জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী পাঠ
August 31st, 10:30 am
কাৰ্যসূচীত উপস্থিত থাকে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ জী, ন্যায়াধীশ শ্ৰী সঞ্জীৱ খান্না জী, ন্যায়াধীশ বি আৰ গাৱৈ জী, দেশৰ আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল জী, এটৰ্নী জেনেৰেল আৰ ভেংকট ৰমণি জী, উচ্চতম ন্যায়ালয়ৰ বাৰ কাউন্সিলৰ অধ্যক্ষ শ্ৰীযুত। কপিল ছিবাল জী, ভাৰতীয় বাৰ কাউন্সিলৰ সভাপতি ভাই মনন কুমাৰ মিশ্ৰ, উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, জিলা ন্যায়াধীশ, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰ মহিলাসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে
August 31st, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠাৰ ৭৫ বছৰ পূৰ্তিৰ স্মৃতিত ডাকটিকট আৰু মুদ্ৰাও মুকলি কৰে। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ উদ্যোগত আয়োজিত এই দুদিনীয়া সন্মিলনত জিলা ন্যায়পালিকাৰে সম্পৰ্কীয় বিষয়সমূহ যেনেঃ আন্তঃগাঁথনি আৰু মানৱ সম্পদ, সকলোৰে বাবে অন্তৰ্ভুক্ত আদালত কক্ষ, ন্যায়িক সুৰক্ষা আৰু ন্যায়িক কল্যাণ, গোচৰ ব্যৱস্থাপনা আৰু ন্যায়িক প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা আৰু বিচাৰ-বিবেচনাৰ বাবে পাঁচ কৰ্ম অধিৱেশন অনুষ্ঠিত হ’ব।৩১ আগষ্টত ‘জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
August 30th, 04:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ আগষ্ট, ২০২৪ তাৰিখে নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত পুৱা ১০ বজাত ‘জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলন’ উদ্বোধন কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ‘ভাৰতৰ উচ্চতম ন্যায়ালয়’ স্থাপনৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰস্তুত কৰি উলিওৱা এটি ‘স্মাৰক ডাক টিকট’ আৰু ‘মুদ্ৰা’ উন্মোচন কৰিব।