
PM highlights worship of Mata Rani's nine divine forms during Navratri
April 05th, 09:02 am
The Prime Minister Shri Narendra Modi highlighted the worship of Mata Rani's nine pine forms during Navratri, and also shared a bhajan.
ভক্তসকলৰ জীৱনত সুখৰ এক নতুন সূৰ্য্যোদয় হিচাপে মা জগদম্বেৰ অনুগ্ৰহৰ ওপৰত প্ৰধানমন্ত্ৰীৰ আলোকপাত
April 04th, 08:28 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভক্তসকলৰ জীৱনত সুখৰ এক নতুন সূৰ্য্যোদয় হিচাপে মা জগদম্বেই কঢ়িয়াই অনা অনুগ্ৰহৰ ওপৰত আলোকপাত কৰে। তেওঁ শ্ৰীমতী লতা মংগেশকাৰৰ এটা প্ৰাৰ্থনাও শ্বেয়াৰ কৰে।
নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়, সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে
April 03rd, 06:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আলোকপাত কৰে যে নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে ভক্তৰ জীৱনত কেনেদৰে নতুন শক্তি আৰু সংকল্পৰ সঞ্চাৰ হয়। লগতে শ্ৰীমতী অনুৰাধা পৌদৱালৰ ভজন শ্বেয়াৰ কৰে।‘মা অম্বে’ৰ উপাসনাৰে নৱৰাত্ৰিৰ পবিত্ৰ যাত্ৰাক প্ৰতিবিম্বিত কৰে প্ৰধানমন্ত্ৰীয়ে
April 02nd, 10:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মা অম্বে’ৰ উপাসনাৰে নৱৰাত্ৰিৰ পৱিত্ৰ যাত্ৰাক প্ৰতিবিম্বিত কৰে। সকলোকে শুনিবলৈ আহ্বান জনাই তেওঁ দেৱী মাৰ ৰূপৰ প্ৰতি সমৰ্পিত এক প্ৰাৰ্থনা সহভাগ বতৰা কৰে।নৱৰাত্ৰিৰ সময়ত দেৱী দুৰ্গাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে: প্ৰধানমন্ত্ৰী
April 01st, 10:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নৱৰাত্ৰিৰ সময়ত দেৱী মাক পূজা কৰিলে মনলৈ অপৰিসীম শান্তি আহে। তেওঁ লগতে পণ্ডিত ভীমসেন যোশীৰ এটা ভজনো শ্বেয়াৰ কৰে।শান্তি, সুখ আৰু নতুন শক্তিৰ বাৰ্তাৰে নৱৰাত্ৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 31st, 09:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী দুৰ্গাৰ ঐশ্বৰিক কৃপাৰ কথা উল্লেখ কৰি দেশবাসীক সম্ভাষণ জনাইছে। দেৱীৰ কৃপাত ভক্তসকলক কেনেদৰে শান্তি, সুখ আৰু নতুন শক্তি প্ৰদান কৰে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰে। তেওঁ লগতে শ্ৰীমতী ৰাজলক্ষ্মী সঞ্জয়ৰ এটা প্ৰাৰ্থনাও শ্বেয়াৰ কৰে।ছত্তীশগড়ৰ বিলাসপুৰত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 30th, 06:12 pm
ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী ৰমেন ডেকাজী; ৰাজ্যখনৰ জনপ্ৰিয় আৰু সদা সচেষ্ট মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণুদেও সাইজী; কেন্দ্ৰীয় কেবিনেটত মোৰ সন্মানীয় সহকৰ্মী মনোহৰ লালজী; এই অঞ্চলৰ সংসদ সদস্য আৰু কেন্দ্ৰীয় মন্ত্ৰী তোখন সাহুজী; ছত্তীশগড় বিধান সভাৰ অধ্যক্ষ আৰু মোৰ মৰমৰ বন্ধু ৰমন সিংজী; উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাজী; অৰুণ সাহু জী; ছত্তীশগড় চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল; আৰু দূৰদূৰণিৰ পৰা আহি ইয়াত সমবেত হোৱা মোৰ ভাই-ভনীসকল!ছট্টিশগড়ৰ বিলাসপুৰত আধাৰশিলা স্থাপন তথা ৩৩,৭০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 30th, 03:30 pm
আন্তঃগাঁথনি উন্নয়ন বৃদ্ধি আৰু বহনক্ষম জীৱিকাৰ প্ৰসাৰৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণেৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছট্টিশগড়ৰ বিলাসপুৰত কেবাটাও আধাৰশিলা স্থাপন কৰাৰ উপৰি বিভিন্ন প্ৰকল্পৰ কাম আৰম্ভ কৰে, আৰু ৩৩,৭০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প দেশৰ প্ৰতি উৎসৰ্গা কৰে। নৱবৰ্ষৰ শুভক্ষণ আৰু নৱৰাত্ৰিৰ প্ৰথম দিনটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে ছট্টিশগড়ৰ গভীৰ আধ্যাত্মিক আৰু সাংস্কৃতিক তাৎপৰ্যৰ ওপৰত বাখ্যা কৰি ইয়াক মা মহামায়াৰ ভূমি আৰু মা কৌশলৰ মাতৃগৃহ বুলি অভিহিত কৰে। তেওঁ এই শুভ দিনটোত ছট্টিশগড়ত উপস্থিত থাকিবলৈ পোৱাৰ সৌভাগ্য বুলি প্ৰকাশ কৰি নাৰী দেৱীত্বৰ প্ৰতি উৎসৰ্গিত নৱৰাত্ৰিৰ ন দিনৰ বিশেষ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। শেহতীয়াকৈ তেওঁ ভক্ত শিৰোমণি মাতা কৰ্মৰ সন্মানত শেহতীয়াকৈ ডাক টিকট জাৰি কৰা বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে আৰু উল্লেখ কৰে যে সমগ্ৰ জীৱন ভগৱান ৰামৰ নাম জপতেই উৎসৰ্গা কৰা ৰামনামী সমাজৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধাক আলোকপাত কৰি আড়ম্বৰপূৰ্ণতাৰে ৰাম নৱমী উদযাপনৰ দ্বাৰা ছট্টিশগড়ত নৱৰাত্ৰি উৎসৱৰ সমাপন হ’ব। তেওঁ ছট্টিশগড়বাসীক ভগৱান ৰামৰ মাতৃ পৰিয়াল বুলি অভিহিত কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।মহাৰাষ্ট্ৰৰ নাগপুৰত মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেন্টাৰৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 30th, 11:53 am
মই গুড়ি-পড়ৱা আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ! শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত ডাঙৰীয়া, স্বামী গোবিন্দ গিৰি জী মহাৰাজ, স্বামী অবধেশানন্দ গিৰি জী মহাৰাজ, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ নীতিন গাডকাৰী জী, ডঃ অবিনাশ চন্দ্ৰ অগ্নিহোত্ৰী জী, আন-আন বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ সতীৰ্থ, আজি ৰাষ্ট্ৰযজ্ঞৰ এই পবিত্ৰ অনুষ্ঠানত ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছোঁ। আজি চৈত্ৰ শুক্ল প্ৰতিপদৰ এই দিনটো অতিশয় বিশেষ। আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ। আজি দেশৰ ভিন্ন প্ৰান্তত গুড়ি-পড়ৱা, উগাড়ী আৰু নভৰেহ উৎসৱো উদযাপন কৰা হৈছে। আজি ভগৱান ঝুলেলাল জী আৰু গুৰু অংগদ দেৱ জীৰ জন্ম বাৰ্ষিকীও। আমাৰ প্ৰেৰণা, অতি শ্ৰদ্ধাৰ ডাঃ চাহেবৰ জন্ম বাৰ্ষিকীও। আৰু এই বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱময় যাত্ৰাৰ ১০০ বছৰো পূৰ্ণ হৈছে। আজি এই উপলক্ষে স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি শ্ৰদ্ধাৰ ডাঃ চাহেব আৰু শ্ৰদ্ধাৰ গুৰুজীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে
March 30th, 11:52 am
প্ৰধানমন্ত্ৰীয়ে আজি মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁ পৱিত্ৰ ‘নৱৰাত্ৰি উৎসৱ’ৰ আৰম্ভণি উপলক্ষে ‘চৈত্ৰ শুক্লা প্ৰতিপাদ’ৰ তাৎপৰ্য প্ৰসংগত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে আজি ‘গুড়ি পড়ৱা’, ‘উগাড়ি’ আৰু ‘নৱৰেহ’ৰ দৰে উৎসৱ পালন কৰা হৈছে। তেওঁ দিনটোৰ গুৰুত্ব প্ৰসংগত মন্তব্য কৰি কয় যে এইটো দিৱসে ভগৱান ঝুলেলাল আৰু গুৰু অঙ্গদ দেৱৰ জয়ন্তীৰে সংগতি ৰাখে। তেওঁ এই অনুষ্ঠানক অনুপ্ৰেৰণাদায়ক ড০ কে বি হেডগেৱাৰৰ জন্ম জয়ন্তী আৰু ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ (আৰ এছ এছ)ৰ সুন্দৰ যাত্ৰাৰ শতবাৰ্ষিকী বৰ্ষ হিচাপেও স্বীকাৰ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ দিনটোত ‘স্মৃতি মন্দিৰ’ ভ্ৰমণ কৰি ড০ হেডগেৱাৰ আৰু শ্ৰী গোলৱলকাৰ গুৰুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।নৱৰাত্ৰি উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
March 30th, 11:37 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰি উপলক্ষে ৰাইজক সম্ভাষণ জনায়। মাতৃ দেৱীৰ পূজাৰ বাবে উৎসৰ্গিত পণ্ডিত যশৰাজ জীৰ এটি গীতো শ্বেয়াৰ কৰে।লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।নৱৰাত্ৰিৰ নৱমীত দেৱী সিদ্ধিদাত্ৰীক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ
October 11th, 08:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ নৱমীত দেৱী সিদ্ধিদাত্ৰীৰ প্ৰাৰ্থনা কৰে৷নৱৰাত্ৰিৰ অষ্টম দিনা প্ৰধানমন্ত্ৰীয়ে দেৱী মহাগৌৰীক প্ৰাৰ্থনা কৰে
October 10th, 07:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ অষ্টম দিনা দেৱী মহাগৌৰীৰ ওচৰত পূজা অৰ্চনা কৰে।Prime Minister prays to Goddess Kaalaratri on seventh day of Navratri
October 09th, 08:56 am
The Prime Minister, Shri Narendra Modi has prayed to Goddess Kaalaratri on the seventh day of Navratri.নৱৰাত্ৰীৰ ষষ্ঠদিনা দেৱী কাত্যায়নীৰ পূজা অৰ্চনা প্ৰধানমন্ত্ৰীৰ
October 08th, 09:07 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰীৰ ষষ্ঠীত দেৱী কাত্যায়নীৰ পূজা অৰ্চনা কৰে৷Prime Minister Shri Narendra Modi shares Garba song 'Aavati Kalaya Madi Vaaya Kalaya' written by him
October 07th, 10:44 am
Prime Minister Narendra Modi released a Garba song titled Aavati Kalaya Madi Vaaya Kalaya, honoring Goddess Durga during Navratri. He expressed gratitude to singer Purva Mantri and highlighted the unifying spirit of devotion in his post on X.নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱী স্কন্দমাতাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ
October 07th, 08:37 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱী স্কন্দমাতাৰ ওচৰত প্ৰাৰ্থনা কৰে।নৱৰাত্ৰিৰ চতুৰ্থ দিনা দেৱী কুশমাণ্ডাৰ ওচৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰী
October 06th, 08:40 am
নৱৰাত্ৰিৰ চতুৰ্থ দিনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী কুশমাণ্ডাৰ ওচৰত প্ৰাৰ্থনা কৰিছে।