স্বামীত্ব আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ২৪ এপ্ৰিলত ই-সম্পত্তি কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰি

April 23rd, 07:07 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলৰ (ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস) দুপৰীয়া ১২ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে স্বামীত্ব আঁচনিৰ অধীনত ই-সম্পত্তি কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। এই উপলক্ষে ৪.০৯ লাখ সম্পত্তিৰ মালিকক তেওঁলোকৰ ই-সম্পত্তি কাৰ্ড প্ৰদান কৰা হ’ব, যাৰ জৰিয়তে সমগ্ৰ দেশতে স্বামীত্ব আঁচনিৰ ৰূপায়ণ আৰম্ভ হৈ পৰিব। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব।