ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যুত্তৰৰ অসমীয়া অনুবাদ
February 06th, 04:21 pm
মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই তেওঁ ভাষণত ভাৰতৰ সাফল্য, ভাৰতৰ পৰা বিশ্বৰ আশা, ভাৰতৰ সাধাৰণ মানুহৰ আত্মবিশ্বাস আৰু ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ লগতে দেশখনক ভৱিষ্যতৰ দিশটোও দেখুৱাইছে। মাননীয় ৰাষ্ট্ৰপতিৰ ভাষণ আছিল প্ৰেৰণাদায়ক, ফলপ্ৰসূ আৰু লগতে আমাৰ সকলোৰে বাবে ভৱিষ্যতৰ কামৰ বাবে এক নিৰ্দেশনা। সন্মানীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাছো!ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ
February 06th, 04:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ সম্বোধনে ভাৰতৰ সাফল্য, ভাৰতৰপৰা বিশ্বৰ প্ৰত্যাশা আৰু এখনি উন্নত ভাৰত গঢ়াৰ ক্ষেত্ৰত সাধাৰণ লোকৰ আত্মবিশ্বাসক সামৰি লৈছে। তেখেতে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণ প্ৰেৰণাদায়ক, প্ৰভাৱশালী আৰু এই ভাষণে ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ বাবে পথ প্ৰদৰ্শন কৰিছে। তেখেতে এই ভাষণৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত আয়োজিত এনচিচি ৰেলীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, সঞ্জয় ছেঠ জী, চিডিএছ- জেনেৰেল অনিল চৌহান জী, তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, আন-আন অতিথি আৰু এনচিচিৰ মোৰ মৰমৰ বন্ধুসকল!এন চি চিৰ বাৰ্ষিক পি এম ৰেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
January 27th, 04:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ কৰিয়াপ্পা পেৰেড খেলপথাৰত বাৰ্ষিক নেচনেল কেডেট কৰ্পছৰ পিএম ৰেলীত ভাষণ আগবঢ়ায়। শ্ৰী মোদীয়ে সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰি শ্ৰেষ্ঠ কেডেট বঁটা প্ৰদান কৰে। এন চি চি দিৱস উপলক্ষে সমাৱেশক শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে ১৮খন বন্ধুত্বপূৰ্ণ দেশৰ পৰা অংশগ্ৰহণ কৰা প্ৰায় ১৫০জন কেডেটক আদৰণি জনায়। তেওঁ মেৰা যুৱ ভাৰত (MY Bharat) পৰ্টেলৰ জৰিয়তে ভাৰ্চুৱেলি যোগদান কৰা সমগ্ৰ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জনায়।গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণকাৰী এনচিচি আৰু এনএছএছ কেডেটসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ অসমীয়া অনুবাদ
January 25th, 03:30 pm
ছাৰ, আজি আপোনাক দেখাৰ পিছত মোৰ সপোন বাস্তৱায়িত হ’লপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে
January 25th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি (২৪ জানুৱাৰী, ২০২৫) লোক কল্যাণ মাৰ্গত থকা নিজৰ বাসগৃহত আগন্তুক গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’বলগীয়া এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, জনজাতীয় অতিথি আৰু প্ৰতীকপট শিল্পীৰ সৈতে মত বিনিময় কৰে। বাৰ্তালাপৰ সময়ত, বহু অংশগ্ৰহণকাৰীয়ে প্ৰধানমন্ত্ৰীক ব্যক্তিগতভাৱে সাক্ষাৎ হোৱাত নিজৰ সন্তুষ্টি প্ৰকাশ কৰে, ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ই ভাৰতীয় গণতন্ত্ৰৰ শক্তি প্ৰকাশ কৰে।”PM Modi interacts with NCC Cadets, NSS Volunteers, Tribal guests and Tableaux Artists
January 24th, 08:08 pm
PM Modi interacted with NCC Cadets, NSS Volunteers, Tribal guests and Tableaux Artists who would be a part of the upcoming Republic Day parade at his residence at Lok Kalyan Marg earlier today. The interaction was followed by vibrant cultural performances showcasing the rich culture and persity of India. He also engaged in an informal, freewheeling one-on-one interaction with the participants.প্ৰবাসী ভাৰতীয়সকলে বিভিন্ন দেশত নিজৰ নাম উজলাইছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 24th, 11:30 am
মন কী বাতৰ ১১৬সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে এনচিচি দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰি দুৰ্যোগ সাহায্যৰ ক্ষেত্ৰত এন চি চি কেডেটৰ ভূমিকাক আলোকপাত কৰে। তেওঁ উন্নত ভাৰতৰ বাবে যুৱ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনাৰ বিষয়ে কয়। তেওঁ যুৱক-যুৱতীসকলে জ্যেষ্ঠ নাগৰিকসকলক ডিজিটেল প্লেটফৰ্ম চলোৱাত সহায় কৰা আৰু এক পেড় মা কে নাম অভিযানৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীও শ্বেয়াৰ কৰে।নতুন দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এনচিচি কেডেট ৰেলীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 27th, 05:00 pm
কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, শ্ৰী অজয় ভট্ট ডাঙৰীয়া, চিডিএছ জেনেৰেল অনিল চৌহান ডাঙৰীয়া, তিনিওটা বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব, এনচিচিৰ ডিজি, সকলো বিশিষ্ট অতিথি আৰু এনচিচিৰ মোৰ যুৱ সতীৰ্থসকল!দিল্লীৰ কাৰিয়াপ্পা পেৰেড গ্ৰাউণ্ডত এনচিচিৰ পিএম ৰেলীত ভাষণ প্ৰধানমন্ত্ৰীৰ
January 27th, 04:30 pm
এই উপলক্ষে সমাৱেশত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে নিজে এজন প্ৰাক্তন এন চি চি কেডেট হিচাপে এন চি চি কেডেটৰ মাজত উপস্থিত থাকিলে স্মৃতিবোৰ স্বাভাৱিকতে মনত পৰে। “এনচিচিৰ কেডেটৰ মাজত উপস্থিত থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটোক উজ্জ্বল কৰি তোলে”, দেশৰ বিভিন্ন প্ৰান্তৰ কেডেটৰ উপস্থিতি পৰ্যবেক্ষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। এন চি চিৰ ক্ষেত্ৰখন অহৰহ বৃদ্ধি পোৱাত তেওঁ সুখ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটোৱে এক নতুন আৰম্ভণি বুলি কয়। ভাইব্ৰেণ্ট ভিলেজ আঁচনিৰ অধীনত চৰকাৰে উন্নয়ন কৰি থকা সীমান্তৱৰ্তী অঞ্চলৰ পৰা ৪০০ৰো অধিক গাঁৱৰ চৰপঞ্চ আৰু সমগ্ৰ দেশৰ আত্মসহায়ক গোটৰ শতাধিক মহিলাৰ উপস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।