi's conversation with Lakhpati Didis in Jalgaon, Maharashtra

August 26th, 01:46 pm

PM Modi had an enriching interaction with Lakhpati Didis in Jalgaon, Maharashtra. The women, who are associated with various self-help groups shared their life journeys and how the Lakhpati Didi initiative is transforming their lives.

মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি বাইদেউ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

August 25th, 01:00 pm

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চিপি ৰাধাকৃষ্ণন ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ, দেশৰ কৃষি মন্ত্ৰী আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়া, মন্ত্ৰী পৰিষদত মোৰ সতীৰ্থ, এই ভূমিৰ সন্তান প্ৰতাপ ৰাও যাদৱ, এই ভূমিৰ সন্তান ভগ্নী ৰক্ষা খাদছে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী শ্ৰী অজিত পাৱাৰ ডাঙৰীয়া, দেৱেন্দ্ৰ ফাদনৱিছ ডাঙৰীয়া, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, মাতৃ আৰু ভগ্নীসকল; যিয়ে আমাক আশীৰ্বাদ দিবলৈ ইয়ালৈ আহিছে। মই যিমানদূৰ চকুৰে মণিব পাৰিছোঁ, সকলোতে মাতৃসকলক দেখিছোঁ। মোক এই দৃশ্যই প্ৰশান্তি প্ৰদান কৰিছে।

মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি দিদী সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

August 25th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ জলগাঁৱত লাখপতি দিদী সন্মিলনত অংশগ্ৰহণ কৰে। তেওঁ প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে বৰ্তমান চৰকাৰৰ তৃতীয় কাৰ্যকালত শেহতীয়াকৈ লাখপতি হোৱা ১১ লাখ নতুন লাখপতি দিদিক সম্বৰ্ধনা জনায়। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখপতি দিদিৰ সৈতেও মত বিনিময় কৰে। শ্ৰী মোদীয়ে ২৫০০ কোটি টকাৰ ঘূৰ্ণীয়মান পুঁজি মুকলি কৰে, যাৰ জৰিয়তে ৪.৩ লাখ আত্মসহায়ক গোটৰ (এছএইচজি) প্ৰায় ৪৮ লাখ সদস্য উপকৃত হয়। লগতে তেওঁ ৫,০০০ কোটি টকাৰ বেংক ঋণ প্ৰদান কৰে যিয়ে ২.৩৫ লাখ আত্মসহায়ক গোটৰ ২৫.৮ লাখ সদস্যক উপকৃত কৰিব। লাখপতি দিদী যোজনাৰ আৰম্ভণিৰ পৰাই ইতিমধ্যে এক কোটি মহিলাক লাখপতি দিদি হিচাপে গঢ়ি তোলা হৈছে আৰু বৰ্তমান চৰকাৰে তিনি কোটি লাখপতি দিদীৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ তানাহুনত বাছ দুৰ্ঘটনাত পতিত হোৱা লোকৰ বাবে অনুগ্ৰহ ৰাশি ঘোষণা কৰে

August 24th, 02:51 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ তানাহুন জিলাত বাছ দুৰ্ঘটনাত পতিত হোৱা লোকসকলৰ বাবে অনুগ্ৰহ ৰাশি ঘোষণা কৰিছে। প্ৰতিজন মৃতকৰ পৰিয়ালক পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ দিয়া হ’ব।

নেপালৰ তানাহুন জিলাত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশ

August 23rd, 10:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালৰ তানাহুন জিলাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেখেতে ভাৰতীয় দূতাবাসে দুৰ্ঘটনাগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

Minister for Foreign Affairs of Nepal, H.E. Dr. Arzu Rana Deuba calls on the Prime Minister

August 19th, 10:14 pm

Nepal’s Minister of Foreign Affairs, Dr. Arzu Rana Deuba met Prime Minister Shri Narendra Modi today. Welcoming Dr. Deuba to India, Shri Modi remarked that he looked forward to continued momentum in the development partnership between India and Nepal.

৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

August 15th, 09:20 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বনেতাসকলে প্ৰদান কৰা শুভেচ্ছাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷