মহাৰাষ্ট্ৰৰ ৱাছিমত কৃষি আৰু পশুপালন খণ্ডৰ পদক্ষেপ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত ৰূপ
October 05th, 12:05 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণন জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী একনাথ শিণ্ডে জী, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ শিৱৰাজ সিং চৌহান, ৰাজীৱ ৰঞ্জন সিং, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীচ, অজিত পাৱাৰ, অন্যান্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক আৰু দূৰ-দূৰণিৰ পৰা অহা বঞ্জাৰা সম্প্ৰদায়ৰ ভাই-ভনীসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক ভাই-ভনীসকল, আৰু আন সকলো গণ্যমান্য ব্যক্তি, আৰু মোৰ মহাৰাষ্ট্ৰৰ ভাই-ভনীসকল, এই পবিত্ৰ ৱাছিম ভূমিৰ পৰা পোহৰাদেৱী মাতাক প্ৰণাম জনাইছো।মহাৰাষ্ট্ৰৰ ৱাছিমত প্ৰায় ২৩,৩০০ কোটি টকাৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত বিভিন্ন পদক্ষেপ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 05th, 12:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ ৱাছিমত প্ৰায় ২৩,৩০০ কোটি টকাৰ কৃষি আৰু পশুপালন খণ্ডৰ সৈতে জড়িত বিভিন্ন পদক্ষেপৰ শুভাৰম্ভ কৰে। এই পদক্ষেপসমূহৰ ভিতৰত আছে পি এম-কিষাণ সন্মান নিধিৰ অষ্টাদশ কিস্তি বিতৰণ, নমো শেটকাৰী মহাসন্মান নিধি যোজনাৰ পঞ্চম কিস্তি মুকলি, কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৭,৫০০ৰো অধিক প্ৰকল্পৰ উৎসৰ্গা, ৯,২০০ কৃষক উৎপাদক সংগঠন, পাঁচখন সৌৰ উদ্যান সমগ্ৰ মহাৰাষ্ট্ৰত মুঠ ১৯ মেগাৱাট ক্ষমতাসম্পন্ন আৰু গৰু আৰু থলুৱা লিংগ-বিভাজিত বীৰ্য প্ৰযুক্তিৰ বাবে ইউনিফাইড জিনমিক চিপ মুকলি কৰা হয়৷