নতুন দিল্লীৰ ভাৰত টেক্স ২০২৪ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 26th, 11:10 am
কেবিনেটত থকা মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, দৰ্শনা জাৰ্দোশজী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ কূটনীতিবিদ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ফেশ্বন আৰু বস্ত্ৰ জগতৰ সৈতে জড়িত সকলো সহকৰ্মী, যুৱ উদ্যোগী, শিক্ষাৰ্থী, আমাৰ শিপিনী আৰু আমাৰ শিল্পী বন্ধু, মহিলা আৰু ভদ্ৰলোকসকল! ভাৰত মণ্ডপমত চলি থকা ভাৰত টেক্সলৈ আপোনালোক সকলোকে অভিনন্দন! আজিৰ এই অনুষ্ঠানটো নিজেই অতি বিশেষ। বিশেষ এইবাবেই যে ই ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ, ভাৰত মণ্ডপম আৰু যশোভুমিত দুয়োটা একেলগে হৈ আছে। আজি, ৩,০০০ ৰো অধিক প্ৰদৰ্শক... ১০০ খন দেশৰ প্ৰায় ৩,০০০ ক্ৰেতা... ৪০,০০০ৰো অধিক বাণিজ্য দৰ্শনাৰ্থী... একেলগে এই অনুষ্ঠানটোৰ সৈতে জড়িত। এই অনুষ্ঠানটোৱে বস্ত্ৰ পৰিৱেশতন্ত্ৰৰ সকলো অংশীদাৰ আৰু সেই লোকসকলক সমগ্ৰ মূল্য শৃংখলাটোৰ বাবে একত্ৰিত হ'বলৈ এখন মঞ্চ প্ৰদান কৰিছে।নতুন দিল্লীত ভাৰত টেক্স ২০২৪ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 26th, 10:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত টেক্স ২০২৪লৈ সকলোকে আদৰণি জনাই কয় যে আজিৰ এই অনুষ্ঠানটো বিশেষ কাৰণ ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ ক্ৰমে ভাৰত মণ্ডপম আৰু যশোভূমিত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। তেওঁ প্ৰায় ১০০খন দেশৰ ৩০০০ৰো অধিক প্ৰদৰ্শক আৰু ব্যৱসায়ী আৰু প্ৰায় ৪০,০০০ দৰ্শনাৰ্থীৰ সংগঠনক স্বীকাৰ কৰে, কিয়নো ভাৰত টেক্সে তেওঁলোক সকলোকে এক মঞ্চ প্ৰদান কৰিছে৷‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
August 07th, 04:16 pm
কেইদিনমান আগতে ‘ভাৰত মণ্ডপম’ৰ এক বিশাল উদ্বোধন কৰা হৈছে। আপোনালোকৰ বহুতেই চাগৈ আগতে ইয়ালৈ আহিছিল আৰু শিবিৰ স্থাপন কৰি নিজাকৈ একোখন পৃথিৱী স্থাপন কৰিছিল। আজি আপোনালোকে ইয়াত এখন পৰিৱৰ্তিত দেশৰ প্ৰতিচ্ছৱি দেখিবলৈ পাইছে। আৰু, আজি আমি এই ‘ভাৰত মণ্ডপম’ত ‘নেশ্যনেল হেণ্ডলুম ডে’’- ‘ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস’ উদযাপন কৰিছোঁ। ‘ভাৰত মণ্ডপম’ৰ এই বিশালতাত ভাৰতৰ হস্ততাঁত উদ্যোগেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুনৰ সৈতে প্ৰাচীনৰ এই সঙ্গমে আজিৰ ভাৰতক সংজ্ঞায়িত কৰে। আজিৰ ভাৰতে কেৱল ‘লোকেল’-ৰ প্ৰতিয়েই ‘ভোকেল’-ৰ ভূমিকা পালন কৰা নাই, বৰঞ্চ ইয়াক বিশ্বজোৰা কৰি তুলিবৰ বাবে এক গোলকীয় মঞ্চও প্ৰদান কৰিছে। অলপ আগতে মই কিছুসংখ্যক শিপিনী সহকৰ্মীৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলোঁ। সমগ্ৰ দেশৰ বহুতো হস্ততাঁত গোটৰ আমাৰ শিপিনী ভাই-ভনীসকল দূৰদূৰণিৰ পৰা ইয়ালৈ আহিছে আৰু আমাৰ সৈতে সংযুক্ত হৈছে। এই বিশাল অনুষ্ঠানটোলৈ মই আপোনালোক সকলোকে হৃদয়েৰে স্বাগতম জনাইছোঁ, মই আপোনালোকক অভিনন্দন জনাইছোঁ।নতুন দিল্লীত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ প্ৰধানমন্ত্ৰীৰ
August 07th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনত ভাষণ দি নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বনে প্ৰস্তুত কৰা ‘ভাৰতীয় বস্ত্ৰ এৱম শিল্প কোষ - বস্ত্ৰশিল্প আৰু শিল্পকৰ্মৰ ভঁৰাল’ ই-প’ৰ্টেল মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত প্ৰদৰ্শনীখন পৰিদৰ্শন কৰি শিপিনীসকলৰ সৈতে মত বিনিময় কৰে।Revamping cloth industry in Kashi
March 02nd, 06:50 pm
“We have to transform India’s economy. On one hand manufacturing sector is to be enhanced, while on the other side, we have to make sure it directly benefits the youth. They must get jobs so that lives of poorest of the poor stands transformed and they come out of the poverty line. Enhancing their purchasing power would increase the number of manufacturers, manufacturing growth, employment opportunities and expand the market.” –Narendra ModiPM’s interaction through PRAGATI
February 17th, 05:30 pm