
Developing villages is the first step toward building a Viksit Bharat: PM Modi during Bavaliyali Dham programme
March 20th, 04:35 pm
PM Modi delivered his remarks during Bavaliyali Dham programme related to the Bharwad Samaj of Gujarat via video message. He extended his heartfelt greetings to Mahant Shri Ram Bapu ji, the community leaders, and the devotees. PM highlighted his long-standing connection with the Bharwad community and Bavaliyali Dham, lauding the community's dedication to service. He emphasized the importance of preserving indigenous cattle breeds and highlighted the National Gokul Mission.
PM Modi addresses programme of Bavaliyali Dham
March 20th, 04:30 pm
PM Modi delivered his remarks during Bavaliyali Dham programme related to the Bharwad Samaj of Gujarat via video message. He extended his heartfelt greetings to Mahant Shri Ram Bapu ji, the community leaders, and the devotees. PM highlighted his long-standing connection with the Bharwad community and Bavaliyali Dham, lauding the community's dedication to service. He emphasized the importance of preserving indigenous cattle breeds and highlighted the National Gokul Mission.
লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
February 14th, 08:30 am
থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।থাইলেণ্ডত সম্বাদ (SAMVAD) কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 14th, 08:10 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডত আয়োজিত সম্বাদ (SAMVAD) কাৰ্যসূচীৰ সময়ত ভিডিঅ 'বাৰ্তাৰ জৰিয়তে তেওঁৰ মন্তব্য প্ৰকাশ কৰে। সমাৱেশত ভাষণ দি তেওঁ থাইলেণ্ডত সম্বাদ (SAMVAD) সংস্কৰণত যোগদান কৰি এই অনুষ্ঠানটো সম্ভৱ কৰি তোলাৰ বাবে ভাৰত, জাপান আৰু থাইলেণ্ডৰ বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক প্ৰশংসা কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।PM congratulates Indore and Udaipur on joining the list of 31 Wetland Accredited Cities in the world
January 25th, 05:52 pm
The Prime Minister Shri Narendra Modi today congratulated Indore and Udaipur on joining the list of 31 Wetland Accredited Cities in the world. He remarked that this recognition reflects India’s strong commitment to sustainable development and nurturing harmony between nature and urban growth.‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মেঘালয়ৰ জনসাধাৰণক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে
January 21st, 08:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মেঘালয়বাসীক শুভেচ্ছা জ্ঞাপন কৰে।ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 10:45 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে
January 14th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় পুষ্প প্ৰদৰ্শনীৰ এলানি আলোকচিত্ৰ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 04th, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় পুষ্প প্ৰদৰ্শনীৰ উল্লেখযোগ্য দিশসমূহ শ্বেয়াৰ কৰি অনুষ্ঠানটোৰ সৈতে থকা তেওঁৰ গভীৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত ইয়াৰ বিকাশ তেওঁ প্ৰত্যক্ষ কৰিছিল। শ্ৰী মোদীয়ে জোৰ দি কয় যে এনে অনুষ্ঠানে প্ৰকৃতিৰ সৌন্দৰ্য্যক উদযাপন কৰাই নহয়, বহনক্ষমতাৰ বিষয়ে সজাগতাও প্ৰসাৰিত কৰে।ৰাজস্থানৰ জয়পুৰত ৰাইজিং ৰাজস্থান বিশ্ব বিনিয়োগ সন্মিলন-২০২৪ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 09th, 11:00 am
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বাগদে ডাঙৰীয়া, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা ডাঙৰীয়া, ৰাজস্থান চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, উদ্যোগৰ বন্ধু, ভিন্ন ৰাষ্ট্ৰদূত, দূতাবাসৰ প্ৰতিনিধি, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল।ৰাইজিং ৰাজস্থান গ্ল’বেল ইনভেষ্টমেণ্ট ছামিট উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 09th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ জয়পুৰ প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪ আৰু ৰাজস্থান গ্লোবেল বিজনেছ এক্সপো উদ্বোধন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজস্থানৰ সফলতাৰ যাত্ৰাত আজি আন এটা বিশেষ দিন। তেওঁ পিংক চিটি- জয়পুৰত অনুষ্ঠিত ৰাইজিং ৰাজস্থান গ্লোবেল ইনভেষ্টমেণ্ট ছামিট ২০২৪লৈ সকলো উদ্যোগ আৰু বাণিজ্যৰ নেতৃত্ব, বিনিয়োগকাৰী, প্ৰতিনিধিসকলক অভিনন্দন জনায়। তেওঁ ৰাজস্থান চৰকাৰকো এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।Thanks to collective efforts, India's Tiger population has been increasing over time: PM Modi
December 03rd, 07:10 pm
Lauding the collective efforts of conservation of tigers, the Prime Minister Shri Narendra Modi today remarked that India's Tiger population has been increasing over time. He said that addition of 57th tiger reserve in India was in line with our centuries old ethos of caring for nature.Khodaldham Trust has always pioneered Jan-Seva: PM Modi
January 21st, 12:00 pm
PM Modi addressed the foundation stone laying ceremony of Shri Khodaldham Trust-Cancer Hospital. He added how the Khodaldham Trust has always pioneered Jan-Seva. He remarked that cancer has been a critical disease and the over the last 9 years over 30 cancer hospitals have been developed and 10 more hospitals are in the works.ভিডিঅ' বাৰ্তাৰ জৰিয়তে শ্ৰী খোদালধাম ট্ৰাষ্ট-কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
January 21st, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী খোদালধাম ট্ৰাষ্ট-কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়৷ডেৰাডুনত উত্তৰাখণ্ড গ্ল’বেল ইনভেষ্টৰ্ছ ছামিট ২০২৩ৰ উদ্বোধনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 08th, 12:00 pm
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী, ইয়াৰ জনপ্ৰিয় আৰু যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী, চৰকাৰৰ মন্ত্ৰীগণ, বিভিন্ন দেশৰ প্ৰতিনিধিগণ, উদ্যোগ জগতৰ বিশিষ্ট ব্যক্তিসকল, ভদ্ৰমহিলা আৰু সজ্জনসকল!প্ৰধানমন্ত্ৰীয়ে 'উত্তৰাখণ্ড বিশ্ব বিনিয়োগ সন্মিলন ২০২৩' উদ্বোধন কৰে
December 08th, 11:26 am
উদ্যোগৰ নেতৃবৃন্দইও অনুষ্ঠানটোত তেওঁলোকৰ মতামত ব্যক্ত কৰে। আদানি গ্ৰুপৰ সঞ্চালক আৰু পৰিচালনা সঞ্চালক (কৃষি, তেল আৰু গেছ) শ্ৰী প্ৰণৱ আদানীয়ে কয় যে সাম্প্ৰতিক সময়ত ইয়াৰ বিকাশৰ প্ৰতি ৰাজ্যৰ দৃষ্টিভংগীৰ বাবে উত্তৰাখণ্ড ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ বাবে আটাইতকৈ আকৰ্ষণীয় গন্তব্য স্থান হৈ পৰিছে। যাৰ একক পইণ্ট অনুমোদন, প্ৰতিযোগিতামূলক ভূমিৰ মূল্য, সুলভ শক্তি, উচ্চ দক্ষ জনশক্তি আৰু ৰাষ্ট্ৰীয় ৰাজধানীৰ ওচৰত এক অতি স্থিৰ আইন আৰু পৰিৱেশ শৃংখলা আছে। শ্ৰী আদানীয়ে ৰাজ্যখনত সম্প্ৰসাৰণ আৰু অধিক বিনিয়োগ তথা নিয়োগ অনাৰ পৰিকল্পনাৰ বিষয়ে বৰ্ণনা কৰে। তেওঁ উত্তৰাখণ্ড ৰাজ্যৰ নিৰন্তৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে ভাৰতৰ জনসাধাৰণৰ তেওঁৰ ওপৰত অভূতপূৰ্ব আস্থা আৰু বিশ্বাস আছে।ড্ৰাগছৰ অপব্যৱহাৰ বিৰোধী অভিযানত যুৱ সমাজৰ ব্যাপক অংশগ্ৰহণ অতিশয় উৎসাহজনকঃ মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 30th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে বহুত বহুত আদৰণি জনাইছো৷ জুলাই মাহ, অৰ্থাৎ বৰষুণ বতৰ৷ বিগত কিছুদিন ধৰি প্ৰাকৃতিক দুৰ্যোগৰ বাবে, চিন্তা আৰু উদ্বেগপূৰ্ণ হৈ আছে৷ যমুনাসহ কেইবাখনো নদীৰ বানত বহু অঞ্চলৰ লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে৷ পাহাৰীয়া এলেকাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷ সেই সময়ছোৱাত দেশৰ পশ্চিমাঞ্চলত, কিছু দিন পূৰ্বে গুজৰাটত বিভিন্ন অঞ্চলত বিপৰ্যয় ঘূৰ্ণীবতাহ আহিছিল৷ কিন্তু বন্ধুসকল, এই দুৰ্যোগৰ মাজতো আমি সকলো দেশবাসী পুনৰ দেখুৱাই দিলো যে সামূহিক প্ৰচেষ্টাৰ শক্তি কিমান৷ স্থানীয় লোকসকলে, আমাৰ এনডিআৰএফ জোৱানসকলে, স্থানীয় প্ৰশাসনৰ লোকসকলে দিনে-ৰাতিয়ে লাগি এই দুৰ্যোগৰ মোকাবিলা কৰিলে৷ যিকোনো ধৰণৰ দুৰ্যোগ প্ৰশমনত আমাৰ সামৰ্থ্য আৰু সম্পদৰ ভূমিকা অধিক-কিন্তু ইয়াৰ সমান্তৰালভাৱে আমাৰ সংবেদনশীলতা আৰু এজনে আনজনক হাতে হাত ধৰাটো সিমানেই গুৰুত্বপূৰ্ণ৷ সৰ্বজন হিতায়ৰ এই ভাৱনা ভাৰতৰ পৰিচয়ৰ লগতে শক্তিও৷১৮.০৬.২০২৩ত ‘মন কী বাত’ অনুষ্ঠানৰ ১০২খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 18th, 11:30 am
‘মন কী বাত’লৈ আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো৷ সাধাৰণতে ‘মন কী বাত’ প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰচাৰিত হয়, কিন্তু এইবাৰ এসপ্তাহ পূৰ্বেই প্ৰচাৰ হৈছে৷ আপোনালোক সকলোৱে জানে যে অহা সপ্তাহত মই আমেৰিকাত থাকিম আৰু তাত বহুত ব্যস্ত কাৰ্যসূচী থাকিব আৰু সেইবাবে মই ভাবিলো, তালৈ যোৱাৰ পূৰ্বে আপোনালোকৰ সৈতে কথা পাতি লোৱাটোৱেই ভাল হ’ব, নহয়নে? জনতা-জনাৰ্দনৰ আশীৰ্বাদ, আপোনালোকৰ প্ৰেৰণাই মোৰ শক্তি বৃদ্ধি কৰিব৷