প্ৰাকৃতিক কৃষিৰ ওপৰত ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

December 16th, 04:25 pm

গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰতজী, গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত ভাই শ্বাহ, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰজী, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপিন্দৰ ভাই পেটেলজী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, আন সকলো গণ্যমান্য ব্যক্তি, মোৰ কৃষক ভাই-ভনী, দেশৰ সকলো কোণৰ পৰা অহা হাজাৰ হাজাৰ লোক, দেশৰ কৃষি খণ্ড, দেশৰ কৃষি খণ্ডৰ হাজাৰ হাজাৰ লোক, আজিৰ দিনটো কৃষিৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। মই সমগ্ৰ দেশৰ কৃষক সহকৰ্মীসকলক প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় সন্মিলনত যোগদান কৰিবলৈ আহ্বান জনাইছিলো। আৰু কৃষি মন্ত্ৰী টোমৰজীয়ে এইমাত্ৰ উল্লেখ কৰাৰ দৰে, প্ৰায় ৮ কোটি কৃষক প্ৰযুক্তিৰ জৰিয়তে দেশৰ সকলো কোণৰ পৰা আমাৰ সৈতে জড়িত হৈ আছে। মই সকলো কৃষক ভাই-ভনীক স্বাগতম জনাইছো আৰু অভিনন্দন জনাইছো। মই আচাৰ্য দেৱব্ৰতজীকো অভিনন্দন জনাইছো। মই আজি তেওঁৰ কথা শুনি আছিলো, যেনেকৈ এজন শিক্ষাৰ্থীয়ে অতি মনোযোগেৰে শুনে। মই নিজে এজন কৃষক নহয়, কিন্তু অতি সহজে মই বুজি পাইছিলো যে প্ৰাকৃতিক কৃষিৰ বাবে কি প্ৰয়োজন, কি কৰিব লাগে, অতি সৰল শব্দত, তেওঁ ব্যাখ্যা কৰিছিল ৷ কাৰণ মই জানিছিলো যে তেওঁলোকে লাভ কৰা সফলতাই পৰীক্ষাটো আগবঢ়াই নিছিল। আমাৰ দেশৰ কৃষকসকলে তেওঁলোকৰ লাভালাভৰ এই বিষয়টোক কেতিয়াও অৱমূল্যায়ন নকৰিব, কেতিয়াও পাহৰিব নোৱাৰিব।

‘প্ৰাকৃতিক কৃষি সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলন’ত কৃষকসকলক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে

December 16th, 10:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থা’ৰে ‘প্ৰাকৃতিক কৃষি সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলন’ত কৃষকসকলক সম্বোধন কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অমৃত শ্বাহ, শ্ৰী নৰেন্দ্ৰ সিং টোমৰ, গুজৰাটৰ ৰাজ্যপাল, গুজৰাট আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়ো এই সন্মিলনত উপস্থিত থাকে।

PM to address farmers during National Conclave on Natural Farming on 16th December

December 14th, 04:48 pm

Prime Minister Narendra Modi will address the farmers during the valedictory session of the National Conclave on Natural Farming on 16th December 2021 at 11 AM in Anand, Gujarat via video conferencing. The Summit brings in focus on natural farming. Farmers will be provided with all requisite information detailing the benefits of adopting natural farming methods.