এটা ক্ষেত্ৰত হৈ থকা গৱেষণাক আন এটা ক্ষেত্ৰতো ব্যৱহাৰ আৰু উদ্ভাৱনীয়তাক সংস্থাগত ৰূপ প্ৰদানৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
January 04th, 03:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গৱেষণা বা অনুসন্ধানক মানুহৰ আত্মাৰ দৰে এক আত্মিক পদক্ষেপ বুলি উল্লেখ কৰিছে। তেওঁ কয় যে চৰকাৰে এটা ক্ষেত্ৰত চলি থকা গৱেষণাক আন এটা ক্ষেত্ৰতো ব্যৱহাৰ কৰিবলৈ আৰু ন ন উদ্ভাৱনক সংস্থাগত ৰূপ প্ৰদান কৰিবৰ বাবে দুটা লক্ষ্যৰে কাম কৰিবলৈ লৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেশ্যনেল মেট্ৰ’ল’জী কনক্লেভ ২০২১ উদ্বোধন কৰি অভ্যাগতসকলক সম্বোধন কৰে। তেওঁ এই সংক্ৰান্তত এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে নেশ্যনেল এট’মিক টাইমস্কেল আৰু ভাৰতীয় নিৰ্দেশক দ্ৰব্য প্ৰণালীকো দেশৰ প্ৰতি উৎসৰ্গা কৰে আৰু নেশ্যনেল এনভিৰণমেণ্টেল ষ্টেণ্ডাৰ্ড লেবৰেটৰীৰ আধাৰশিলাও মুকলি কৰে।